Magisterial Inquiry Ordered into Nagaon Police Encounter Caseনগাঁৱৰ বৰকন্দলি মিকিৰপাৰাত আৰক্ষীৰ গুলীত ডকাইত নিহত ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা জিলা আয়ুক্তৰ

নগাঁওঃ নগাঁও জিলাৰ বৰকন্দলি মিকিৰপাৰ গাঁৱত ২৫ মে’ৰ নিশা ডকাইত আৰু আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত (Nagaon Police Encounter)খাইৰুল আলী নামৰ এটা ডকাইত নিহত হোৱা ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে নগাঁও জিলা আয়ুক্ত তথা জিলা দণ্ডাধীশ দেবাশীষ শৰ্মাই।

জিলা দণ্ডাধীশ শৰ্মাই এক নিৰ্দেশনাত উল্লেখ কৰা মতে নগাঁও আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি ৰাঙলু আৰক্ষী চকীৰ অন্তৰ্গত বৰকন্দলি মিকিৰপাৰ অঞ্চলত সন্দেহযুক্ত ডকাইতৰ বিৰুদ্ধে অভিযান চলাবলৈ যাওঁতে ডকাইতৰ দলটোৱে আৰক্ষীলৈ লক্ষ্য কৰি গুলিচালনা কৰাত আৰক্ষী দলটোৱেও গুলীৰে প্ৰত্যুত্তৰ দিয়ে। ফলত খাইৰুল আলী আহত হয় । খাইৰুল আলীক সংকটজনক অৱস্থাত ততাতৈয়াকৈ নগাঁও মেডিকেল কলেজ হাস্পিতাললৈ নিয়া হয় যদিও তেওঁক মৃত ঘোষণা কৰে।নিহত খাইৰুল আলীৰ ঘৰ লক্ষীমপুৰৰ ৮ নং ৱাৰ্ডৰ চিনাতলিত।

আনহাতে বৰকন্দলি মিকিৰপাৰাত সংঘটিত ঘটনাৰ ন্যায়িক তদন্তৰ দায়িত্ব নগাঁৱৰ অতিৰিক্ত দণ্ডাধীশ কমলজিৎ শৰ্মাক অৰ্পণ কৰা বুলি নিৰ্দেশনাটোত উল্লেখ থাকে । আৰক্ষীৰ গুলীত খাইৰুল নিহত হোৱা বিষয়টো নিৰপেক্ষভাৱে তদন্ত কৰিবৰ বাবে অতিৰিক্ত দণ্ডাধীশ গৰকীক দায়িত্বভাৰ দিয়াৰ লগতে ১৫ দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবৰ বাবেও সময়সীমা নিৰ্ধাৰণ কৰি দিয়ে।সংশ্লিষ্ট সকলো পক্ষক এই তদন্তত সহযোগিতা আগবঢ়াবৰ বাবেও জিলা আয়ুক্ত গৰাকীয়ে আহ্বান জনায় ।
উল্লেখ্য যে আৰক্ষীৰ গুলীত নিহত খাইৰুল আলী নগাঁও চহৰৰ মৰিকলঙত ২৪ এপ্ৰিলৰ পুৱতি নিশা ডাঃ ৰঞ্জিত শইকীয়াৰ বাসগৃহত সংঘটিত ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইণ্ড আছিল বুলি নগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

লগতে পঢ়কঃ আৰক্ষীৰ গুলীত নিহত মৰিকলং ডকাইতি কাণ্ডৰ অন্যতম মূল অভিযুক্ত খাইৰুল


Advertisement