Assamese Sikh Community Holds Special Executive Meeting at Barkola Gurudwaraবৰক'লাৰ কেন্দ্ৰীয় গুৰুদ্বাৰত অসমীয়া শিখ সন্থাৰ বিশেষ কাৰ্যনিৰ্বাহক সভা

নগাঁওঃ নগাঁও জিলাৰ বৰক’লাৰ কেন্দ্ৰীয় গুৰুদ্বাৰৰ প্ৰাংগণত আজি অসমীয়া শিখ সন্থাৰ এখন বিশেষ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ শিখ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা সভাখনিত সভাপতিত্ব কৰে অসমীয়া শিখ সন্থাৰ সভাপতি শ্ৰৱণ সিঙে । শিখ সন্থাৰ সম্পাদক ননদীপ সিঙে আঁতধৰা আৰু উদ্দেশ্যে ব্যাখ্যা কৰা সভাখনিত প্ৰাক্তন ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া তথা অৱসৰপ্ৰাপ্ত আয়ুক্ত ছমছেৰ সিঙে ভাষণত কয় যে বিশ্বৰ সকলো দেশতে শিখ সম্প্ৰদায়ৰ লোকসকলে বসবাস কৰি আছে (Assamese Sikh Community)। আমাৰ ৰাজ্য খনটো অসমীয়া শিখ সকলে বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত বিশেষ বৰঙণি যোগাই আহিছে । বৰ অসম গঢ়াৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি অহা অসমীয়া শিখ সকলক এটা ছাতিৰ তলত থাকি ঐক্য-সমন্বয়ৰে অসমীয়াৰ শিখ সকলক কাম কৰি যাবলৈ আহ্বান জনায় ।

প্ৰাক্তন ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া গৰাকীয়ে লগতে অসমীয়া শিখ সকলৰ পৰিয়াল সূচী(Directory) প্ৰস্তুত কৰিবলৈ শিখ সন্থাৰ বিষয়ববীয়া সকলৰ প্ৰতি আহ্বান জনায় । সভাত বিশিষ্ট কবি-সাহিত্যিক মনজিৎ সিঙে কয় যে মহাত্মা গান্ধী, অম্বিকাগিৰি ৰায় চৌধুৰী আদি বৰেণ্য ব্যক্তিৰ লগতে জাতীয় কংগ্ৰেছৰ পাণ্ডু অধিৱেশনত অসমীয়া শিখসকলে শাৰী পোনাই বহিবলৈ সক্ষম হৈছিল । অসমীয়া শিখসকলে সদায় শৌৰ্য-বীৰ্যৰ চানেকি দি আহিছে । সভাত বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ গুৰমুখ সিঙে কয় যে অসমীয়া ভাষা ক’লেই অসমীয়া শিখ নহয় । যিসকলে অসমীয়া ভাষা-সংস্কৃতিৰ বাবে কাম কৰি আহিছে সেইসকলহে অসমীয়া শিখ । সভাত লক্ষী প্ৰসাদ ( এল পি ) সিঙে কয় যে বৰ্তমান চৰকাৰে যি ইউ চি চি আনিছে তাৰ সন্দৰ্ভত

অসমীয়া শিখ সমাজৰ বৈবাহিক সন্দৰ্ভত শিখ সন্থাই স্পষ্ট ভূমিকা ল’বলৈ আহ্বান জনায় । সভাত ড মহেন্দ্ৰ কৌৰে নৱ প্ৰজন্মক শিখ সকলৰ উত্তৰণৰ বাবে কাম কৰি যাবলৈ আহ্বান জনায় । সভাত আন এজন বক্তা ডা: থ্ৰীনাৰায়ণ সিঙে অসমীয়া শিখসকলৰ বিষয়ে পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰক আহ্বান জনায় । সভাত মনজিৎ ( মায়া ) সিঙ, ইকবাল সিঙ, অধিবক্তা বলদেব সিং, অভিযন্তা সুজিত সিঙে ভাষণ প্ৰদান কৰা সভাখনিত তিনিচুকীয়া, দুলীয়াজান, ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ, লক্ষিমপুৰ, গুৱাহাটী, লংকা, হাতীপাৰা আৰু চাপৰমুখকে ধৰি বিশিষ্ট স্থানৰ শিখ সমাজৰ গণ্য মান্য ব্যক্তি সকলে অংশগ্ৰহণ কৰে।

সভাত অহা ২৬ জুলাইত পৰবৰ্তী সাধাৰণ সভা অনুস্থিত হব বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে।

লগতে পঢ়কঃ গ্ৰাম্যাঞ্চলত ডিজিটেল লেনদেনৰ প্ৰসাৰৰ উদ্দেশ্যে নগাঁৱৰ ৫১ গৰাকী সখীৰ মাজত লেপটপ বিতৰণ জিলা আয়ুক্তৰ


Advertisement