মৰিগাঁৱৰ পৰা ছাইফুল ইছলামঃ মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লৈয়েই বৃহস্পতিবাৰে জিলা প্ৰশাসনৰ লৈতে প্ৰথমখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিয়েই জিলাখনৰ উন্নয়নৰ পৰিকল্পনা হাতত লৈছে মন্ত্ৰী অজন্তা নেওগে (Morigaon Medical College Construction)। মহিলা আৰু শিশু বিকাশ আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী তথা মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে বৃহস্পতিবাৰে জিলাখনৰ বিভিন্ন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে।

এই উপলক্ষে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত জিলা উন্নয়ন সমিতিৰ বৈঠকত তেওঁ কেইবাটাও বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰি কামৰ মানৰ ক্ষেত্ৰত যাতে ঠিকাদাৰে কোনো ধৰণৰ আপোচ নকৰে সেয়া সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ বিভিন্ন বিভাগৰ অভিযন্তাসকলক সময়ে সময়ে নিৰ্মীয়মান প্ৰকল্পসমূহ পৰিদৰ্শন কৰি কামৰ মান পৰীক্ষা কৰাৰ লগতে ২০২৪-২৫ বিত্তীয় বৰ্ষত অনুমোদন লাভ কৰা প্ৰকল্পসমূহৰ কাম ক্ষিপ্ৰতাৰে কৰি সম্পূৰ্ণ কৰাৰ বাবে নিৰ্দেশ দিয়ে। তেওঁ যিকোনো প্ৰকল্পৰ বাবে পৰাপক্ষত ভাল মাটি বাছনি কৰিবলৈ নিৰ্দেশ দিয়ে যাতে সময়মতে কাম আৰম্ভ কৰিব পৰা যায়।

তেওঁ লোকনিৰ্মাণ গৃহ বিভাগক মৰিগাঁও চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণৰ কাম অহা বছৰৰ মাৰ্চ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে কামৰ গতি ত্বৰান্বিত কৰাৰ নিৰ্দেশ দিয়ে। লোকনিৰ্মাণ পথ বিভাগক তেওঁ যিমান পাৰি জিলাখনৰ পথসমূহ যানবাহন চলাচলযোগ্য কৰিবলৈ নিৰ্দেশ দিয়ে। ২০২২-২৩ বৰ্ষৰ পৰা ২০২৪-২৫ বর্ষলৈকে অনুমোদিত পথসমূহৰ নিৰ্মাণকাৰ্য অহা ডিচেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ কৰি নতুন পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ তেওঁ বিভাগটোক নিৰ্দেশ দিয়ে। লগতে কাৰ্যবাহী অভিযন্তাগৰাকীক প্ৰতিটো সমষ্টিৰ নিৰ্মাণ কৰিবলৈ বাকী থকা পথ তথা যানবাহন চলাচলযোগ্য পথৰ এটা ৰূপৰেখা প্ৰস্তুত কৰি এসপ্তাহৰ ভিতৰত বিধায়কসকলৰ ওচৰত জমা দিবলৈ নিৰ্দেশ দিয়ে।

জলসম্পদ বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে সৰু সৰু কথাৰ বাবে কামৰ গতি অযথা বিলম্ব হ’লে সৰ্বসাধাৰণে যাতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয় সেয়া সুনিশ্চিত কৰিব লাগিব। সভাত মন্ত্ৰীগৰাকীয়ে দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ দ্বাৰা বাৰিষাৰ বতৰত সম্ভাব্য বানৰ প্ৰস্তুতি সন্দৰ্ভত বুজ লয়। তেওঁ বান আৰু খহনীয়া প্ৰতিৰোধী আঁচনিসমূহৰ কাম ক্ষিপ্ৰতৰ কৰাৰ নিৰ্দেশ দিয়ে। কামৰ মান পৰীক্ষাৰ বাবে গুৱাহাটীৰ পৰা দল অনাৰ ব্যৱস্থা কৰিবলৈয়ো তেওঁ জিলা আয়ুক্তক তেওঁ নিৰ্দেশ দিয়ে।
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কামৰ পৰ্যালোচনা কৰি তেওঁ পঞ্চায়তীৰাজ ব্যৱস্থাক শক্তিশালী কৰাৰ ক্ষেত্ৰত জিলা পৰিষদে সক্ৰিয়ভাৱে কাম কৰিব লাগিব বুলি মন্তব্য কৰে। চৰকাৰৰ প্ৰতিখন আঁচনিৰ বিষয়ে যাতে ৰাইজ অৱগত হয় তাৰ বাবে জন প্ৰতিনিধিসকল নিজে উন্নয়ন খণ্ডলৈ গৈ ৰাইজক সজাগ কৰিব লাগিব বুলি তেওঁ কয়। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ কাম সময়মতে সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে চৰকাৰী আঁচনিসমূহৰ বিষয়ে ৰাইজক সজাগ কৰাৰ বাবে জিলা পৰিষদ আৰু জন প্ৰতিনিধিসকলে মাহত এবাৰকৈ নিজ নিজ সমষ্টিৰ উন্নয়ন খণ্ডসমূহলৈ যোৱা উচিত। মৰিগাঁও জিলাখনত চৰকাৰী উদ্যমেৰে মৎস্য উৎপাদনৰ পূৰ্ণ সম্ভাৱনা আছে বুলি উল্লেখ কৰি তেওঁ মীন বিভাগক বৃহৎ পৰিসৰত পৰিকল্পনা কৰাৰ নিৰ্দেশ দিয়ে।
আনহাতে মহিলা আৰু শিশু বিকাশ বিভাগৰ পৰ্যালোচনা কৰি তেওঁ বেটি বচাও বেটি পঢ়াও অভিযানৰ অধীনত শিক্ষা বিভাগৰ সৈতে লগ হৈ সজাগতা অভিযান চলাবলৈ নিৰ্দেশ দিয়ে। মৰিগাঁও পৌৰসভাৰ আয় বৃদ্ধি কৰাৰ বাবে তেওঁ কেতবোৰ পৰামৰ্শ আগবঢ়ায়। তাৰ ভিতৰত সমগ্ৰ মৰিগাঁও জিলাৰ দাপোনস্বৰূপ মৰিগাঁও নগৰখনক পৰিষ্কাৰ কৰি ৰখা, আবৰ্জনা সংগ্ৰহৰ বাবদ ৰাইজৰ পৰা মাহিলী এটা ন্যূনতম মাচুল আদায় কৰা, আৰ্থিক সমস্যাত ভুগি থকা মৰিগাঁও পৌৰ সভাৰ দ্বাৰা আয়ৰ উৎস থকা প্ৰকল্প ৰূপায়ণ আদি অন্যতম। তেওঁ মৰিগাঁও জিলাখনক ৰাজ্যৰ ভিতৰতে এখন আগশাৰীৰ জিলা হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰতিটো বিভাগক সমন্বয়েৰে কাম কৰাৰ নিৰ্দেশ দিয়ে। অভিভাৱক মন্ত্ৰী হিচাপে জিলাখনক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত তেওঁৰ নিজৰ ফালৰ পৰা ১০০ শতাংশ প্ৰয়াস থাকিব বুলি তেওঁ আশ্বাস দিয়ে।
সভাত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে অভিভাৱক মন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰি তেখেতৰ দিহা পৰামৰ্শৰে জিলাখনক আগুৱাই লৈ যোৱাৰ বাবে প্ৰয়াস কৰা হ’ব বুলি মন্তব্য কৰে। সভাত জিলা আয়ুক্ত অনামিকা তেৱাৰীয়ে অভিভাৱক মন্ত্ৰীগৰাকীৰ আগত জিলাখনৰ এটা সংক্ষিপ্ত বিৱৰণ আগবঢ়োৱাৰ লগতে তেখেতৰ নেতৃত্বত মৰিগাঁও জিলাৰ সৰ্বাংগীন উন্নয়নৰ বাবে প্ৰতিটো বিভাগক লগত লৈ জিলা প্ৰশাসনে কাম কৰি যাব বুলি মত প্ৰকাশ কৰে।
সভাত লাহৰীঘাট সমষ্টিৰ বিধায়ক ডাঃ আছিফ মহম্মদ নাজাৰ, মৰিগাঁও জিলা পৰিষদৰ সভানেত্ৰী প্ৰণতি কলিতা ডেকা, মৰিগাঁৱৰ পৌৰপতি যোগেশ তামূলী, জ্যেষ্ঠ আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল, জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, সম জিলা আয়ুক্তদ্বয়, অতিৰিক্ত জিলা আয়ুক্তসকল, বিভাগীয়, মুৰব্বীসকল, চক্ৰ বিষয়া আৰু উন্নয়ন খণ্ড বিষয়াসকল উপস্থিত আছিল।
লগতে পঢ়কঃ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লাভ কৰি প্ৰথমবাৰৰ বাবে নগাঁৱত উপস্থিত মন্ত্ৰী পীযুষ হাজৰীকা

