নগাঁওঃ বহিঃৰাজ্যত অসমৰ দুজন যুৱকৰ মৃত্যু হোৱা ঘটনাৰ চাঞ্চল্য মাৰ নাযাওঁতেই পুনৰ আন এজন যুৱক সন্ধানহীন হোৱাৰ কথা পোহৰলৈ আহিছে। সন্ধানহীন হোৱা এই যুৱকজনৰ নাম শৰৎ বণিয়া (Assam Missing Youth)। তেওঁৰ ঘৰ নগাঁও জিলাৰ ৰণথলীত ।
জানিব পৰা মতে যোৱা ১৩ মে’ত শৰৎ বনিয়াই কামৰ সন্ধানত হাইদৰাবাদলৈ গৈছিল। যোৱাৰ পথত ৰেলত লগ পোৱা অসমৰে দুজন যুৱকে শৰতক বেছি দৰমহা দিয়া কামত নিযুক্তি দিয়াৰ প্ৰলোভন দি তেওঁক বাংগালুৰুলৈ লৈ যায় । ইয়াৰ পিছত তেওঁলোক ৰহস্যজনক ভাৱে তামিলনাডু পাইগৈ। তামিলনাডুৰ পৰাই অন্য লোকৰ মবাইলৰে শৰতে তেওঁৰ লগত থকা যুৱক দুজনে শৰতক লুট-পাত চলাই ম’বাইল ফোন,বেগ আদি কাঢ়ি নিয়াৰ বিষয়ে অবগত কৰে। ১৭ মে’ত শৰৎ বনিয়াই অন্যলোকৰ ম’বাইল ফোনৰে পৰিয়ালৰ লোকক এই কথা অৱগত কৰাৰ পিছৰে পৰা শৰৎ সন্ধানহীন হৈ আছে।
পৰিয়ালৰ লোকে জনোৱা মতে আৰক্ষীক এজাহাৰ দাখিল কৰিবলৈ তেওঁলোক গৈছিল যদিও আৰক্ষীয়ে আইনী জটিলতা দেখুৱাই বাংগালুৰুতহে এজাহাৰ দাখিল কৰাৰ পৰামৰ্শ দিয়ে। সেয়ে অধিৰ অপেক্ষাৰে ৰৈ থকা কোনো লোকে শৰৎ বনিয়াৰ সন্ধান পালে 7896462209 এই নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে।

