নগাঁও: যোৱা বিধানসভা নিৰ্বাচনত ভোটাৰসকলক ভোটদানৰ প্ৰতি আকৰ্ষিত কৰাৰ লগতে ভোটাৰ সজাগতা বৃদ্ধিৰ উদ্দেশ্যে নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই এটি অভিনৱ প্ৰতিযোগিতাৰ আয়োজন কৰিছিল (Model Polling Station Competition Nagaon)। জিলাখনৰ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰকে আদৰ্শ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ জৰিয়তে অনুষ্ঠিত কৰা এই মুকলি প্ৰতিযোগিতাৰ মূল বিষয়বস্তু আছিল “আপোনাৰ ভোট আপোনাৰ অধিকাৰ, ইয়াক অপচয় নকৰিব”।
সেই উদ্দেশ্যেই ভোটগ্ৰহণ কেন্দ্ৰ সমূহ আকৰ্ষণীয় ৰূপত সজাই পৰাই তোলাৰ লগতে পৰিস্কাৰ পৰিচ্ছন্নতা বৰ্তাই ৰখা, ভোটাৰৰ বাবে সা-সুবিধা নিশ্চিত কৰা আদি বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। এই সকলো দিশ চালিজাৰি চাই, ইয়াৰ বাবে নিয়োগ কৰা বিচাৰক সমিতিয়ে ইতিমধ্যে দাখিল কৰা চূড়ান্ত প্ৰতিবেদন অনুসৰি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই সমষ্টিভিত্তিক ফলাফল সমূহ ঘোষণা কৰিছে।
সেই অনুসৰি ৫৬ নং ৰূপহীহাট বিধানসভা সমষ্টিৰ ৫৩ নং মাগুৰি বালিকা মোক্তাবে প্ৰথম, আলীটঙানি ওছমানীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ে দ্বিতীয় আৰু জুৰিয়া উচ্চ মাধ্যমিক বিদ্যালয়ে তৃতীয় স্থান লাভ কৰিছে।
৫৭ নং কলিয়াবৰ বিধানসভা সমষ্টিত আমবাগান উচ্চ মাধ্যমিক বিদ্যালয় প্ৰথম, দক্ষিণ খলিহামাৰী প্ৰাথমিক বিদ্যালয় দ্বিতীয়, দক্ষিণ লাইলুৰি প্ৰাথমিক বিদ্যালয়ে তৃতীয় স্থান লাভ কৰিছে।
৫৮ নং চামগুৰি বিধানসভা সমষ্টিত বি চি দাস কানুৱামাৰী মজলীয়া বিদ্যালয় প্ৰথম, সোণালীবালি বালিকা প্ৰাথমিক বিদ্যালয় দ্বিতীয় আৰু সোণালীবালি প্ৰাথমিক বিদ্যালয়ে তৃতীয় স্থান লাভ কৰিছে।
৫৯ নং বৰহমপুৰ বিধানসভা সমষ্টিৰ ২৬ নং বামুনী জে বি স্কুল প্ৰথম, বৰহমপুৰ এছ এছ এ হাইস্কুল দ্বিতীয় আৰু পিএমশ্ৰী ২১ নং চাপানালা প্ৰাথমিক বিদ্যালয়ে তৃতীয় স্থান লাভ কৰিছে।
৬০ নং নগাঁও -বটদ্ৰৱা বিধানসভা সমষ্টিৰ বটদ্ৰৱা এছ এছ এছ হাইস্কুল প্ৰথম, কিৰণৱালা গোস্বামী বালিকা বিদ্যাপীঠ দ্বিতীয় আৰু নগাঁও বঙালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে তৃতীয় স্থান লাভ কৰিছে।
৬১ নং ৰহা বিধানসভা সমষ্টিৰ পিএমশ্ৰী বাৰপুজীয়া চৰকাৰী মজলীয়া বিদ্যালয় প্ৰথম, বাৰপুজীয়া উচ্চ মাধ্যমিক বিদ্যালয় দ্বিতীয় আৰু ৰহা মজলীয়া বিদ্যালয়ে তৃতীয় স্থান লাভ কৰিছে।
প্ৰথম পুৰস্কাৰ হিচাপে নগদ ১৫ হাজাৰ টকা, দ্বিতীয় পুৰস্কাৰ হিচাপে নগদ ১০ হাজাৰ টকা আৰু তৃতীয় পুৰস্কাৰ হিচাপে নগদ ৫ হাজাৰ টকা নিৰ্বাচিত বিদ্যালয়সমূহক প্ৰদান কৰা হ’ব বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিছে। এই প্ৰতিযোগিতাৰ প্ৰতি জিলাখনৰ প্ৰায় প্ৰতিখন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰীসকলে দিয়া সঁহাৰিৰ বাবে জিলা আয়ুক্তগৰাকীয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে।
লগতে পঢ়কঃ বৰক’লাৰ কেন্দ্ৰীয় গুৰুদ্বাৰত অসমীয়া শিখ সন্থাৰ বিশেষ কাৰ্যনিৰ্বাহক সভা

