গুৱাহাটী: ৰাজ্যৰ বান পৰিস্থিতি কিছু অঞ্চলত উন্নতিৰ দিশে আগবাঢ়িলেও বহু ঠাইত এতিয়াও স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈ আছে। ২৯ এপ্ৰিলৰ পৰা ২৭ জুলাই, ২০২৬ পৰ্যন্তৰ বানৰ সামগ্ৰিক পৰিস্থিতিৰ তথ্য অনুসৰি অসমৰ ২৫খন জিলা বানত প্ৰভাৱিত হৈছে। এই বানৰ ফলত ৭৭টা ৰাজহ চক্ৰ আৰু ২,১৫৭খন গাঁও ক্ষতিগ্ৰস্ত হৈছে।
বানৰ ফলত ৰাজ্যজুৰি ১১,৮৪,৭৬৩ জন লোক প্ৰভাৱিত হৈছে। বানপীড়িত লোকসকলৰ সহায়ৰ বাবে চৰকাৰ আৰু জিলা প্ৰশাসনে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। বৰ্তমান ৰাজ্যত ২১৫টা সাহায্য শিবিৰ স্থাপন কৰা হৈছে, য'ত ৭১,২২৩ জন লোকে আশ্ৰয় লৈ আছে। ইয়াৰ উপৰিও ১,৬৯০টা সাহায্য বিতৰণ কেন্দ্ৰৰ জৰিয়তে খাদ্য সামগ্ৰী আৰু অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ অব্যাহত আছে।
বানৰ বিভীষিকাত এই পৰ্যন্ত ৬৮ জন লোকৰ মৃত্যু হৈছে। আনহাতে ৮ জন লোক এতিয়াও নিখোজ হৈ আছে। উদ্ধাৰকাৰী সংস্থাসমূহে বিভিন্ন অঞ্চলত অভিযান অব্যাহত ৰাখিছে আৰু এই পৰ্যন্ত ২৯,৯৮৩ জন লোকক সুৰক্ষিত স্থানলৈ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
বানৰ তাণ্ডৱত গৃহহীন হৈ পৰিছে বহু পৰিয়াল। চৰকাৰী তথ্য অনুসৰি, ১,১৮০টা ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ বিপৰীতে ৯,৯২৬টা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে। ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ বাবে জিলা প্ৰশাসনসমূহে তৎপৰতাৰে কাম কৰি আছে।
বানত প্ৰভাৱিত জিলাসমূহ হৈছে— গোৱালপাৰা, কাছাৰ, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, যোৰহাট, বিশ্বনাথ, চৰাইদেউ, নলবাৰী, বৰপেটা, চিৰাং, কোকৰাঝাৰ, বঙাইগাঁও, বাক্সা, শিৱসাগৰ, দৰং, শোণিতপুৰ, তিনিচুকীয়া, ওদালগুৰি, গোলাঘাট, নগাঁও, কাৰ্বি আংলং, কামৰূপ, কামৰূপ (মেট্ৰ') আৰু হোজাই।
চৰকাৰে বানাক্ৰান্ত অঞ্চলসমূহত উদ্ধাৰ, সাহায্য আৰু পুনৰ সংস্থাপনৰ কাম ত্বৰান্বিত কৰাৰ লগতে ক্ষতিগ্ৰস্ত লোকসকলক সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস দিছে। বৰ্তমানো বিভিন্ন নদীৰ জলস্তৰ আৰু বতৰৰ ওপৰত জিলা প্ৰশাসনসমূহে তীক্ষ্ণ দৃষ্টি ৰাখিছে, যাতে যিকোনো জৰুৰী পৰিস্থিতিৰ সন্মুখীন হ'ব পৰা যায়।