গুৱাহাটীঃ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা কংগ্ৰেছৰ স্ক্ৰিনিং সমিতিৰ অধ্যক্ষ তথা ৱায়ানাড লোকসভা সমষ্টিৰ সাংসদ প্ৰিয়ংকা গান্ধীয়ে আজি স্ক্ৰিনিং সমিতিৰ সভাত অংশগ্ৰহণ কৰে। আজি বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতেই দলীয় কৰ্মীসকলে তেওঁক আদৰণি জনায় (Priyanka Gandhi Assam Visit)।
অসমত উপস্থিত হৈ তেওঁ প্ৰথমে কামাখ্যা মন্দিৰত পূজা-অৰ্চনা কৰে। তাৰ পাছত তেওঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনলৈ যায়। ৰাজীৱ ভৱনত তেওঁক খোল-তালৰ পৰম্পৰাগত আদৰণি জনোৱা হয়। এই সময়ছোৱাত তেওঁৰ সৈতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু অসমৰ দায়িত্বপ্ৰাপ্ত এ আই চি চি সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙকে ধৰি কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকে।
ৰাজীৱ ভৱনতে তেওঁ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থী চূড়ান্তকৰণ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ স্ক্ৰিনিং কমিটীৰ সভাত সভাপতিত্ব কৰে।
দলীয় প্ৰাৰ্থী নিৰ্বাচন প্ৰক্ৰিয়াৰ অংশ হিচাপে স্ক্ৰিনিং কমিটীৰ এই আলোচনা নিশালৈকে চলিব বুলি আশা কৰা হৈছে। গৌৰৱ গগৈয়ে কয় যে কংগ্ৰেছে অতি শীঘ্ৰে এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈ আগবাঢ়িছে। কেন্দ্ৰীয় নেতৃত্বৰ সৈতে পৰামৰ্শ সম্পূৰ্ণ কৰাৰ পিছত ফেব্ৰুৱাৰী মাহৰ অন্তিমলৈ প্ৰাৰ্থীৰ প্ৰথম তালিকা প্ৰকাশ হোৱাৰ সম্ভাৱনা আছে বুলি তেওঁ জানিবলৈ দিয়ে।
ইপিনে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে বিমানবন্দৰত তেওঁক আদৰণি জনাই কয়, “এই ভ্ৰমণে দলীয় কৰ্মীসকলৰ মাজত নতুন উদ্যম আৰু উৎসাহ সঞ্চাৰ কৰিছে।” তেওঁ কয়, “আজিৰ দিনটোত আমাৰ ব্লক সভাপতি আৰু তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে স্ক্ৰিনিং কমিটীৰ সভাত প্ৰত্যক্ষভাৱে প্ৰিয়ংকা গান্ধীৰ আগত নিজৰ মতামত প্ৰকাশ কৰাৰ সুযোগ লাভ কৰিব। তেওঁ লোৱা এই দায়িত্ব এক বৃহৎ দায়িত্ব।”
গগৈয়ে লগতে উল্লেখ কৰে যে প্ৰিয়ংকা গান্ধীৰ এই ভ্ৰমণে অসম নিৰ্বাচনক লৈ কেন্দ্ৰীয় নেতৃত্বই কিমান গুৰুত্ব আৰোপ কৰিছে সেয়া স্পষ্ট কৰে। তেওঁ কয়, “আগতেও তেওঁ স্ক্ৰিনিং সম্পৰ্কীয় দায়িত্ব পালন কৰিছিল যদিও এইবাৰ প্ৰথমবাৰৰ বাবে তেওঁ বিস্তৃত সময় ব্যয় কৰি বিভিন্ন সংগঠনিক পৰ্যায়ৰ প্ৰতিনিধিসকলৰ সৈতে ব্যক্তিগতভাৱে মত বিনিময় কৰিব।”
উল্লেখযোগ্য যে, ১২৬ টা সমষ্টিৰ অসম বিধানসভাৰ নিৰ্বাচন এপ্ৰিল মাহত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। এই নিৰ্বাচনৰ বাবে গঠিত কংগ্ৰেছৰ স্ক্ৰিনিং কমিটীৰ অধ্যক্ষ হিচাপে তেওঁ দায়িত্ব পালন কৰি আছে।
লগতে পঢ়কঃ অসম প্ৰদেশ কংগ্ৰেছত মোক্ষম আঘাতঃ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ পদত্যাগ

