বিশেষ বাৰ্তা, ডিফু: খিলঞ্জীয়া অসমীয়া শিখসকলৰ ২০৬ বছৰীয়া বৰ্ষপূৰ্তি উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে 'অসমীয়া শিখ সন্থা'ই। নগাঁও জিলাৰ চাপৰমুখস্থিত ঐতিহাসিক 'মাতাজী গুৰুদ্বাৰ'ৰ প্ৰাংগণত শেহতীয়াকৈ অনুষ্ঠিত সন্থাৰ দ্বিতীয়খন কাৰ্যনিৰ্বাহক সভাত এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। খিলঞ্জীয়া অসমীয়া শিখসকলে অসমত ২০৬ বছৰ অতিক্ৰম কৰা ঐতিহাসিক ক্ষণটোক স্মৰণীয় কৰি ৰাখিবলৈ সমগ্ৰ অসম ভিত্তিত এই বৰ্ষপূৰ্তি অনুষ্ঠানটি উদযাপন কৰা হ'ব বুলি সন্থাৰ সভাপতি ৰাজবীৰ সিঙে জানিবলৈ দিয়ে (Assamese Sikhs 206 Years)। এই বৃহৎ কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে অতি শীঘ্ৰে এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হ'ব বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।
এই ঐতিহাসিক বৰ্ষপূৰ্তি অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হ'ব । ইফালে, ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰাৰ বাবে কাৰ্যনিৰ্বাহক সভাৰ মজিয়াৰ পৰাই তেওঁক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰা হয় । সন্থাৰ সভাপতি ৰাজবীৰ সিংহ, সাধাৰণ সম্পাদক গোবিন্দ সিংহৰ লগতে সমগ্ৰ অসমীয়া শিখ ৰাইজৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীগৰাকীলৈ এই ওলগ জনোৱা হয়।
চাপৰমুখৰ এই গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভাত অসমীয়া শিখ সমাজৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি আৰু প্ৰতিনিধি উপস্থিত আছিল। ইয়াৰ ভিতৰত জ্যেষ্ঠ উপ-সভাপতি চৰ্দাৰ ৰাম সিংহ, চৰ্দাৰ ঈশ্বৰ সিংহ, চৰ্দাৰ শ্যাম সিংহ, বিবি চুমিত্ৰা কৌৰ আৰু উপদেষ্টা চৰ্দাৰ যোগেন সিংহ অন্যতম। ইয়াৰ উপৰিও সহকাৰী সম্পাদক ক্ৰমে পাৰবিন্দৰ সিংহ, চন্দন সিংহ, বলদেব সিংহ, জ্ঞানী ছেৰ সিংহ, জচপাল সিংহ, গুৰুদেব সিংহ আদিকে ধৰি সন্থাৰ সমূহ সদস্যই উপস্থিত থাকি সভাৰ কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।
লগতে পঢ়ক: বৰক’লাৰ কেন্দ্ৰীয় গুৰুদ্বাৰত অসমীয়া শিখ সন্থাৰ বিশেষ কাৰ্যনিৰ্বাহক সভা