দেৱাশীষ শৰ্মা (IAS)

ইংৰাজীত এষাৰ কথা আছে-Teacher give us roots to grow and wings to fly
অৰ্থাৎ শিক্ষকে আমাক বৃদ্ধি হবলৈ শিপা দিয়ে আৰু উৰিবলৈ পাখি। শিক্ষকতা বৃত্তিটো এক মহান বৃত্তি। এখন সমাজ গঠনত শিক্ষক সকলৰ যি ভূমিকা, তেনে ভূমিকা অন্য সকলৰ হয়তো নাই। এজন প্ৰশাসনিক বিষয়া নোহোৱা হলে মই হয়তো এজন শিক্ষক হ’লোহেতেন। কাৰণ শিক্ষকতা কেৱল এক বৃত্তিয়েই নহয়। ই এক সেৱা (Teacher Responsibility in Education)। শিক্ষক সকলে মমবাতিৰ দৰে নিজে জ্বলি আনক পোহৰ দিয়ে। শিক্ষক, অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰী। তিনিটা উধানৰ দৰে। যেনেদৰে তিনিটা উধান হলেহে ৰন্ধন কাৰ্য সমাপন কৰিব পাৰি, একেদৰে শিক্ষক, অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীৰ সমন্বয়ৰেহে সমাজখন ইতিবাচক দিশৰে আগুৱাই যাব । এই তিনিওটা তিনিওটাৰে পৰিপূৰক।
কিন্তু শেহতীয়াকৈ অসমৰ চৰকাৰী শিক্ষাখণ্ডৰ মানদণ্ডৰ নিম্নগামীতাই প্ৰতিজন সচেতন লোককে উদ্বিগ্ন কৰি তুলিছে। শেহতীয়াকৈ নগাঁও জিলাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল নিম্নগামী হোৱাটোৱে অন্য সচেতন লোকসকলৰ লগতে জিলাখনৰ মুৰব্বী হিচাপে আমাকো উদ্বিগ্ন কৰি তুলিছে। ইয়াৰ কেৰোণবোৰ ক’ত? কিয় আমি ছাত্ৰ-ছাত্ৰী সকলক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি তুলিব পৰা নাই? কিয় উত্তীৰ্ণৰ হাৰ তেনেই কম? এই দিশবোৰ আমি প্ৰত্যেকেই চালি জাৰি চোৱা উচিত। চৰকাৰী বিদ্যালয় সমূহত আটাইতকৈ যোগ্যতা সম্পন্ন শিক্ষক-শিক্ষয়িত্ৰী সকলে কাৰ্যনিৰ্বাহ কৰে। তেওঁলোকৰ যোগ্যতাৰ ওপৰত সন্দেহ কৰাৰ কোনো অৱকাশ নাই। কাৰণ চৰকাৰী বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলে শিক্ষকৰ যোগ্যতা নিৰূপক পৰীক্ষাত উত্তীৰ্ণ হৈ হে চৰকাৰী বিদ্যালয়ত শিক্ষকতা কৰিব পাৰে।
তদুপৰি চৰকাৰী বিদ্যালয় সমূহৰ আন্তঃগাঁথনিও আজি-কালি বহু উন্নত। চৰকাৰী শিক্ষক সকলক সৰকাৰে উপযুক্ত দৰমহা, সা- সুবিধা প্ৰদান কৰি আহিছে। ইয়াৰ পিছতো একাংশ চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ মানদণ্ড কিয় উন্নত নহয়? প্ৰত্যেকজন শিক্ষকে সেই কথা অনুধাৱন কৰা উচিত। মই নিজে অনুভৱ কৰো যদি মই চৰকাৰী দৰমহা, সা- সুবিধা লাভ কৰাৰ পিছতো আয়ুক্ত হিচাপে যদি জিলাখন সঠিকভাৱে পৰিচালনা কৰিব নোৱাৰো, তেন্তে মোৰ আয়ুক্ত হৈ থকাৰ নৈতিক অধিকাৰ নাই। শিক্ষক সকলেও এই কথা উপলব্ধি কৰা উচিত। কেৱল মাত্ৰ দৰমহা লোৱা বা বৃত্তিগত দায়িত্ব পালনৰ লগতে ছাত্ৰ-ছাত্ৰীৰ জীৱন গঢ় দিয়াৰো দায়িত্ব শিক্ষক সকলৰ আছে বা থকা উচিত। সেই দায়িত্ব সুচাৰুৰূপে পালন কৰা শিক্ষক সকলকেই অৱসৰৰ পিছতো ছাত্ৰ-ছাত্ৰীয়ে মনত ৰাখে সন্মান দিয়ে।
নগাঁও জিলাত এইবাৰ আমি পৰীক্ষাত নকল কৰা ব্যৱস্থাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছো। প্ৰত্যেকজন শিক্ষকেও এই দিশটো গুৰুত্ব সহকাৰে চোৱা উচিত। ছাত্ৰ-ছাত্ৰীক পৰীক্ষাৰ সময়ত শিকাই দি কেৱল মাত্ৰ উত্তীৰ্ণৰ হাৰ বৃদ্ধি কৰি সু নাগৰিক গঢ় দিব নোৱাৰি। সু নাগৰিক গঢ়িবলৈ হ’লে শিক্ষক সকলে ছাত্ৰ-ছাত্ৰীক পাঠ্যপুথিৰ বিষয়বস্তু হৃদয়ংগম কৰাব পাৰিব লাগিব আৰু জীৱনবোধৰ শিক্ষাৰেও শিক্ষিত কৰিব পাৰিব লাগিব। ছাত্ৰ-ছাত্ৰীক প্ৰকৃত মানুহ হিচাপে গঢ় দিব পাৰিব লাগিব। তেতিয়াহে শিক্ষকতাৰ সাৰ্থকতা পোৱা যাব।
অৱশ্যে দীৰ্ঘদিনিয়া চৰকাৰী বিষয়া হিচাপে আমাৰ অভিজ্ঞতাৰ পৰা আমি এটা কথা অস্বীকাৰ কৰিব নোৱাৰি যে, নিৰ্বাচনকে আদি কৰি বি এল অ, জনগণনা, এন আৰ চি আদি বিভিন্ন দায়িত্ব অতিৰিক্তভাৱে চৰকাৰে শিক্ষক-শিক্ষয়িত্ৰী সকলক প্ৰদান কৰে। এনে অতিৰিক্ত দায়িত্ব দিয়াৰ ফলত শিক্ষা দানত কিছু পৰিমাণে হলেও ক্ষতিগ্ৰস্ত হোৱাটোও হৃদয়ংগম কৰোঁ । পাঁচ বছৰৰ ভিতৰত কেবাটাও নিৰ্বাচনী কামত ( পঞ্চায়ত, বিধানসভা, লোকসভা) নিয়োজিত কৰা হয় চৰকাৰী শিক্ষকক।
ইণ্ডোনেছিয়াৰ দৰে বহু ৰাষ্ট্ৰই পঞ্চায়তৰ পৰা প্ৰতিটো নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাত এবাৰেই চৰকাৰী শিক্ষক কৰ্মচাৰী ব্যস্ত হ’ব লাগে নিৰ্বাচনী কামত। এনে ব্যৱস্থায়ো বহু ক্ষেত্ৰত বিশেষকৈ শিক্ষকসকলক পাঠদানত মনোনিবেশ কৰাত সহায়ক হয়।
অন্যহাতেদি একাংশ শিক্ষকে ছাত্ৰ-ছাত্ৰী সকলে মনোযোগ নিদিয়ে বা ছাত্ৰ-ছাত্ৰী সকলৰ বিৰুদ্ধে বিভিন্ন অভিযোগ দিয়ে। কিন্তু নিজৰ সন্তানক যেনেদৰে আমি প্ৰতিপালন কৰো, একেদৰে ছাত্ৰ-ছাত্ৰী সকলকো আমি যত্নৰে শিক্ষাদান কৰিলে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে আগবাঢ়ি যাব বুলি আশা কৰিব পাৰি। বৌদ্ধিক, মানসিক, শাৰীৰিক আৰু সবাৰো ওপৰ নৈতিক শিক্ষাৰে শিক্ষিত কৰিব লাগিব।
প্ৰত্যেকজন শিক্ষকে মনত ৰখা উচিত শিক্ষক অৰ্থাৎ TEACHER মানে হৈছে,T-talent অৰ্থাৎ প্ৰতিভাশালী। E- Educated অৰ্থাৎ শিক্ষিত। A- adorable অৰ্থাৎ মনোমোহা। C-caring or charming অৰ্থাৎ যত্নশীল আৰু আকৰ্ষক। H- helpful অৰ্থাৎ সহায়ক। E- encouragement অৰ্থাৎ প্ৰেৰণাদায়ক। R- respective or responsible অৰ্থাৎ সন্মানীয় বা দায়িত্ব সম্পন্ন।
Teacher – এই শব্দটোৰ অৰ্থ হৃদয়ঙ্গম কৰি প্ৰত্যেকজন শিক্ষকে যদি আগবাঢ়ে তেন্তে শিক্ষাৰ মানদণ্ড উন্নত হবই। লগতে ছাত্ৰ-ছাত্ৰী পাঠ্যপুথিগত শিক্ষাৰ লগতে নৈতিক শিক্ষাৰেও শিক্ষিত হব। এইটোৱেই আমাৰ আশা।
একে সময়তে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত নগাঁও জিলাৰ সফলতাই আমাক গৌৰাম্বিত কৰিলে। লগতে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ উজ্বল ভৱিষ্যৎ কামনা কৰিলোঁ।
লগতে পঢ়কঃ নগাঁৱৰ ৩৯ খনকৈ বিদ্যালয়ৰ মেট্ৰিকৰ ফলাফলক লৈ তীব্ৰ অসন্তুষ্টি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ

