Tiwa Sahitya Sabha Raises Strong Opposition Against Land Acquisition in Jagiroadজোঙাল বলহু গড়ত তিৱা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভা

নগাঁওঃ জোঙাল বলহু গড় উদ্যান স্থলীত তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাখনি সফলতাৰে অনুষ্ঠিত হয় (Tiwa Sahitya Sabha)। সভাত তিৱা জাতিৰ ভাষা, শিক্ষা, ভূমি, সাংস্কৃতিক সুৰক্ষা তথা সামগ্ৰিক জাতীয় অস্তিত্বৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত বিস্তৃত আলোচনা অনুষ্ঠিত হয় আৰু কেইবাটাও গুৰুত্বপূৰ্ণ পূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সভাত বিশেষকৈ শেহতীয়াকৈ জাগীৰোডৰ সিন্ধিশৰ আৰু নলধৰা গাঁৱৰ ঐতিহাসিক গোভা ৰাজ্যৰ খিলঞ্জীয়া ভূমিপুত্ৰ তিৱা জনগোষ্ঠীৰ ভূমি চৰকাৰে উপ নগৰ স্থাপনৰ নামত হস্তগত কৰাৰ পৰিকল্পনা সম্পৰ্কে গভীৰ উদ্বেগ প্ৰকাশ কৰা হয়। তিৱা সাহিত্য সভাই স্পষ্টভাৱে উল্লেখ কৰে যে, সভা কেতিয়াও উন্নয়নবিৰোধী নহয়; কিন্তু উন্নয়নৰ নামত খিলঞ্জীয়া ভূমিপুত্ৰ তিৱা সকলৰ ভূমি কৌশলেৰে হস্তগত কৰাৰ যিকোনো প্ৰচেষ্টা নিন্দনীয় আৰু অগ্ৰহণযোগ্য। তিৱা জাতিৰ ভূমি, সমাজ আৰু অস্তিত্ব বিপন্ন কৰিব পৰা যিকোনো পদক্ষেপৰ বিৰুদ্ধে তিৱা সাহিত্য সভাই সদায় দৃঢ়ভাৱে থিয় দিব বুলি সভাই মত প্ৰকাশ কৰে। লগতে চৰকাৰক এই পৰিকল্পনাৰ পৰা আঁতৰি থাকিবলৈ দাবী জনোৱা হয়।

ইয়াৰ উপৰিও, জাগীৰোডৰ দেওশালত দীৰ্ঘদিন ধৰি তিৱা সাহিত্য সভাই দখল কৰি অহা মাটিখিনি ছেমি-কণ্ডাক্টৰ প্ৰকল্পৰ নামত বহিঃশক্তি বা বনিয়া গোষ্ঠীক হস্তান্তৰ কৰা বিষয়টো সভাই তীব্ৰ বিৰোধিতা কৰে। ভাষা, কৃষ্টি-সংস্কৃতি আৰু ভূমিৰ সুৰক্ষা প্ৰদানৰ প্ৰতিশ্ৰুতিৰে গঠিত বৰ্তমানৰ চৰকাৰখনক এই বিষয়ত সংবেদনশীল আৰু ন্যায়সঙ্গত পদক্ষেপ গ্ৰহণ কৰি খিলঞ্জীয়া জনগোষ্ঠীৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ সভাই দাবী জনায়।

সভাত তিৱা ভাষা মাধ্যম প্ৰাথমিক বিদ্যালয়ত প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে বিজেপি নেতৃত্বাধীন অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰা হয়। কিন্তু একে সময়তে তিৱা ভাষাৰ শিক্ষক নিযুক্তি নিদিয়াকৈ, উপযুক্ত শিক্ষানীতি, পাঠ্যক্ৰম, পাঠদান ব্যৱস্থা আৰু প্ৰশিক্ষিত মানৱ সম্পদৰ ব্যৱস্থা নকৰাকৈ তিৱা মাধ্যম প্ৰৱৰ্তন কৰা কাৰ্য ফলপ্ৰসূ বা বাস্তৱসন্মত নহয় বুলি সভাই মত প্ৰকাশ কৰে। সভাৰ মতে, এনে অপৰিকল্পিত সিদ্ধান্তই তিৱা ভাষা আৰু তিৱা সমাজৰ মৰ্য্যদাক হ্ৰাস কৰাৰ লগতে ভূমিপুত্ৰ জনগোষ্ঠীক অপমানিত কৰাৰ অনুভূতি সৃষ্টি কৰিছে। সেয়েহে, তিৱা মাধ্যম শিক্ষা ব্যৱস্থা ফলপ্ৰসূ ৰূপে কাৰ্যকৰী কৰাৰ উদ্দেশ্যে শীঘ্ৰে এক সুসংগঠিত শিক্ষানীতি প্ৰস্তুত কৰা আৰু অতি সোনকালে তিৱা ভাষা শিক্ষক নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনোৱা হয়।

ইয়াৰ লগতে চলিত বৰ্ষৰ ডিচেম্বৰ মাহত তিৱা সাহিত্য সভাৰ মধ্যকালীন অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়, য’ত ভাষা, সাহিত্য, সাংগঠনিক শক্তিশালীকৰণ আৰু জাতীয় সমস্যাসমূহৰ ওপৰত অধিক সুদূৰপ্ৰসাৰী আলোচনা আগবঢ়োৱা হ’ব।

সভাত ভাষা সংৰক্ষণ আৰু প্ৰচাৰৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে “ভাষা গৌৰৱ আঁচনি”ৰ অধীনত লাভ কৰা কৰ্পাছ ফাণ্ডৰ নিৰ্দিষ্ট পুঁজিৰ সুতৰ ধন ব্যৱহাৰ কৰি তিৱা ভাষা শিকাৰ হাতপুথি, তিৱা–অসমীয়া ব্যাকৰণ গ্ৰন্থ আৰু আন কেইবাখনো মূল্যৱান প্ৰয়োজনীয় গ্ৰন্থ প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাই মত প্ৰকাশ কৰে যে, ভাষা আৰু সাহিত্যৰ উন্নয়ন অবিহনে জাতীয় চেতনাৰ বিকাশ অসম্ভৱ।

তিৱা সাহিত্য সভাই পুনৰ স্পষ্ট কৰি দিয়ে যে, তিৱা জাতিৰ ভাষা, কৃষ্টি-সংস্কৃতি, ভূমি আৰু জাতীয় অস্তিত্ব সুৰক্ষাৰ ক্ষেত্ৰত সভা সদায় আপোচহীন ভূমিকা গ্ৰহণ কৰি আহিছে আৰু ভৱিষ্যততো সেই ধাৰা অব্যাহত ৰাখিব। তিৱা জনগোষ্ঠীৰ ন্যায্য অধিকাৰ, মৰ্যাদা আৰু স্বকীয়তা সুৰক্ষাৰ স্বাৰ্থত গণতান্ত্ৰিক আৰু সাংবিধানিক পথত প্ৰয়োজনীয় সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব।

লগতে পঢ়কঃ বেবেজীয়া-দক্ষিণপাট-বৰক’লা সংযোগী পথৰ বিধস্ত ৰূপ


Advertisement