নগাঁও: বিগত পোন্ধৰ দিনতকৈও অধিক সময় ধৰি নগাঁও জিলাৰ জখলাবন্ধাৰ চেকনী চাহ বাগিচাত চলি থকা অচলাৱস্থাৰ স্থায়ী সমাধান বিচাৰি আজি ৰাজ্য চৰকাৰৰ   শ্ৰম কল্যাণ আৰু চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলীৰ অধ্যক্ষতাত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় (Chekoni Tea Estate)। দিছপুৰৰ সচিবালয় ভৱনৰ সভাকক্ষত অনুষ্ঠিত উক্ত বৈঠকত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, সহকাৰী শ্ৰম আয়ুক্ত কবিতা বৰ্মন, চাহ বাগিচাখনৰ পৰিচালনা সমিতি, শ্ৰমিক সংগঠনৰ নেতৃত্ব আৰু অন্যান্য অংশীদাৰসকলৰ  প্ৰতিনিধি উপস্থিত থাকে।

বৈঠকত চাহ বাগিচাখনৰ শ্ৰমিক কল্যাণ, মজুৰি সম্পৰ্কীয় বিষয়, স্বাস্থ্যসেৱা আৰু বাগিচাখনৰ সামগ্ৰিক কাৰ্যপ্ৰণালীৰ দৰে বিভিন্ন গুৰুত্বপূৰ্ণ দিশ বিতংভাৱে পৰ্যালোচনা কৰা হয়, য’ত সকলো পক্ষই এক  স্থায়ী সমাধানৰ লক্ষ্যৰে নিজৰ নিজৰ মতামত দাঙি ধৰে। ​শ্ৰমিকসকলৰ অভাৱ-অভিযোগসমূহৰ ফলপ্ৰসূ সমাধান আৰু এক গঠনমূলক আলোচনাৰ পৰিৱেশ সৃষ্টি কৰাৰ উদ্দেশ্যে, জিলা প্ৰশাসনৰ অধীনত এখন নিৰীক্ষণ কমিটি গঠন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই কমিটীয়ে চাহ বাগিচাখনৰ কাম-কাজ পৰ্যবেক্ষণ কৰিব, শ্ৰমিকসকলে উত্থাপন কৰা সমস্যাসমূহৰ সমাধান কৰিব আৰু চেকনী চাহ বাগিচাখন পুনৰ খোলাৰ লগতে ইয়াৰ সুচাৰু পৰিচালনাৰ বাবে এক অনুকূল পৰিৱেশ গঢ়ি তুলিবলৈ কাম কৰিব। সভাত মালিক-শ্ৰমিক সংঘাতৰ বাবে বন্ধ হৈ থকা বাগিছাখনৰ কাম-কাজ অচিৰেই পুনৰ আৰম্ভ কৰাৰ বাবে লোৱা সিদ্ধান্তত সকলো পক্ষ‌ই সহমত পোষণ কৰে।

উল্লেখযোগ্য যে, জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ উদ্যোগতো বাগিছাখনৰ অচলাবস্থাৰ অৱসানৰ বাবে ইতিপূৰ্বে দুলানি আলোচনা অনুষ্ঠিত হৈ গৈছে। জিলা প্ৰশাসন আৰু শ্ৰম বিভাগৰ প্ৰচেষ্টা সফল নোহোৱাত আজি অসম চৰকাৰৰ হৈ শ্ৰম মন্ত্ৰীয়ে নিজেই বিষয়টো সমাধানৰ উদ্যোগ লৈ আলোচনা অনুষ্ঠিত কৰে।

লগতে পঢ়কঃ শিল্পীৰ কোনো ধৰ্ম নাই, কৰ্মইহে আচল ধৰ্ম