Binnakandi BJP Join: 3,200 Minority Members Join BJP in AIUDF Strongholdআজমলৰ দুৰ্গত বিজেপিৰ শক্তি প্ৰদৰ্শন

হোজাইঃ যি সময়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মিঞাৰ বিৰুদ্ধে বিভিন্ন সময়ত বিদ্বেষ মূলক মন্তব্য কৰি আহিছে (Binnakandi BJP Join) । আনকি অচিনাকি লোক আখ্যা দি মিঞা ৰিক্সাচালকক ৫ টকাৰ স্থানত চাৰি টকা দিবলৈ আহ্বান জনাইছে সেই সময়তে এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ ৰাজনৈতিক দুৰ্গ হিচাপে পৰিচিত বিন্নাকান্দি সমষ্টিত শাসকীয় দল বিজেপিত বৃহৎ সংখ্যক ধৰ্মীয় সংখ্যালঘু লোকে যোগদান কৰে।

সোমবাৰে ( ১৬ ফেব্ৰুৱাৰী) সমষ্টিটোত এক বৃহৎ যোগদান সভা অনুষ্ঠিত হৈ যায়৷ অনুষ্ঠানটোত চাৰিং পথাৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী আবিদা বেগম আৰু উপ-সভানেত্ৰী সুহানা বেগমৰ নেতৃত্বত কেইবাজন জনপ্ৰতিনিধিসহ প্ৰায় তিনি সহস্ৰাধিক সংখ্যালঘু পুৰুষ-মহিলাই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে৷

সমাজ সেৱক মামুন ৰশিদৰ উদ্যোগত অনুষ্ঠিত এই সভাত প্ৰায় ৩,২০০ গৰাকী পুৰুষ-মহিলাই দলত অন্তৰ্ভুক্ত হয় বুলি আয়োজক সকলে উল্লেখ কৰে । ইয়াৰ ভিতৰত সাত গৰাকী নিৰ্বাচিত জনপ্ৰতিনিধিও আছিল।

বিজেপি সংখ্যালঘু মৰ্চাৰ সভাপতি কমৰুল হক চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত বক্তব্য ৰাখি বক্তাসকলে বিকাশ আৰু উন্নয়নৰ স্বাৰ্থত তথা বিজেপিৰ নীতি-আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ ৰাইজ স্বতঃস্ফূৰ্তভাৱে দললৈ আগবাঢ়ি আহিছে বুলি মন্তব্য কৰে। সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক নেতৃত্বই এই যোগদানক সমষ্টিটোৰ ৰাজনৈতিক পৰিৱেশত গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সূচক বুলি অভিহিত কৰে।

সভাত অসম প্ৰদেশ সংখ্যালঘু মৰ্চাৰ উপ-সভাপতি মস্তাক আহমেদ, উপ-সভাপতি নৱৰাজ মনৱাৰ, সম্পাদক তথা হোজাই জিলা প্ৰভাৰী জশ্বপাল সিং, ৰাজ্যিক সহ-কাৰ্যালয় সম্পাদক ছাজিদুল ইছলাম, হোজাই জিলা পৰিষদৰ সভানেত্ৰী জুনটি বৰা, বিজেপিৰ জিলা উপসভাপতি জয়ভদ্ৰ মেচ,জিলা সহ-প্ৰভাৰী আমিৰ হামজা, ৰাজ্যিক কাৰ্যবাহী সদস্য ময়দুল ইছলাম, জানুন লস্কৰ, জ্যেষ্ঠ নেতা তথা প্ৰাৰ্থীত্ব প্ৰত্যাশী বিলাল উদ্দিন আৰু নজমুল আলম লস্কৰসহ বহু নেতা-কৰ্মী উপস্থিত থাকে।

উল্লেখযোগ্য যে, পূৰ্বৰ যমুনামুখ সমষ্টি তথা বৰ্তমানৰ বিন্নাকান্দি সমষ্টিৰ পুৰণি বিজেপি নেতা-কৰ্মীসকলৰ উপস্থিতিও সভাত লক্ষ্য কৰা যায়। আনহাতে, সমষ্টিত সক্ৰিয়ভাৱে ৰেলি কৰি অহা হবিব মুহাম্মদ চৌধুৰীৰ অনুপস্থিতিক লৈ ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে।

সভা অনুষ্ঠিত নকৰিবলৈ এক দুষ্ট চক্ৰই ষড়যন্ত্ৰ চলাইছিল বুলি অভিযোগ উত্থাপন কৰি বিজেপি নেতা বিলাল উদ্দিনে সংশ্লিষ্ট চক্ৰটোক কঠোৰ সকীয়নি প্ৰদান কৰে।এই বৃহৎ যোগদান কাৰ্যসূচীয়ে বিন্নাকান্দি সমষ্টিৰ আগন্তুক ৰাজনৈতিক সমীকৰণত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে বুলি স্থানীয় মহলে মত প্ৰকাশ কৰিছে।

লগতে পঢ়কঃ ডিব্ৰুগড় জিলাৰ মৰাণত উত্তৰ-পূবৰ প্ৰথম জৰুৰী অৱতৰণ সুবিধাত প্ৰধানমন্ত্ৰীৰ অৱতৰণ


Advertisement