Assam Cabinet Approves Fast-Track Court for Zubeen Garg Murder Caseজুবিন গাৰ্গৰ ন্যায় গোচৰৰ দ্ৰুত বিচাৰৰ বাবে বিশেষ ফাষ্ট-ট্ৰেক আদালতত অনুমোদন অসম কেবিনেটৰ

গুৱাহাটী: জনপ্ৰিয় গায়ক জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত সম্পৰ্কত অসম চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। দৈনিক শুনানি চলাবলৈ এটা বিশেষ ফাষ্ট-ট্ৰেক আদালত গঠনৰ প্ৰস্তাৱৰ অনুমোদন জনাইছে ৰাজ্য চৰকাৰে (Zubeen Garg Murder Case Fast-Track Court)। বৃহস্পতিবাৰে নিশা দিছপুৰৰ লোক সেৱা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হয়।
বৈঠকৰ পিছত সংবাদমাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ” ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক বিশেষ ফাষ্ট-ট্ৰেক আদালত গঠনৰ অনুৰোধ জনাব। ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ৩৪৬(১) অনুসৰি একান্তভাৱে এই গোচৰৰ বাবে এখন বিশেষ চেচনছ আদালত গঠনৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে, যাতে দৈনিক শুনানি সম্ভৱ হয়।

মুখ্যমন্ত্ৰীয়ে কয়, “কেবিনেটে গোচৰটোৰ দৈনিক বিচাৰৰ বাবে এখন বিশেষ আদালত গঠনৰ অনুমোদন দিছে। মুখ্য ন্যায়াধীশে আদালত গঠন আৰু ইয়াৰ কাৰ্যপ্ৰণালী সম্পৰ্কে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব। ৰাজ্য চৰকাৰে সকলো প্ৰয়োজনীয় প্ৰশাসনিক আৰু পৰিকাঠামোগত সহায় আগবঢ়াব।”

তেওঁ লগতে উল্লেখ কৰে যে, ইতিমধ্যে অভিযুক্তসকলৰ কোনোজনেই জামিন লাভ কৰা নাই। বৰ্তমানৰ দৰে আদালতত গোচৰ চলি থকা হলেও ধাৰাবাহিকতা বজাই ৰাখিব পৰা গ’লহেঁতেন। কিন্তু পৰিয়ালৰ দাবীক সন্মান জনাই দ্ৰুত বিচাৰৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

দানৱ আৰু অসুৰসমূহ ধ্বংস হ’ব লাগিবঃ গৰিমা শইকীয়া গাৰ্গ

কেবিনেটৰ সিদ্ধান্তৰ পিছতে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে সংবাদমাধ্যম আৰু সামাজিক মাধ্যমৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ আৰম্ভণিৰ পৰাই দ্ৰুত বিচাৰৰ দাবী উত্থাপন কৰি অহা বুলি উল্লেখ কৰে।
তেওঁ কয় যে, বিশেষ অনুসন্ধান দল (SIT)-এ তিনি মাহৰ ভিতৰত চাৰ্জশ্বীট দাখিল কৰিছে আৰু যথেষ্ট প্ৰমাণৰ ভিত্তিত ঘটনাটো হত্যাকাণ্ড বুলি নিশ্চিত কৰিছে। মুখ্যমন্ত্ৰীয়েও পূৰ্বে ইয়াক “পৰিকল্পিত হত্যা” বুলি মন্তব্য কৰিছিল বুলি তেওঁ উল্লেখ কৰে।

গৰিমা শইকীয়া গাৰ্গে কয়, “আমাৰ মুখ্য উদ্দেশ্য হৈছে ইতিমধ্যে প্ৰতিষ্ঠিত তথ্যসমূহ আদালতৰ সন্মুখত সঠিকভাৱে উপস্থাপন কৰি দৃঢ়ভাৱে প্ৰতিপন্ন কৰা,”
তেওঁ দৃঢ়তাৰে কয়, ” বিচাৰ প্ৰক্ৰিয়া “পানীৰ নসৰকা ধৰণৰ নিখুঁত” আৰু দ্ৰুত হ’ব লাগিব। অভিযুক্তসকল যাতে জামিন লাভ কৰি মুক্তভাৱে ঘূৰি ফুৰিব নোৱাৰে, সেয়া নিশ্চিত কৰাটো গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি তেওঁ কয়,“অভিযুক্তসকলে শীঘ্ৰেই কঠোৰতম শাস্তি লাভ কৰিব লাগিব”।

আবেগিকভাৱে গৰিমা শইকীয়া গাৰ্গে কয়, “দানৱ আৰু অসুৰসমূহ ধ্বংস হ’ব লাগিব,” । অৱশ্যে তেওঁ ন্যায় ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰকাশ কৰে।
সামাজিক মাধ্যমৰ পোষ্টত গৰিমাই উল্লেখ কৰে,” এই গোচৰটো কেৱল আমাৰ পৰিয়ালৰে নহয়, সমগ্ৰ অসমীয়া সমাজৰ সৈতে জড়িত। জুবিন কেৱল আমাৰ নহয়, তেওঁ সমগ্ৰ অসমীয়া সমাজৰ”।

গৰিমাই আশা প্ৰকাশ কৰে যে মাৰ্চ মাহৰ ভিতৰত চাৰ্জ ফ্ৰেমিং সম্পূৰ্ণ হ’ব আৰু তাৰ পিছত গোচৰটো দ্ৰুতগতিত আগবাঢ়িব। “যদি আমি জুবিনৰ বাবে ন্যায় লাভ কৰা দেখো, তেন্তে আমাৰ উত্তৰ আৰু দিশ দুয়োটা পাম। সমগ্ৰ অসম ইয়াৰ অপেক্ষাত আছে” ।- গৰিমাই কয়।

কেবিনেটৰ অনুমোদনৰ পিছত এতিয়া চূড়ান্ত সিদ্ধান্ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হাতত। বিশেষ আদালত গঠন আৰু তাৰ কাৰ্যপদ্ধতি সম্পৰ্কে শীঘ্ৰেই সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি আশা কৰিব পাৰি।

লগতে পঢ়কঃ Zubeen Garg death justice: জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্ৰক্ৰিয়াৰ বাবে বিশেষ পদক্ষেপ অসম চৰকাৰৰ


Advertisement