ইম্ফল: সোমবাৰে মণিপুৰ আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত একাধিক অভিযান চলাই বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে PLA/RPF সংগঠনৰ সক্ৰিয় কেডাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
মণিপুৰ আৰক্ষীৰ এক বিজ্ঞপ্তি অনুসৰি, টেংনৌপাল জিলাৰ মাচি আৰক্ষী চকীৰ অন্তৰ্গত কনাইতং আৰু পেলিয়াং পাহাৰ খণ্ডত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে দুটা ইম্প্ৰ’ভাইজড মৰ্টাৰ আৰু তিনিটা WT ছেট উদ্ধাৰ কৰে। (arms and ammunition seized)
ইফালে, মণিপুৰ আৰক্ষীয়ে ইম্ফল পশ্চিম জিলাত গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত তালাচী অভিযান চলাই সক্ৰিয় RPF/PLA কেডাৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
গ্ৰেপ্তাৰ কৰা কেডাৰজন হৈছে নঙমাইথেম নৰেন্দ্ৰ মেইতেই, যাক ইম্ফল পশ্চিম জিলাৰ লাম্পেল আৰক্ষী চকীৰ অন্তৰ্গত নিজা বাসগৃহৰ পৰা আটক কৰা হয়। তেওঁ বিভিন্ন স্থানত ধনদাবী কৰি অহা এজন সক্ৰিয় সদস্য (RPF extortionist) বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। তেওঁৰ পৰা দুটা মোবাইল ফোন, দুখন ছিম কাৰ্ড আৰু এখন আধাৰ কাৰ্ড জব্দ কৰা হয়।
ইয়াৰ উপৰিও, নিৰাপত্তা বাহিনীয়ে ক্ষেত্ৰিমায়ুম নীলকান্ত সিং নামৰ আন এজন সক্ৰিয় RPF/PLA কেডাৰ গ্ৰেপ্তাৰ কৰে। তেওঁৰ পৰা দুটা মোবাইল হেণ্ডছেট আৰু এখন ড্ৰাইভিং লাইচেঞ্চ উদ্ধাৰ কৰা হৈছে। (PLA cadre arrested)
ইফালে, এই অভিযানৰ পাছতেই মণিপুৰ আৰক্ষীৰ মুখ্য কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকখনত মণিপুৰ আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান (আইন-শৃংখলা), সংশ্লিষ্ট জিলাসমূহৰ এছ এছ পি আৰু মণিপুৰ পেট্ৰ’লিয়াম ডিলাৰ্ছ এছ’চিয়েশ্যনৰ প্ৰতিনিধিসকল উপস্থিত থাকে।
বৈঠকত পেট্ৰ’ল পাম্প তথা ৰিটেইল আউটলেটসমূহৰ সুৰক্ষা ব্যৱস্থাৰ ওপৰতো পৰ্যালোচনা কৰা হয় আৰু সকলো কৰ্মচাৰীৰ ভেৰিফিকেচন কৰাৰ সিদ্ধান্ত লোৱা হয়। লগতে কৌশলগত স্থানত মোবাইল আৰক্ষী দল নিয়োগ কৰি ধনদাবী বিৰোধী ব্যৱস্থা অধিক শক্তিশালী কৰাৰ সিদ্ধান্ত গ্ৰহন কৰা হয়। (Manipur Police operation)
উল্লেখযোগ্য যে, বিগত কিছুদিনত মণিপুৰ আৰক্ষীয়ে পেট্ৰ’ল পাম্পত ধনদাবীৰ অভিযোগত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে আৰু এই প্ৰসংগত তদন্ত অব্যাহত আছে।
আনফালে, ৰাজ্যখনৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই নিয়া ১১১খন বাহনৰ সুৰক্ষিত চলাচল নিশ্চিত কৰা হৈছে। সংবেদনশীল অঞ্চলসমূহত কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সুৰক্ষাৰ বাবে নিৰাপত্তাৰক্ষীৰ কনভয়ৰ ব্যৱস্থা কৰা হৈছে যাতে সামগ্ৰীৰ মুক্ত আৰু নিৰাপদ যাতায়াত নিশ্চিত হয়। (NH-37 security convoy) ।
লগতে পঢ়ক: India Bangladesh border security: ভাৰত-বাংলাদেশ সীমান্তৰ প্ৰতি ভাৰতীয় সেনাৰ সতৰ্ক দৃষ্টি

