World Environment Day Tree Cutting Sparks Outrage in Nagaon on Environment Dayবিশ্ব পৰিৱেশ দিৱসৰ দিনাই নগাঁৱত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা গছ কাটিলে দুস্কৃতিকাৰীয়ে

নগাঁওঃ বিশ্ব পৰিবেশ দিৱসৰ দিনাই নগাঁও চহৰৰ পানীগাওঁস্থিত “নাৰায়ণা ই টেকন’ স্কুল” নামৰ ব্যক্তিগতখণ্ডৰ শিক্ষানুষ্ঠানখনৰ সন্মুখতে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা এজোপা ইউকেলিপটাছ গছ আজি কাটি পেলোৱা (World Environment Day Tree Cutting) কাৰ্য ই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কোনে এই দুষ্কাৰ্য সংঘটিত কৰিলে বা কাৰ নিৰ্দেশত এই দুষ্কাৰ্য সংঘটিত হৈছে সেই কথা অদ্যপি পোহৰলৈ অহা নাই। কিন্তু স্থানীয় একাংশ লোকে ব্যক্তিগতখণ্ডৰ বিদ্যালয়খনৰ কৰ্তৃপক্ষ প্ৰতি সন্দেহৰ আঙুলি উঠাইছে।

গছ কটাৰ বিষয়ে এজন প্ৰকৃতি প্ৰেমী যুৱক তথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উৰিয়াগাঁও আঞ্চদিক সমিতিৰ সাধাৰণ সম্পাদক শুভ্ৰজিৎ গগৈয়ে প্ৰত্যক্ষ কৰি সংবাদ মাধ্যম, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অন্য নেতৃবৃন্দ আৰু বনবিভাগক অবগত কৰে। তেতিয়া সংবাদ মাধ্যমৰ লোকসকল আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্ব বিদ্যালয়খনত উপস্থিতহৈ বিদ্যালয়ৰ চৌহদত থকা গছ কটা অৱস্থাত দেখি আচৰিত হৈ পৰে। সংবাদ মাধ্যমৰ লোক আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ অন্য নেতৃত্ব ঘটনাস্থলীত উপস্থিত হোৱাৰ উমান পাই গছ কটা কাৰ্যত জড়িত লোকসকলে পলায়ণ কৰে।

অন্যহাতেদি বনবিভাগৰ লোকো ঘটনাস্থলীত উপস্থিত হয়। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মী শুভ্ৰজিৎ গগৈয়ে জনোৱা মতে “ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা এই ইউকেলিপটাছ গছ কেইডালে গৰমৰ দিনত ছাঁ দি আহিছে। চৰকাৰখনে উৰণীয়া সেঁতু নিৰ্মাণ, পথৰ উন্নয়ন আদিৰ নামত বিভিন্ন সময়ত গছ কাটি আহিছে। কিন্তু আজি বিশ্ব পৰিবেশ দিৱসৰ দিনাই এনেদৰে গছ কটা দেখি দুখ পাইছো।” অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰবাল শৰ্মাই কয়,” নাৰায়ণা বিদ্যালয়ৰ সন্মুখত থকা তথা ঘাইপথৰ দাঁতিতে থকা এই গছ সমূহ বহু পুৰণি। সম্ভবতঃ মোৰ জন্মৰো আগৰ। গছ সমূহ কটা প্ৰত্যক্ষ কৰি আমি বন বিভাগক অবগত কৰো। তদুপৰি নাৰায়ণা বিদ্যালয়ৰ কৰ্তৃপক্ষকো এই বিষয়ে সোধ পোচ কৰো। কিন্তু তেওঁলোকে অৱশ্যে এই বিষয়ে অবগত নহয় বুলিহে মন্তব্য কৰিছে।”

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা জনে লগতে কয়, ” অসমতে সৰ্বাধিক বন ধ্বংস হৈছে। এনে ক্ষেত্ৰত পৰিবেশ দিৱসৰ দিনাই নগাঁও চহৰৰ মাজমজিয়াত এখন আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানখনৰ সন্মুখত আৰু ঘাইপথৰ দাঁতিত থকা গছ কাটি পেলোৱা কাৰ্য সঁচাকৈয়ে চিন্তনীয় বিষয়। বনবিভাগৰ নিৰ্লিপ্ততাৰ সুযোগলৈ কোনে এই দুষ্কাৰ্য সংঘটিত কৰিলে বা কাৰ নিৰ্দেশত এই দুষ্কাৰ্য সংঘটিত হ’ল সেইয়া তদন্ত হব লাগে। বনবিভাগে কোনে গছ কাটিলে সেই দুস্কৃতিকাৰীক বিচাৰি উলিয়াই উচিত শাস্তি দিব লাগিব।” শৰ্মাই কয়,” গছ ডাল কাটি থকা অৱস্থাত প্ৰত্যক্ষ কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যজনে ভিডিঅ’ কৰিব বিচাৰিছিল। তেতিয়া একাংশ লোকে তেওঁক ভিডিঅ’ কৰিব নিদি ভাবুকি প্ৰদান কৰে। স্বাভাৱিকতে ই প্ৰমাণ কৰে যে গছকটা কাৰ্যত ওচৰতে থকা কোনো প্ৰতিষ্ঠানৰ কৰ্তৃপক্ষ নিশ্চিতভাৱে জড়িত থাকিব লাগিব। ইয়াক বিচাৰি উলিওৱাৰ দায়িত্ব বন বিভাগৰ।”

অন্যহাতেদি ঘটনাস্থলীত উপস্থিত হোৱা বনবিভাগৰ লোকে সংবাদ মাধ্যমক কয়, ” ইয়াৰ ব্যৱস্থা আমি নিশ্চয় লম। পথৰ দাঁতিত থকা গছ কাটিব নালাগে। আমি ইয়াক তদন্ত কৰিম। আমাৰ কোনো অনুমতি লোৱা নাই।” সাংবাদিকে নাৰায়ণা বিদ্যালয়ৰ কৰ্তৃপক্ষ জড়িত থকা বুলি একাংশ লোকে সন্দেহ ব্যক্ত কৰাৰ বিষয়ে উনুকিয়াই দিয়াত তেওঁ তদন্ত কৰিব বুলি কয়। ইপিনে এই ঘটনাৰ তীব্ৰ গৰিহণা দি অসম জাতীয়তাবাদী যুৱ -ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰৱাল শৰ্মা আৰু সাধাৰণ সম্পাদক হেমন্ত দাসে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে গছ কটা দৃষ্টিগোচৰ হোৱাৰ লগে লগে পৰিষদৰ সদস্যই বাধা প্ৰদান কৰাত গছকটা লোক কেইজন পলাই যায়।

বিশ্ব পৰিবেশ দিৱসৰ দিনা এনেধৰনে দুটা প্ৰতিষ্ঠানৰ সন্মুখত কোনে গছ কাটিলে সেয়া বিচাৰ্যৰ বিষয়। এই সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লবলৈ পৰিষদৰ নগাঁও নগৰ সমিতিয়ে বন বিভাগক স্মাৰক পত্ৰ যোগে দাবী জনাইছে।

লগতে পঢ়কঃ নগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে ধৈৰ্যৰ বান্ধ ছিগিল জনতাৰ, ভাঙি লণ্ড ভণ্ড ড্ৰাগছ ব্যৱসায়ীৰ বাসগৃহ


Advertisement