Eminent Photographer Nalini Baruah Passes Away at 96Nalini Baruah Photographer : আলোকচিত্ৰ শিল্পী নলিনী বৰুৱা আৰু নাই

তেজপুৰঃ বিশিষ্ট আলোকচিত্ৰ শিল্পী নলিনী বৰুৱা আৰু নাই। তেজপুৰৰ বাৰহলীয়াস্থিত বাসগৃহত ৯৬ বছৰ বয়সত তেওঁ মৃত্যু বৰণ কৰে (Nalini Baruah Photographer)।

১৯৩১ চনৰ ২২ এপ্ৰিলত শোণিতপুৰ জিলাৰ দুলুং চাহবাগিচাত জন্মগ্ৰহণ কৰা নলিনী বৰুৱাই ৯ বছৰ বয়সতে উপহাৰ স্বৰূপে পোৱা এটা কডাক কেমেৰাৰে তেওঁৰ ফটোগ্ৰাফী জীৱন আৰম্ভ কৰিছিল (Assam Photographer)।

পৰৱৰ্তী সময়ত ১৯৫০ চনত নগাঁও জিলাৰ জখলাবন্ধাত এটা ফটোগ্ৰাফী ষ্টুডিঅ খুলি ব্যৱসায়ভিত্তিক ফটোগ্ৰাফীৰ কাম আৰম্ভ কৰে।

১৯৫৭ চনত তেজপুৰত ষ্টুডিঅ আৰম্ভ কৰে। বৰুৱাৰ প্ৰথমখন আলোকচিত্ৰ প্ৰদৰ্শনী হৈছিল ১৯৬৮ চনত তেজপুৰৰ হেম বৰুৱা ভৱনত (Photography Exhibition)।

ইয়াৰ পিচত তেওঁ দিল্লী, কলিকতাকে ধৰি বিভিন্ন ৰাজ্যত আলোকচিত্ৰৰ প্ৰদৰ্শনী কৰে। কছৱল ভাৰতৰ বিভিন্ন ৰাজ্যতেই নহয় বিদেশতো আলোকচিত্ৰ প্ৰদৰ্শনীৰ জৰিয়তে এজন আন্তৰাষ্ট্ৰীয় শিল্পীৰ সন্মানো লাভ কৰিবলৈ সক্ষম হয় বৰুৱা (International Photographer)। বৰুৱাই ১৯৭৭ চনত আমেৰিকাৰ ফটোগ্ৰাফী চচাইটিৰ পৰা জাৰ্নেল এৱাৰ্ড লাভ কৰিছিল। ‘কেট ট্ৰায়’, মিচিং বিহু ডাঞ্চ’, পেং অৱ বাৰ্থ, আনৱান্টেড বেবী, দ্যা চিম্বল, ফেয়াৰৱেল আদি বহু মানবিশিষ্ট আলোকচিত্ৰৰ বাবে আন্তৰাষ্ট্ৰীয় পৰ্যায়তো খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হোৱা বৰুৱাই ‘পেং অৱ বাৰ্থ’ শীৰ্ষক আলোকচিত্ৰখনৰ বাবে ইটালীৰ এচচিয়েছন কালচাৰেল চাৰ্কোলৰ তৰফৰ পৰা স্বৰ্ণ পদক লাভ কৰিছিল । ইটালীত অনুষ্ঠিত ইন্টাৰনেচনেল কালাৰ।শ্লাইড প্ৰদৰ্শনীত ভাগলৈ তেওঁ পুৰস্কৃত হৈছিল।

২০০১ চনত লণ্ডনত অনুষ্ঠিত আলোকচিত্ৰ প্ৰদৰ্শনীত বৰুৱাৰ ‘আনৱান্টেড বেবী’ শীৰ্ষক ছৱিখনে পুৰস্কাৰ লাভ কৰিছিল (Award Winning Photograph)।

মৃত্যুৰ মূহুৰ্তলৈকে তেওঁ তেজপুৰ ফটোগ্ৰাফী ক্লাবৰ মুখ্য উপদেষ্টা আছিল।

২০১৪ চনত বৰুৱা বিষ্ণুৰাভা বঁটাৰেও সন্মানিত হৈছিল।

বৰুৱাৰ মৃত্যুত লুৰীণজ্যোতি গগৈৰ শোক প্ৰকাশঃ

“বিশ্বপ্ৰসিদ্ধ ফটোগ্ৰাফাৰ নলিনী বৰুৱা দেৱৰ বিয়োগৰ খবৰে ব্যথিত কৰিছে৷ কেমেৰাৰ লেন্সেৰে সমাজ, প্ৰকৃতি আৰু মানুহৰ অনুভৱ ধৰি ৰাখিলৈ যি নীৰৱ সাধনা তেখেতে কৰিছিল, সেয়া সদায় অগ্ৰগণ্য হৈ থাকিব।”

“বৰুৱা দেৱে তোলা প্ৰতিটো ছবি কেৱল একোখন দৃশ্য নহয়, একোছোৱা সময়-অনুভৱ আৰু একোটা জীৱন্ত কাহিনী। দেশে-বিদেশে নলিনী বৰুৱা দেৱৰ ফটোগ্ৰাফীয়ে প্ৰসিদ্ধি লাভ কৰিছে৷ নলিনী বৰুৱাৰ অৱদান অসম তথা উত্তৰ-পূবৰ ফটোগ্ৰাফী জগতত চিৰস্মৰণীয় হৈ ৰ’ব৷”

“তেখেতৰ বিয়োগত তেজপুৰৰ সমাজ জীৱনত অপূৰণীয় শূন্যতাৰ সৃষ্টি হ’ল৷ আলোকচিত্ৰ শিল্পীগৰাকীৰ বিয়োগত শোকসন্তপ্ত পৰিয়াল, আত্মীয়-স্বজন আৰু গুণগ্ৰাহী সকলোলৈ আমাৰ গভীৰ সমবেদনা জনালোঁ।”

অখিল গগৈৰ শোক প্ৰকাশঃ

আলোক চিত্র শিল্পী নলিনী বৰুৱাৰ বিয়োগত শোক প্ৰকাশ কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। শোক প্ৰকাশ বিধায়ক অখিল গগৈয়ে কয়,”কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্রাপক আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোক চিত্র শিল্পী নলিনী বৰুৱা দেৱৰ বিয়োগৰ খবৰে ব্যথিত কৰিলে। তেখেতলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোক-সন্তপ্ত পৰিয়াল বৰ্গলৈ জনাইছোঁ গভীৰ সমবেদনা ।”

লগতে পঢ়কঃ সংবাদ জগতৰ মহীৰূহ প্ৰফুল্ল গোবিন্দ বৰুৱাৰ মহাপ্ৰয়ান


Advertisement