Duck with Ash Gourd (হাঁহৰ সৈতে জহা কোমোৰা) অসমৰ পৰম্পৰাগত ৰন্ধনৰ এটা জনপ্ৰিয় ব্যঞ্জন। এই ব্যঞ্জনত হাঁহৰ মাংসৰ স্বাদ আৰু জহা কোমোৰাৰ কোমলতা একেলগে মিলি এক বিশেষ সোৱাদ দিয়ে।-Assamese Duck Recipe

উপকৰণসমূহ (Duck with Ash Gourd Ingredients)

  • হাহঁৰ মাংস
  • জহা কোমোৰা
  • আদা
  • নহৰু
  • জলকীয়া
  • জালুক
  • পিয়াঁজ
  • তেজপাত

ৰন্ধন প্ৰণালী

প্ৰথমে হাহঁৰ মাংসখিনি সৰু সৰু টুকুৰা কৰি ললোঁ ৷পিয়াঁজ অলপো মিহি মিহিকৈ কুটি ললোঁ ৷আদা নহৰু গোটা জিৰা শুকানজলকীয়া জালুক মিহিকৈ পিচি ললোঁ ৷জহা কোমোৰা অলপ কাটি ললোঁ ৷- Traditional Assamese Food

এতিয়া এখন কেৰাহীত তেল গৰম কৰি প্ৰথমে দুটা তেজপাত দিলো ৷তাৰ পাছত পিয়াঁজ খিনি দি ৰঙচুৱাকৈ ভাজি ললো ৷তাৰ পাছত পিচি লোৱা মছলাখিনি দি লৰাই থাকিলো ৷ মচলাৰ ভালকৈ ভাজা হোৱাত মাংস খিনি দি ঢাকি কম জুইত আধাভাজা কৰি ললোঁ ৷

এতিয়া তাত কোমোৰাখিনি দি পুনৰ সিজিবলৈ ঢাকন মাৰি দিলোঁ ৷ আৰু অলপ সিজাৰ পাছত অকণমান গৰমপানী দি উতলিবলৈ দিলোঁ ।

উতলি পানী শুকাই যোৱাত নমাই থলোঁ ৷ তৈয়াৰ হৈ গল মোৰ হাঁহ কোমোৰাৰ জুতি লগা ব্যঞ্জনখন💐

পৰিবেশিকা - জ্যোতিকা বৰা