নগাঁওঃ নগাঁও চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত চিকিউৰিটী গাৰ্ড সকলৰ বৰ্তমান পানীত হাঁহ নচৰা অৱস্থা হৈছে। প্ৰায় দুমাহ ধৰি প্ৰাপ্য মাহেকীয়া বেতনৰ পৰা বঞ্চিত হৈ আছে চিকিউৰিটি গাৰ্ড সকল (Nagaon Medical College Security Guard Salary Issue)। দিনে ৰাতিয়ে চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নিৰাপত্তা দিশটো সুচাৰুৰূপে পৰিচালনা কৰা চিকিউৰিটি গাৰ্ড সকলৰ এতিয়া নিজৰে নাই আৰ্থিক নিৰাপত্তা।
খিলঞ্জীয়া নগাঁও যুৱক যুৱতী সকলে কৰি কোনোমতে চিকিউৰিটি গাৰ্ডৰ কাম কৰি পৰিয়াল চলাই আছে যদিও তেওলোকৰ দুৰ্দশাৰ প্ৰতি কানসাৰ নাই চিকিউৰিটি এজেন্সী শৰাইঘাটৰ বিষয়ববীয়াৰ।
আনকি তেওঁলোক পি এফ, ই এচ আৰ, স্বাস্থ্য বীমা ৰ পৰাও বঞ্চিত। উপায়ন্তৰ হৈ চিকিউৰিটি গাৰ্ড সকল মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কাষ চাপিছে।সংগঠনটোৱে অতি শীঘ্ৰে শৰাইঘাট এজেন্সীয়ে গাৰ্ড সকলক প্ৰদান কৰিবলগীয়া দৰমহাৰ লগতে অন্য পৰ্যাপ্ত সা সুবিধা প্ৰদান কৰিবলৈ দাবী জনাইছে।
এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে নগাঁও জিলা আয়ুক্তকো ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। সংগঠনটোৰ বিষয়ববীয়া সকলে কয় যে শৰাইঘাট নামৰ এজেন্সীটোৱে পূৰ্বতেও নিয়মীয়াকৈ দৰমহা প্ৰদান কৰা নাছিল।
লগতে পঢ়কঃ বেবেজীয়া-দক্ষিণপাট-বৰক’লা সংযোগী পথৰ বিধস্ত ৰূপ

