Mass Protest Against Drug Trafficking in Nagaon, Houses of Alleged Peddlers Vandalisedনগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে ধৈৰ্যৰ বান্ধ ছিগিল জনতাৰ, ভাঙি লণ্ড ভণ্ড ড্ৰাগছ ব্যৱসায়ীৰ বাসগৃহ

নগাঁওঃ বিষাক্ত ড্ৰাগছৰ কৱলত পৰি বহু উদীয়মান যুৱকৰ ভৱিষ্যত ধ্বংস গৰাহলৈ গতি কৰাত অৱশেষত যেন ধৈৰ্যৰ বান্ধ ছিগিত নগাঁনৰ এটা অঞ্চলৰ জনতাৰ। ড্ৰাগছৰ বিৰুদ্ধে ৰুদ্ৰৰূপ ধাৰণ কৰি ওলাই আহিল জনতা। ড্ৰাগছৰ বিৰুদ্ধে কৰা প্ৰতিবাদত নগাঁও জিলাৰ হেৰাপাতি টানপাৰাত সহস্ৰাধিক সাধাৰণ ৰাইজে বুধবাৰে তীব্ৰ জন সচেতনতা অভিযান আৰম্ভ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ড্ৰাগছৰ অবৈধ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগত কেইবাজনো ব্যক্তিৰ বাসগৃহত ৰাইজে আক্ৰমণ চলাই ঘৰ-বাৰী ভাঙি লণ্ডভণ্ড কৰি দিয়ে (Drug Trafficking in Nagaon)। লগতে ড্ৰাগছৰ বেহাত ব্যৱহৃত মটৰ চাইকেলসমূহো জ্বলাই দিয়ে উত্তেজিত জনতাই।

এই ঘটনাত যুৱক-যুৱতী, মহিলা আৰু বিভিন্ন বয়সৰ লোকে একত্ৰিত হৈ ড্ৰাগছমুক্ত সমাজ গঢ়ি তোলাৰ দৃঢ় সংকল্প গ্ৰহণ কৰি এনে পদক্ষেপ গ্ৰহণ কৰে। হাতে হাতে লাঠি লৈ ওলাই অহা জনতাই “ড্ৰাগছৰ বেহা বন্ধ কৰক, যুৱকক বচাওক” আদি শ্লোগানেৰে সমগ্ৰ এলেকাটো উত্তাল কৰি তোলে।

ড্ৰাগছৰ অভিশাপত ক্ষুব্ধ স্থানীয় ৰাইজ

স্থানীয় লোকে জনোৱা মতে, বহু দিন ধৰি টানপাৰা অঞ্চলত ড্ৰাগছৰ অবৈধ ব্যৱসায় চলি আহিছে। ইয়াৰ ফলত বহু প্ৰতিভাশালী যুৱক ড্ৰাগছৰ নিচাত আসক্ত হৈ পৰি নিজৰ শিক্ষা, কেৰিয়াৰ আৰু পৰিয়াল সকলোকে ধ্বংস কৰিছে। ড্ৰাগছৰ প্ৰভাৱত চুৰি, ডকাইতি, হিংসা আৰু অন্যান্য অপৰাধমূলক কাৰ্যকলাপো বৃদ্ধি পাইছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

জনতাৰ কঠোৰ পদক্ষেপ

প্ৰতিবাদকাৰীসকলে ড্ৰাগছ ব্যৱসায়ত জড়িত থকাৰ অভিযোগত কেইবাজনো লোকৰ ঘৰতআকৰ্মণ কৰি আচবাবসমূহ ভাঙি-চুৰি কৰে। লগতে দুৱাৰ-খিৰিকী ভাঙে আৰু ঘৰৰ সন্মুখত থকা মটৰ চাইকেলসমূহত অগ্নিসংযোগ কৰে। ইয়াৰ লগতে তেওঁলোকে ড্ৰাগছমুক্ত সমাজ গঢ়াৰ বাবে সকলোৰে সহযোগিতা বিচাৰে।

ঘটনাৰ খবৰ পাই স্থানীয় প্ৰশাসন আৰু আৰক্ষী বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে।

নগাঁৱৰ এই ঘটনাই সমগ্ৰ অসমতে ড্ৰাগছ বিৰোধী আন্দোলনৰ বাবে এক নতুন প্ৰেৰণা যোগাব বুলি আশা কৰিছে বিভিন্নজনে।

লগতে পঢ়কঃ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ নিৰ্দেশত অবৈধ পাৰ্কিং কৰা বহু বাহনত লাগিল তলা


Advertisement