নিউজ ডেস্ক: ১৬ ডিচেম্বৰ।১৯৭১ চনত ভাৰতীয় সেনাই পাকিস্তানী সেনাক পৰাজিত কৰাৰ গৌৰৱময় গাথাক স্মৰণ কৰি প্ৰতিবছৰে ১৬ ডিচেম্বৰৰ দিনটো বিজয় দিৱস হিচাপে পালন কৰা হয়(Vijay Diwas)। এই বিজয়ৰ ফলশ্ৰুতিত বাংলাদেশ নামৰ এখন নতুন ৰাষ্ট্ৰৰ জন্ম হৈছিল। পাকিস্তানৰ ৯৩০০০ সেনাই ভাৰতীয় সেনা আৰু পাকিস্তানৰ মুক্তি বাহিনীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল। দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ৰ পৰা সেনাৰ এই বৃহৎ আত্মসমৰ্পণ সম্ভব হোৱা নাই ।ভাৰতীয় সেনাৰ এই গৌৰৱময় বিজয়ক স্মৰণ কৰি প্ৰতিবছৰে ১৬ ডিচেম্বৰ দিনটো বিজয় দিৱস হিচাপে পালন কৰি অহা হৈছে।

দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূয়ে উল্লেখ ভাৰতীয় সেনাৰ প্ৰতি কৃতজ্ঞতা জনাই উল্লেখ কৰিছে এনেদৰে-'বিজয় দিৱসত ভাৰত মাতৃৰ সুপুত্ৰ সকললৈ শ্ৰদ্ধা জনাইছো। তেওঁলোকৰ সাহস,পৰাক্ৰম আৰু মাতৃভূমিৰ প্ৰতি থকা অনন্য নিষ্ঠাই দেশক গৌৰৱান্বিত কৰি আহিছে। তেওঁলোকৰ বীৰত্ব আৰু দেশপ্ৰেমে দেশবাসীক অনুপ্ৰাণিত কৰি আহিছে। ৰাষ্ট্ৰপতি গৰাকীয়ে অপাৰেচন সেন্দুৰ কথাও উল্লেখ কৰিছে-'অপাৰেচন সেন্দুৰ'ত ভাৰতীয় সেনাই দেখুওৱা আত্মনিৰ্ভৰতা,সামৰিক দৃঢ়তাআধুনিক যুদ্ধ কৌশলৰ পৰিচয় দিছে। যি দেশৰ বাবে প্ৰেৰণা।মই প্ৰত্যেকজন সেনা আৰু তেওঁলোকৰ পৰিয়াললৈ শুভকামনা জনাইছো।

https://twitter.com/rashtrapatibhvn/status/2000754723746668765

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 'এক্স' হেণ্ডেলত এই সম্পৰ্কে উল্লেখ কৰিছে এনেদৰে-' বিজয় দিৱসত আমাৰ সাহসী সেনা সকলক স্মৰণ কৰিছো। যাৰ আত্মত্যাগৰ বাবে ১৯৭১ চনত ভাৰতে ঐতিহাসিক বিজয় লাভ কৰিবলৈ সক্ষম হৈছিল। ভাৰতীয় সেনাৰ দৃঢ় সংকল্প আৰু নিস্বাৰ্থ সেৱাই আমাৰ জাতিটোক ৰক্ষা কৰিছে । এই দিনটো তেওঁলোকৰ বীৰত্বৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আৰু অতুলনীয় পৰাক্ৰমৰ স্মাৰক।তেওঁলোকৰ বীৰত্বই প্ৰজন্মৰ পিচত প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে।'

https://twitter.com/narendramodi/status/2000757873652240813

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উল্লেখ কৰিছে যে বিজয় দিৱসত ভাৰতীয় সেনাৰ গৌৰৱ আৰু কৃতজ্ঞতাৰ প্ৰতি দেশবাসী নতহৈ থাকিব। গৃহমন্ত্ৰী অমিত শ্বাহেও বিজয় দিৱসত ভাৰতীয় সেনাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে।

https://twitter.com/rajnathsingh/status/2000760822050746789

গৃহমন্ত্ৰী অমিত শ্বাহে উল্লেখ কৰিছে এনেদৰে ১৯৭১ চনৰ আজিৰ দিনটোতে ভাৰতীয় সেনাইঅদম্য সাহস আৰু সঠিক ৰণনীতিৰে পাকিস্তানী সেনাক পৰাস্ত কৰি তেওঁলোকক আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰিছিল ।

https://twitter.com/AmitShah/status/2000745946720972894

লগতে পঢ়ক: পেহেলগাম কাণ্ড সম্পৰ্কত এন আই এ ৰ ১৫৯৭ পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল – Pahalgam Terror Attack Case