Dhing Sahitya Sabha Honours Sohaib and Ayub with Merit Awards for Excellence in Assameseঅসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা ছোহেইব, আয়ুবক ধিং শতদল শাখা সাহিত্য সভাৰ বঁটা

নগাঁওঃ নগাঁও জিলাৰ অতিকৈ পুৰণি ১৯৫৪ চনত স্থাপিত ধিং শতদল শাখা সাহিত্য সভাৰ উদ্যোগত সোমবাৰে শেৱালি কবি ৰত্নকান্ত বৰকাকতী স্মাৰক কৃতী শিক্ষাৰ্থী বঁটা প্ৰদান কৰা হয়(Dhing Sahitya Sabha Award)। ধিং শতদল শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি তথা আধুনিক কবিতাৰ স্ৰষ্টা শেৱালি কবি ত্নকান্ত বৰকাকতীৰ সোঁৱৰণত বিগত বৰ্ষসমূহৰ দৰে এইবেলিও উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ধিং কেন্দ্ৰৰ পৰা অসমীয়া বিষয়ত সৰ্ব্বোচ্চ নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলক উক্ত বঁটা প্ৰদান কৰা হৈছে। এইবেলি ধিং শতদল শাখা সাহিত্য সভাৰ এই বঁটা লাভ কৰিবলৈ সক্ষম হয় ধিং অঞ্চলৰ ভিতৰত উচ্চ মাধ্যমিক পৰীক্ষাত অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা ছোহেইব হাছানৰ লগতে উচ্চতৰ মাধ্যমিকত সৰ্বোচ্চ নম্বৰ লাভ কৰা আয়ুব হাছানে।

বঁটা প্ৰদান অনুষ্ঠানৰ লগত সংগতি ৰাখি পুৱা শেৱালি কবি ৰত্নকান্ত বৰকাকতীৰ প্ৰতিচ্ছবি বন্তি আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে নগাঁও জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক তথা ধিং শতদল শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মৃগাংক বৰাই। ইয়াৰ পিছতে শাখা সভাৰ সভাপতি হৰগোবিন্দ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিমান হাজৰিকাই।

সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকাই শিক্ষাৰ্থীসকলক উদ্দেশ্যি নৱপ্ৰজন্মক অসমীয়া ভাষাক এগৰাকী মাতৃৰ দৰে আদৰ আৰু সন্মান কৰাৰ লগতে শুদ্ধ ৰূপত ক’বলৈ আৰু লিখিবলৈ জনাটো এক গুৰুত্বপূৰ্ণ দায়িত্ব বুলি কয়। আনহাতে বিশিষ্ট অতিথিৰূপে উপস্থিত থকা নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰাজীৱ কুমাৰ হাজৰিকাই নিজৰ ভাষণত সাম্প্ৰতিক সময়ত পৰীক্ষাৰ্থী সকলৰ মাজত গঢ়ি উঠা নম্বৰ লাভৰ দৌৰৰ প্ৰৱণতাৰ বিপৰীতে জ্ঞানলব্ধ শিক্ষাৰে শিক্ষিত হৈ জাতীয় জীৱনৰ স্বাৰ্থত ভাষা সংস্কৃতিৰ‌ উত্তৰণৰ বাবে নিজকে নিয়োজিত হ’বলৈ শিক্ষাৰ্থী সকলক আহ্বান জনায়।

ধিং শাখা সাহিত্য সভাৰ সম্পাদক যুৱৎ কুমাৰ কলিতাই আঁত ধৰা উক্ত অনুষ্ঠানত নগাঁও জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত কমলজিৎ শৰ্মাই জীৱনত সফলতাৰ ছবি দেখিবলৈ হ’লে শিক্ষাৰ্থীসকল আত্মবিশ্বাসী, ধৈৰ্য সম্পন্ন ,অধ্যয়নপুষ্ট আৰু দূৰদৰ্শিতা গুণৰ অধিকাৰী হোৱাটো অতিকৈ প্ৰয়োজন বুলি কয়। ইপিনে, উক্ত বঁটা প্ৰদান অনুষ্ঠানতে ধিঙৰ শিক্ষক‌ উদীয়মান কবি ৰাজু শইকীয়াৰ কাঁচিয়লি শীৰ্ষক এখনি কাব্য সংকলন গ্ৰন্থ উন্মোচন কৰে জিলা আয়ুক্ত দেৱাশিস শৰ্মাই। আয়ুক্ত গৰাকীয়ে নতুন প্ৰজন্মৰ মাজত সাম্প্ৰতিক সময়ত কাব্যিক চৰ্চাৰ এক পৰিৱেশ সৃষ্টি হৈছে আৰু ই অসমৰ বৌদ্ধিক ক্ষেত্ৰৰ বাবে এক শুভ সংবাদ বুলি ভাষণত উল্লেখ কৰে। ৰাজু শইকীয়াও ইয়াৰ ব্যতিক্ৰম নহয় বুলি কয়। পঢ়ুৱৈ সমাজে গ্ৰন্থ খনি আদৰি ল’ব বুলি তেওঁ আশা ব্যক্ত কৰে।

তদুপৰি কৃতিমান ছাত্ৰ ছাত্ৰী সকলক আয়ুক্ত দেৱাশিস শৰ্মাই পৰীক্ষাত নম্বৰ লাভ কৰাটোৱেই কৃতিত্ব নহয় বৰং গুণগত শিক্ষাৰে শিক্ষিত হোৱাটোহে প্ৰয়োজন বুলিও উল্লেখ কৰে। নিজকে তুলনা কৰি জিলা আয়ুক্ত গৰাকীয়ে তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাৰ পাছতো বৰ্তমান এখন জিলাৰ প্ৰশাসনিক মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সুযোগ লাভ কৰিছে‌ কাৰণ তেওঁ জীৱনত কেতিয়াও হতাশ হোৱা নাছিল বুলি কয়।

উল্লেখ্য যে উক্ত অনুষ্ঠানতে ধিং পৰীক্ষা কেন্দ্ৰৰ পৰা উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অসমীয়া বিষয়ত সৰ্ব্বোচ্চ ৯৮ শতাংশ নম্বৰ লাভ কৰা‌ ৰামপুৰ ছলাপথাৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছোহেইব হাচান আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত চূড়ান্ত পৰীক্ষাত অসমীয়া বিষয়ত সৰ্ব্বোচ্চ ৯৩ শতাংশ নম্বৰ লাভ কৰা ধিং কে বি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আয়ুব হুছেইনক শেৱালি কবি ৰত্নকান্ত বৰকাকতী স্মাৰক কৃতী শিক্ষাৰ্থী বঁটা প্ৰদান কৰাৰ উপৰি গামোচা, স্মাৰক, সম্বৰ্ধনা পত্ৰ আৰু গ্ৰন্থ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয়।

নগাঁও জিলা সাহিত্য সভাৰ সাংগঠনিক সম্পাদক কুমুদ চন্দ্ৰ বৰাৰ উপৰি ধিং শতদল শাখা সাহিত্য সভাৰ উপ-সভাপতি সংগীতা হাজৰিকা,শাখাৰ আকাশ আৰু কুঁহি উপসমিতি কাৰ্যকৰী সভানেত্ৰী, উপ-সভানেত্ৰী আৰু আহবায়িকা যথাক্ৰমে বীণা শইকীয়া, জুনু বৰা, জোনালী শইকীয়া, ৰাজশ্ৰী বৰা, কল্পনা শইকীয়া, তুলিকা বৰা‌ উপস্থিত থকা সভাত আকাশ আৰু কুঁহিৰ সদস্যা সকলে নীলাক্ষী শইকীয়াৰ নেতৃত্বত চিৰ চেনেহী মোৰ শীৰ্ষক সাহিত্য সভাৰ গীত পৰিৱেশন কৰে।

লগতে পঢ়কঃ এটা গোটখাৰ পেকেটৰ পৰাই আৰম্ভ হয় ড্ৰাগছৰ দৰে নিচাৰঃ ধঁপাত বিৰোধী দিৱসত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা


Advertisement