নগাঁওঃ লখিমপুৰত অসমীয়া প্ৰতিদিন কাকতৰ কাৰ্যালয়ত ৯ এপ্ৰিলৰ নিশা কোনো দুস্কৃতিকাৰীয়ে আক্ৰমণ কৰি কাৰ্যালয় ক্ষতিগ্ৰস্ত কৰা ঘটনাই সমগ্ৰ নগাঁও জিলাৰ সংবাদ মহলে তীব্ৰ প্ৰতিবাদ জনোৱাৰ লগতে এই কাৰ্যৰ গৰিহণা দিয়ে (Assam Media Attack Protest)।
নগাঁও প্ৰিণ্ট মিডিয়াৰ এছ’চিয়েশ্বনে এক বিবৃতি যোগে এই অবাঞ্চিত কাৰ্যৰ গৰিহণা দি কয় যে, সংবাদ মাধ্যমৰ ওপৰত কৰা এই আক্ৰমণৰ ঘটনা গণতন্ত্ৰৰ ওপৰত আক্ৰমণ। এই আক্ৰমণ কেৱল এখন বাতৰি কাকতৰ কাৰ্যালয়ত কৰা আক্ৰমণ নহয়, এয়া হৈছে সমগ্র সংবাদ মাধ্যমৰ ওপৰত কৰা আক্ৰমণ। এনে কাৰ্যই ভাৰতীয় গণতন্ত্ৰৰ মৌলিক অধিকাৰ বাক্ স্বাধীনতাৰ ওপৰত আক্ৰমণ কৰিছে বুলি নগাঁও প্ৰিণ্ট মিডিয়া এছ’ চিয়েশ্বনে মন্তব্য কৰে।
এছ’ চিয়েশ্বনে এই ঘটনাৰ লগত জড়িত সকলো দুস্কৃতিকাৰীক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবলৈ চৰকাৰক দাবী জনাই। এছ’চিয়েশ্বনে সংবাদ মাধ্যম আৰু সাংবাদিকৰ নিৰাপত্তা ,মানুহৰ বাক্- মত প্ৰকাশৰ অধিকাৰ সুৰক্ষিত কৰি ৰখাৰ দাবী জনায়।
আনহাতে, লক্ষীমপুৰত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত সংঘটিত এনে আক্ৰমণক কঠোৰ ভাষাত নিন্দা কৰিছে নগাঁও প্ৰেছ ক্লাব, আজুৰ নগাঁও জিলা সমিতি আৰু বাৰ্তা জীবি সংঘৰ নগাঁও জিলা সমিতিয়েও। তেওঁলোকে এক বিবৃতিত এই কাৰ্য্যত জড়িত দুস্কৃতিকাৰীক অতিশীঘ্ৰে ই গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তিমুলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।
লগতে পঢ়কঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমীয়া বিভাগত ১০০ নম্বৰেৰে উজ্বলিল মাহীন চুলতান

