Nagaon Election 2026 Sets Historic Record with Peaceful Polling and Countingইতিহাস ৰচি নগাঁৱত শান্তিপূৰ্ণভাৱে সম্পন্ন নিৰ্বাচন

নগাঁও: ২০২৬চনৰ অসম বিধানসভা নির্বাচনত নগাঁও জিলাই এক ঐতিহাসিক কৃতিত্ব লাভ কৰিবলৈ সক্ষম হৈছে। দীৰ্ঘদিন ধৰি নির্বাচনী হিংসা, ৰেগিঙৰ অভিযোগ আৰু অশান্তিৰ বাবে বাতৰিৰ শিৰোনামা দখল কৰা নগাঁও জিলাত এইবাৰ সম্পূৰ্ণ শান্তিপূৰ্ণ পৰিৱেশত নির্বাচনী সকলো প্ৰক্ৰিয়া সম্পন্ন হয়। জিলাবাসীয়ে সকলো প্ৰকাৰৰ অশান্তিৰ অভিলেখ ভংগ কৰি শান্তিৰ স্থাপন কৰিলে নতুন দৃষ্টান্ত (Nagaon Election 2026)।

নগাঁৱৰ জিলা আয়ুক্ত তথা জিলা নির্বাচনী বিষয়া দেৱাশীষ শৰ্মা (আই.এ.এছ.) আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতীম দাস (আই.পি.এছ.)ৰ নেতৃত্বত জিলা প্ৰশাসন আৰু আৰক্ষীয়ে দিন-ৰাতি একাকাৰ কৰি সময়ে সময়ে গ্ৰহণ কৰি অহা বিভিন্ন পদক্ষেপৰ বাবে এই সফলতা লাভ কৰিবলৈ সক্ষম হ’ল নগাঁও জিলা। উল্লেখযোগ্য যে, ৰাইজৰ সক্ৰিয় সহযোগিতাই এই প্ৰয়াসক আৰু অধিক সফল কৰি তুলিলে।

প্ৰস্তুতি আৰু তৎপৰতা:

নির্বাচনৰ বহু আগৰে পৰাই জিলা প্ৰশাসনে শান্তিপূৰ্ণ নিৰ্বাচন সম্পন্ন কৰিবলৈ বিশেষ পৰিকল্পনা গ্ৰহণ কৰিছিল। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই নিৰ্বাচনী প্ৰস্তুতিৰ বাবে বাৰে বাৰে ৰিভিউ মীটিং অনুষ্ঠিত কৰিছিল, সংবেদনশীল অঞ্চলসমূহ চিনাক্তকৰণ কৰিছিল আৰু আৰক্ষীৰ সৈতে সমন্বয় সাধন কৰিছিল। পুলিচ অবজাৰ্ভাৰসহ বিভিন্ন স্তৰৰ বিষয়াৰ সৈতে আলোচনা কৰি নিৰাপত্তা ব্যৱস্থা সুদৃঢ় কৰি তোলা হৈছিল।

বিশেষকৈ স্পৰ্শকাতৰ স্থান হিচাপে পৰিচিত এলেকাসমূহত আৰক্ষী অধীক্ষকক লগত লৈ জিলা আয়ুক্তই ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰাৰ উপৰিও এৰিয়া ডমিনেশ্যন কৰিছিল।

জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতীম দাসৰ নেতৃত্বত আৰক্ষীয়ে এৰিয়া ডমিনেশ্যন, ৰোড মাৰ্চ আৰু নিয়মীয়া টহলৰ জৰিয়তে সন্দেহজনক তৎপৰতা নিয়ন্ত্ৰণ কৰিছিল। য’ত জিলা আয়ুক্ত নিজেও উপস্থিত আছিল। নিৰ্বাচনৰ দিনা পলিং ষ্টেচনসমূহত কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। ফলত কোনো ধৰণৰ বৃহৎ অশান্তি বা হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই।

ৰাইজৰ ভূমিকা আৰু কৃতজ্ঞতা:

জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ৰাইজৰ সহযোগিতাক অতি গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰি কয় যে, “ৰাইজৰ সচেতনতা আৰু সহযোগিতাৰ বাবেই এইবাৰ নগাঁওত শান্তিপূৰ্ণ নির্বাচন সম্ভৱ হৈছে।” জিলাবাসীয়ে শান্তিৰ পক্ষত থাকি ভোট দিয়াৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি গণতন্ত্ৰৰ উৎসৱক সাৰ্থক কৰি তুলিলে।

এই সফলতাৰ বাবে জিলা প্ৰশাসন, আৰক্ষী আৰু ৰাইজৰ যৌথ প্ৰয়াসক বিভিন্ন মহলে শলাগিছে। সঠিক নেতৃত্ব, পৰিকল্পনা আৰু ৰাইজৰ সহযোগিতাৰে যিকোনো প্ৰত্যাহ্বানক জয় কৰিব পৰাটোকে এইবাৰৰ নগাঁও জিলাৰ নিৰ্বাচনী প্ৰক্ৰিয়াই প্ৰমাণ কৰি দেখুৱালে।

নগাঁও জিলাৰ এই সফলতাই সমগ্ৰ অসমৰ বাবে এক আদৰ্শ হৈ পৰিছে। জিলা আয়ুক্ত দেৱাশীষ শৰ্মা আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতীম দাসৰ দৰে বিষয়াসকলৰ নিষ্ঠা আৰু তৎপৰতাই প্ৰমাণ কৰিলে যে, সেৱা আৰু দায়িত্ববোধৰ জৰিয়তে ৰাইজৰ আস্থা বুটলিব পৰা যায়।

নগাঁও জিলাবাসীক আৰু জিলা প্ৰশাসন-আৰক্ষীৰ ভূমিকাক এতিয়া প্ৰশংসা কৰিছে বিভিন্নজনে।

নগাঁও জিলাৰ নিৰ্বাচনী ফালফল:

কলিয়াবৰ-

কেশৱ মহন্ত(অগপ)- ৭৪,০২৯ (বিজয়ী)

জিতেন গৌড়(নিৰ্দলীয়)- ৫৬,১৩৯

ব্যৱধান- ১৭,৮৯০

  চামগুৰি বিধনসভা সমষ্টি- 

তাঞ্জিল হুছেইন (কংগ্ৰেছ) – ১৪৫,২১২ (বিজয়ী)

অনিল শইকীয়া (বিজেপি) – ৩৬,৯০২

আব্দুল আজিজ (২৭,৯০৪)

ব্যৱধান ১,০৮,৩১০

 ৰূপহীহাট সমষ্টি -

নুৰুল হুদা- (কংগ্ৰেছ) – ১,৩৫,৬৮২ (বিজয়ী)

আমিনুল ইছলাম ( এ আই আই ডি এফ)- ৬৫,৯১৬

ব্যৱধান- ৬৯,৭৬৬

    ধিং- 

মেহবুব মোক্তাৰ (ৰাইজৰ দল)- ১,৩১,১৮২ (বিজয়ী)

মতিউৰ ৰহমান- ৫৯,৬৮৮

ব্যৱধান – ৭১,৪৯৪

  নগাঁও বটদ্ৰৱা- 

ৰূপক শৰ্মা(বিজেপি)- ১,১৩, ৯৫৮ (বিজয়ী)

ডাঃ দুৰ্লভ চমুৱা- ৫১,৯৭৪

ব্যৱধান- ৬১,৯৮৪

        ৰহা- 

শশীকান্ত দাস(বিজেপি) – ১,১১,৩৬০ (বিজয়ী)

উৎপল বণিয়া (কংগ্ৰেছ)- ৯০,৭৬৬

ব্যৱধান – ২০,৫৯৪

   বঢ়মপুৰ - 

জিতু গোস্বামী(বিজেপি)- ১,১৭,১২৭ (বিজয়ী)

ৰাজেন গোহাঁই(অজাপ)- ৬০,০৮৬

ব্যৱধান- ৫৭,০৪১

নগাঁও নিৰ্বাচনী বিষয়া শ্বেখৰজ্যোতি ফুকন, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ চিকাৰীয়াৰ লগতে নিৰ্বাচনী কামত জড়িত হোৱা জিলাখনৰ প্ৰতিগৰাকী প্ৰশাসনিক বিষয়া, কৰ্মচাৰী সকলোকে নিষ্ঠাৰে দায়িত্ব পালনৰ বাবে জিলাখনৰ মুৰব্বী হিচাপে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কৃতজ্ঞতা জ্ঞাপন কৰে।

লগতে পঢ়কঃ নগাঁৱত শান্তিপূৰ্ণভাৱে সম্পন্ন ভোটদান, ক’ত কিমান শতাংশ হৈছে ভোটদান?


Advertisement