নগাঁওঃ বিদায়ী বর্ষৰ ডিচেম্বৰ মাহত দুদিনীয়া কাৰ্য্যসূচীৰে দেশৰ প্ৰধানম8নৰেন্দ্ৰ মোদীয়ে অসম ভ্ৰমণ কৰি উভতি যোৱাৰ এটা সপ্তাহ পাছতেই অসমলৈ আহিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। অমিত শ্বাহৰ ভ্ৰমণৰ এটা মাহৰ ভিতৰতেই পুনৰ অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Narendra Modi Nagaon Visit)।
ইংৰাজী নতুন বৰ্ষৰ প্ৰথম মাহতে অসম ভ্ৰমণলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এইবাৰ নগাঁৱতো উপস্থিত হ’ব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী ((Assam political news)।

নতুন বছৰৰ প্ৰথম দিনটোতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিবলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব বুলি ঘোষণা কৰাৰ পাছতেই শুক্ৰবাৰে পুৱাই নগাঁও জিলাৰ কলিয়াবৰ অৰ্থাৎ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আৰম্ভণি পথত উপস্থিত হয় ৰাজ্য চৰকাৰৰ মন্ত্ৰী পিয়ুষ হাজৰিকা, মন্ত্ৰী কেশৱ মহন্তৰ লগতে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা (PM visit Assam)।
শুক্ৰবাৰে নগাঁও জিলাৰ কলিয়াবৰত উপস্থিত হৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এলিভেটেড কৰিড’ৰৰ আধাৰশিলা স্থাপন কৰিবলগীয়া স্থান পৰিদর্শন কৰে (Kaziranga elevated corridor)।

জানুৱাৰী মাহৰ প্ৰথমটো পষেক পাৰ হোৱাৰ পাছতেই দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে নগাঁৱত উপস্থিত হৈ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰাৰ উপৰিও অসমবাসীৰ বাবে কেবাটাও ভাল খবৰ দিয়াৰ সম্ভাৱনা আছে।
ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পহিলা জানুৱাৰীত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ আৰু এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰাৰ কথা উল্লেখ কৰিছে যদিও প্ৰধানমন্ত্ৰী কাৰ্য্যলয়ে এই পৰ্যন্ত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সময়সূচী আনুষ্ঠানিক ঘোষণা কৰা নাই। অৱশ্যে চলিত মাহৰ ১৫ তাৰিখৰ পাছতেই প্ৰধানমন্ত্ৰী গৰাকীয়ে নগাৱলৈ অহাৰ সম্ভাৱনা আছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নগাঁও ভ্ৰমনক লৈ ৰাজ্য চৰকাৰৰ লগতে তৎপৰ হৈ পৰিছে নগাঁও জিলা প্ৰশাসন (PM Narendra Modi Nagaon Visit)।
লগতে পঢ়কঃ Namrup Ammonia Urea Project : নামৰূপ এম’নিয়া-ইউৰিয়া প্ৰকল্পৰ ভূমি পূজন প্ৰধানমন্ত্ৰীৰ

