মিউজ ডেস্ক: নেপালৰ ৰাছুৱা জিলাত ভয়ংকৰ বান আৰু ভূমিস্খলনে সৃষ্টি কৰিছে ব্যাপক ধ্বংসলীলা। চাৰিওফালে কেৱল পানী, বোকা, ধ্বংসাৱশেষ আৰু আতংকৰ পৰিৱেশ। বহু পৰিয়ালে হেৰুৱাইছে ঘৰ-দুৱাৰ, বহু লোক এতিয়াও সন্ধানহীন। এই ভয়ংকৰ পৰিস্থিতিৰ মাজতেই পোহৰলৈ আহিছে এটা হৃদয়স্পৰ্শী ঘটনা।


বানপীড়িত অঞ্চলত উদ্ধাৰ অভিযান চলাই থকাৰ সময়তে উদ্ধাৰকাৰী দলৰ হাতত পৰে মাত্ৰ ডেৰমহীয়া এটি কণমানি। এটা মুহূৰ্তৰ বাবে যেন সকলোৰে চকু থমকি ৰ’ল। এতিয়া প্ৰশ্ন—ইমান ভয়ংকৰ বানৰ মাজত এই কণমানিটো কেনেকৈ পালে নতুন জীৱন?


উদ্ধাৰকাৰী দলে অভিযান চলাই থকাৰ সময়তে হঠাতে উদ্ধাৰকাৰী দলৰ চকুত পৰে এটি ডেৰমহীয়া কণমানি। লগে লগে উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰে কণমানিটি। শিশুটিক উদ্ধাৰ কৰাৰ পিছত অতি সাৱধানে সুৰক্ষিত স্থানলৈ লৈ যোৱা হয়। পিছত শিশুটোক ৰাছুৱা ধাংগে শিবিৰলৈ লৈ যোৱা হয়, য’ত কণমানিটোৰ যত্ন লোৱা হয়।


ভয়ংকৰ বিপৰ্যয়ৰ মাজত শিশুটোৰ জীবন্ত উদ্ধাৰে উদ্ধাৰকাৰীসকলো  স্বস্তিৰ নিশ্বাস এৰে। কাৰণ, যি বানৰ সোঁতে মুহূৰ্তৰ ভিতৰতে ঘৰ-দুৱাৰ উটুৱাই নিলে, যি পানীয়ে মানুহক নিজৰ আপোনজনৰ পৰা বিচ্ছিন্ন কৰিলে—সেই একেটা বিপৰ্যয়ৰ মাজতেই এটি সৰু জীৱনে যেন ক’লে, আশা এতিয়াও শেষ হোৱা নাই।


ৰাছুৱাত উদ্ধাৰ অভিযান অব্যাহত আছে। বিপৰ্যয়ৰ মাজত বহু লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে, আৰু সন্ধানহীন লোকসকলৰ সন্ধানতো অভিযান চলি আছে। কিন্তু এই ডেৰমহীয়া কণমানিটোৰ উদ্ধাৰৰ দৃশ্য এতিয়া হৈ পৰিছে এক আশাৰ প্ৰতীক।


ধ্বংসৰ মাজতো জীৱন আছে...

আতংকৰ মাজতো আশা আছে...

আৰু সেই আশাৰ নামেই যেন—এই কণমানি।