Nagaon Drug Crackdown Intensifies Ahead of Electionsনগাঁৱত নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অব্যাহত অভিযান

নগাঁও: নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নগাঁও জিলাত অবৈধ সুৰা তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ফ্লাইং স্কোৱাড দলৰ অভিযান অব্যাহত আছে (Nagaon Drug Crackdown)। কালিও জিলাখনত বিভিন্ন প্ৰান্তত অভিযান চলাই ৪০৫ লিটাৰ চুলাই মদ আৰু ৩৫ লিটাৰ দেশত নিৰ্মিত বিদেশী সুৰা জব্দ কৰা হয় ।

জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ নিৰ্দেশ মৰ্মে আৰক্ষী আৰু আৱকাৰী বাহিনীৰ সহযোগত চলোৱা এই অভিযানত কালি ৰূপহীহাট সমষ্টিৰ অন্তৰ্গত জাজৰি থানা অঞ্চলৰ পৰা ১০ লিটাৰ চুলাই মদ, ধিং সমষ্টিৰ পৰা ১৫ লিটাৰ অবৈধ বিদেশী সুৰা, বৰহমপুৰৰ কামপুৰ অঞ্চলৰ পৰা ৩০০ লিটাৰ চুলাই মদ আৰু ১২ লিটাৰ বিলাতী মদ, চামগুৰিৰ পৰা ৩৫ লিটাৰ আৰু ৰহাৰ পৰা ৬০ লিটাৰ চুলাই মদ আৰু নগাঁও -বটদ্ৰৱা সমষ্টিৰ পৰা ৮ লিটাৰ বিলাতী সুৰা জব্দ কৰি নষ্ট কৰা হয়। ইয়াকে লৈ জিলাখনত নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হোৱাৰে পৰা ৩,৩৬৫ লিটাৰ চুলাই মদ, ১৩৪ লিটাৰ অবৈধ বিলাতী মদ, ৩৪২ গ্ৰাম হেৰোইন, ২২ বটল নিষিদ্ধ কফ ছেৰাফ, ৬০ টা নিচাযুক্ত টেবলেট আৰু চুলাই মদ প্ৰস্তুত কৰাত ব্যৱহৃত বৃহৎ পৰিমাণৰ সামগ্ৰী জব্দ কৰা হৈছে বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনাইছে।

লগতে পঢ়কঃ নগাঁও জিলাত ফ্লাইং স্কোৱাডৰ অভিযান তীব্ৰতৰ, জব্দ অবৈধ সুৰা


Advertisement