DC Distributes Laptops to 51 Digital Banking Sakhis in Nagaonগ্ৰাম্যাঞ্চলত ডিজিটেল লেনদেনৰ প্ৰসাৰৰ উদ্দেশ্যে নগাঁৱৰ ৫১ গৰাকী সখীৰ মাজত লেপটপ বিতৰণ জিলা আয়ুক্তৰ

নগাঁও: নগাঁও জিলাৰ গ্ৰাম্যাঞ্চলত ডিজিটেল লেনদেনৰ প্ৰক্ৰিয়া আৰু অধিক প্ৰসাৰ তথা সৰল কৰাৰ উদ্দেশ্যে কালি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কালি জিলাখনৰ গ্ৰামীণ অৰ্থনীতিক ডিজিটেল দিশেৰে আগুৱাই নিয়াত উৎকৃষ্ট পাৰদৰ্শিতা প্ৰদৰ্শন কৰা নগাঁও জিলাৰ নিৰ্বাচিত বেংকিং প্ৰতিনিধি (বিচি) সখী আৰু ডিজিটেল লেনদেনকাৰী (ডিজিপে) সখীসকলক (Digital Banking Sakhi Nagaon) আনুষ্ঠানিকভাৱে একোটাকৈ লেপটপ বিতৰণ কৰে ।

সখীসকলৰ ডিজিটেল সেৱা প্ৰদানৰ ক্ষমতা আৰু অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচীত সৰ্বমুঠ ৫১ টা লেপটপ প্ৰদান কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ অধীনত জিলাখনত ১৩ টা উন্নয়ন খণ্ডতে অসম গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত গ্ৰাম্যাঞ্চলত মানুহৰ পদুলিতে সহজ বেংক সেৱা প্ৰদান কৰি অহা এই বেংকিং প্ৰতিনিধি সখী আৰু ডিজিপে সখীসকলৰ মাজত লেপটপ বিতৰণৰ লগতে তেওঁলোকৰ সৈতে জিলা আয়ুক্তই মতবিনিময়ো কৰে।

এই উপলক্ষে দিয়া ভাষণত জিলা আয়ুক্ত শৰ্মাই কয় যে, এই সখীসকলে দীৰ্ঘদিন ধৰি আমাৰ গ্ৰাম্যাঞ্চলসমূহত সহজ লভ্য বেংকিং সেৱা প্ৰদানৰ লগতে আৰ্থিক সাক্ষৰতা নিশ্চিতকৰণ আৰু ডিজিটেল লেনদেনৰ প্ৰসাৰত এক অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বিতৰণ কৰা এই লেপটপসমূহে তেওঁলোকৰ কৰ্মক্ষমতা আৰু সেৱা প্ৰদানৰ মান বহুগুণে বৃদ্ধি কৰিব বুলি তেওঁ দৃঢ় আশা প্ৰকাশ কৰে, যাৰ জৰিয়তে নগাঁও জিলাৰ প্ৰতিটো অৱহেলিত তথা দুৰ্গম অঞ্চললৈ ডিজিটেল আৰু আৰ্থিক সেৱাসমূহ অতি সহজতে বিস্তাৰিত হ’ব।

উক্ত অনুষ্ঠানত, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ নগাঁও জিলা প্ৰকল্প পৰিচালক শংখপ্ৰবাল শ্যাণ্ডিল্যৰ লগতে খাগৰিজান উন্নয়ন খণ্ডৰ খণ্ড প্ৰকল্প প্ৰবন্ধক মিন্টু ডেকা, বঢ়মপুৰ উন্নয়ন খণ্ডৰ প্ৰকল্প প্ৰবন্ধক চন্দন বৰবৰা আৰু গড়াজান উন্নয়ন খণ্ডৰ প্ৰকল্প প্ৰবন্ধক ঋতু কলিতাকে প্ৰমুখ্য কৰি জিলাখনৰ অন্যান্য বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।

লগতে পঢ়কঃ নগাঁৱত কোচৰাজবংশী ছাত্ৰ সন্থাৰ সম্বৰ্ধনা অনুষ্ঠান


Advertisement