Assam Para Swimmers Win 7 Medals at National Championship in Bengaluruবেংগালুৰুত অসমৰ পেৰা-সাঁতোৰবিদৰ পদক অৰ্জন, মুখ্যমন্ত্ৰীৰ শুভেচ্ছা

গুৱাহাটী: ৰাষ্ট্ৰীয় ক্ৰীড়াংগনত পুনৰ জিলিকি উঠিল অসমৰ বিশেষভাৱে সক্ষম তিনি সন্তান। বেংগালুৰুত অনুষ্ঠিত হোৱা ২৬ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ আৰু ছাব-জুনিয়ৰ পেৰা চুইমিং চেম্পিয়নশ্বিপত (26th Junior & Sub-Junior National Para Swimming Championship, 2026) অসম পেৰা চুইমিং দলে অভূতপূৰ্ব সাফল্য অৰ্জন কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে (Assam Para Swimming Championship 2026) । ৮ জুনৰ পৰা ১০ জুনলৈ বেংগালুৰুৰ ‘জি চুইমিং একাডেমী’ত অনুষ্ঠিত হোৱা এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমৰ দলটোৱে ৫টা সোণ, ১টা ৰূপ আৰু ১টা ব্ৰঞ্জসহ সৰ্বমুঠ ৭টা পদক জয় কৰিবলৈ সক্ষম হৈছে।

তিনি তাৰকাৰ চমকপ্ৰদ প্ৰদৰ্শন

অসমৰ হৈ এই ঐতিহাসিক সফলতা কঢ়িয়াই আনিলে তিনিগৰাকী অত্যন্ত প্ৰতিভাশালী পেৰা-সাঁতোৰবিদ ক্ৰমে – সূৰ্য শইকীয়া, য়েছমিনা খাতুন আৰু নাৰ্জিমা খাতুনে। তেওঁলোকৰ উজ্জ্বল প্ৰদৰ্শনে ৰাষ্ট্ৰীয় মঞ্চত অসমৰ নাম পুনৰ এবাৰ উজলাই তোলে। শাৰীৰিক প্ৰত্যাহ্বানক নেওচি তীব্ৰ প্ৰতিযোগিতাৰ মাজতো তেওঁলোকে দেখুওৱা অদম্য সাহস, অধ্যৱসায় আৰু দক্ষতাই সকলোৰে প্ৰশংসা লাভ কৰিছে।

খেলুৱৈকেইগৰাকীৰ ব্যক্তিগত প্ৰদৰ্শনৰ সবিশেষ

প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা তিনিওগৰাকী উদীয়মান পেৰা-সাঁতোৰবিদৰ সফলতাৰ সবিশেষ এনেধৰনৰ-

সূৰ্য শইকীয়া (Surja Saikia): ছাব-জুনিয়ৰ ল’ৰাৰ S-10 শাখাত অংশ লৈ সূৰ্যই এককভাৱে ৩টাকৈ সোণৰ পদক জয় কৰে। তেওঁ ১০০ মিটাৰ ফ্ৰী-ষ্টাইল, ৫০ মিটাৰ ব্ৰেষ্ট-ষ্ট্ৰোক আৰু ১০০ মিটাৰ ব্ৰেষ্ট-ষ্ট্ৰোকত এই সফলতা লাভ কৰে।
য়েছমিনা খাতুন (Yesmina Khatun): জুনিয়ৰ ছোৱালীৰ S-10 শাখাত য়েছমিনাই ২টা সোণ আৰু ১টা ৰূপৰ পদক বুটলিবলৈ সক্ষম হয়। তেওঁ ৫০ মিটাৰ আৰু ১০০ মিটাৰ ব্ৰেষ্ট-ষ্ট্ৰোকত সোণৰ পদক আৰু ১০০ মিটাৰ ফ্ৰী-ষ্টাইলত ৰূপৰ পদক অৰ্জন কৰে।
নাৰ্জিমা খাতুন (Narjima Khatun): জুনিয়ৰ ছোৱালীৰ S-10 শাখাত নাৰ্জিমাই ৫০ মিটাৰ ফ্ৰী-ষ্টাইলত অংশগ্ৰহণ কৰি অসমলৈ ১টা ব্ৰঞ্জৰ পদক কঢ়িয়াই আনে।

ৰিণিকি ভূঞা শৰ্মাৰ অনুপ্ৰেৰণা আৰু ৰাজীৱ দে’ৰ বলিষ্ঠ নেতৃত্ব

অসম দলটোৰ এই বৃহৎ সফলতাৰ আঁৰত আছিল ‘পেৰালিম্পিক এছ’চিয়েচন অৱ অসম’ৰ মুখ্য পৃষ্ঠপোষক (Chief Patron) বিশিষ্ট সমাজকৰ্মী, উদ্যোগী ৰিণিকি ভূঞা শৰ্মাৰ ধাৰাবাহিক অনুপ্ৰেৰণা, সৱল পৃষ্ঠপোষকতা আৰু উৎসাহ। ইয়াৰ লগতে দলটোৰ প্ৰশিক্ষক তথা সংস্থাটোৰ সাধাৰণ সম্পাদক ৰাজীৱ দে’ৰ সঠিক মাৰ্গদৰ্শন আৰু বলিষ্ঠ নেতৃত্বই খেলুৱৈসকলক ৰাষ্ট্ৰীয় পৰ্যায়ত এই শ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম কৰিলে।

এচিয়ান পেৰা গেমছৰ বাছনিৰ সুযোগ

পেৰালিম্পিক কমিটি অৱ ইণ্ডিয়া (PCI) ৰ দ্বাৰা আয়োজিত এই প্ৰতিযোগিতাখন এইবাৰ কেৱল ৰাষ্ট্ৰীয় খিতাপৰ বাবেই নাছিল, বৰঞ্চ ইয়াৰ সমান্তৰালভাৱে আগন্তুক ‘২০২৬ এচিয়ান পেৰা গেমছ’ৰ বাবে ভাৰতীয় দলৰ বাছনি প্ৰক্ৰিয়াও (Selection Trials) অনুষ্ঠিত কৰা হৈছিল। ফলস্বৰূপে, অসমৰ এই খেলুৱৈসকলৰ উৎকৃষ্ট প্ৰদৰ্শনে আগন্তুক দিনত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেশক প্ৰতিনিধিত্ব কৰাৰ পথো প্ৰশস্ত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

জুনিয়ৰ আৰু ছাব-জুনিয়ৰ শাখাৰ এই কঠিন প্ৰতিযোগিতাত অসম সন্তানৰ এই অভূতপূৰ্ব সফলতাই সমগ্ৰ অসমবাসীকে আনন্দিত আৰু গৌৰৱান্বিত কৰি তুলিছে । ৰাজ্যৰ বিভিন্ন ক্ৰীড়া সংগঠন তথা শুভাকাংক্ষীয়ে বিশেষভাৱে সক্ষম এই তিনি ক্ৰীড়াবিদৰ লগতে মুখ্য পৃষ্ঠপোষক ৰিণিকি ভূঞা শৰ্মা আৰু প্ৰশিক্ষক ৰাজীৱ দে’কো আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।

লগতে পঢ়কঃ নগাঁও জিলা আন্তঃস্কুল ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ উদ্বোধন জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ


Advertisement