Assam Youth Found Dead Under Mysterious Circumstances Near Hyderabad Railway Trackপুনৰ বহিঃৰাজ্যত ৰহস্যজনক অৱস্থাত অসমীয়া যুৱকৰ মৃত্যু

নগাঁওঃ বিগত সময়ত কামৰ সন্ধানত বহিঃৰাজ্যলৈ যোৱা বহু কেইজন যুৱকৰ বহিঃৰাজ্যত ৰহস্যজনকভাৱে মৃত্যু হৈছে (Assam Youth Death in Hyderabad)। শেহতীয়াকৈ পুনৰ এজন অসমীয়া যুৱকৰ বহিঃৰাজ্যত মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। নগাঁও জিলাৰ বেবেজীয়া আৰক্ষী চকীৰ অন্তৰ্গত জামুগুৰিৰ হেমকান্ত নাথ আৰু ক্ষীৰমাই দেৱীৰ পুত্ৰ লক্ষী প্ৰসাদ নাথ (জোন) নামৰ ৪৫ বছৰীয়া যুৱকজনৰ মৃতদেহ ৰহস্যজনক অৱস্থাত অন্ধ্ৰ প্ৰদেশ আৰু হায়দৰাবাদৰ মাজৰ ৰেলপথৰ দাঁতিত পৰি থকা অৱস্থাত উদ্ধাৰ হয়।

উল্লেখ্য যে, যোৱা ৩ জুনত যুৱকজন কামৰ সন্ধানত বুলি হায়দৰাবাদলৈ যাত্ৰা কৰিছিল। কিন্তু গন্তব্যস্থল পোৱাৰ আগতেই বিজয় বড়া ৰেল ষ্টেচনৰ ওচৰত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হয়। ৰেল আৰক্ষীয়ে যুৱকজনৰ লগত থকা বিভিন্ন নথিপত্ৰৰ জৰিয়তে যুৱকজন অসমৰ নগাঁও জিলাৰ বুলি জানিব পাৰি পৰিয়ালৰ লগত যোগাযোগ কৰে। যুৱক জনৰ মৃত্যুয়ে পৰিয়ালটোলৈ লৈ অমানিশা নমাই আনিছে।
পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী যুৱকজনৰ মৃত্যুত পৰিয়ালটোৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । জানিব পৰাযতে যুৱকজনে তেওঁৰ পিতৃ-মাতৃ, এজন ভাতৃ, পত্নীৰ লগতে এটি শিশু সন্তানক ইহ সংসাৰত এৰি থৈ গৈছে।

ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে বহিঃ ৰাজ্যত মৃত্যু হোৱা লক্ষী প্ৰসাদ নাথৰ নশ্বৰ দেহ অসমলৈ অনাৰ ব্যৱস্থা কৰি আছে বুলি পৰিয়ালৰ লোকে সংবাদ মাধ্যমত প্ৰকাশ কৰে। ইতিমধ্যেই যুৱক জনৰ মৃত্যই সমগ্ৰ গাওঁখনতে শোকৰ ছা পেলাইছে।

লগতে পঢ়কঃ আৰক্ষীৰ গুলীত নিহত মৰিকলং ডকাইতি কাণ্ডৰ অন্যতম মূল অভিযুক্ত খাইৰুল


Advertisement