গুৱাহাটী: অসমত বান পৰিস্থিতি ক্ৰমাৎ উন্নত হ'লেও বহু অঞ্চলত এতিয়াও বানৰ প্ৰভাৱ অব্যাহত আছে। শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত চৰকাৰী তথ্য অনুসৰি  বৰ্তমান ৰাজ্যৰ ৭খন জিলা বানৰ দ্বাৰা প্ৰভাৱিত হৈ আছে। এই জিলাসমূহ হৈছে শিৱসাগৰ, চৰাইদেউ, গোলাঘাট, যোৰহাট, নগাঁও, শোণিতপুৰ আৰু কামৰূপ মহানগৰ

বৰ্তমান বানৰ ফলত ২১টা ৰাজহ চক্ৰ আৰু ৬২২খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্যজুৰি মুঠ ৩,৩২,৬৩৯ জন লোক বানৰ প্ৰভাৱত জীৱন-যাপন কৰিবলৈ বাধ্য হৈছে। বানপানীৰ ফলত কৃষিখণ্ডতো ব্যাপক ক্ষতি হৈছে। প্ৰায় ৪৫,৩৪১.৯৮ হেক্টৰ কৃষিভূমি এতিয়াও বানপানীৰ তলত থকাৰ ফলত কৃষকসকলে বৃহৎ লোকচানৰ সন্মুখীন হৈছে।

আনহাতে, এই পৰ্যায়ত নগৰীয়া বানৰ কোনো ঘটনা নথকা বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে, যি কিছু পৰিমাণে স্বস্তিদায়ক খবৰ।

ইফালে, শেহতীয়া তথ্য অনুসৰি বানজনিত দুৰ্ঘটনাত শিৱসাগৰ জিলাত ৭ জন লোকৰ মৃত্যু হৈছে। চলিত বৰ্ষৰ বানত ৰাজ্যখনত এতিয়ালৈকে মুঠ মৃত্যুৰ সংখ্যা ৭৫ জনলৈ বৃদ্ধি পাইছে, যিয়ে বানৰ বিভীষিকাৰ ভয়াবহতাক পুনৰ এবাৰ স্পষ্ট কৰি তুলিছে।

ইতিমধ্যে বিভিন্ন জিলা প্ৰশাসন, ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ, এছ ডি আৰ এফ, এন ডি আৰ এফ আৰু অন্যান্য উদ্ধাৰকাৰী সংস্থাই ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ, সাহায্য আৰু পুনৰ সংস্থাপনমূলক কাম অব্যাহত ৰাখিছে। বানপীড়িত লোকসকলক প্ৰয়োজনীয় খাদ্য, খোৱাপানী, চিকিৎসা আৰু আশ্ৰয়ৰ ব্যৱস্থা আগবঢ়োৱা হৈছে। যদিও বানপানী ক্ৰমাৎ নামিবলৈ আৰম্ভ কৰিছে, তথাপিও বহু পৰিয়ালৰ বাবে স্বাভাৱিক জীৱনলৈ ঘূৰি অহাটো এতিয়াও এক ডাঙৰ প্ৰত্যাহ্বান হৈ আছে।

বান বিভীষিকাত সৰ্বস্বান্ত হৈছে উজনি অসমৰ বহু পৰিয়াল। বানত আক্ৰান্ত পৰিয়ালক সহায়ৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী দ: হিমন্ত বিশ্ব শৰ্মাই ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে। বানাক্ৰান্তসকলৰ প্ৰতি মুহূৰ্তৰ খবৰ ৰখাৰ ওপৰিও সাহাৰ্য বিতৰণ সন্দৰ্ভতো তীক্ষ্ণ দৃষ্টি ৰাখিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।