Massive Public Response Marks Second Day of Jan Kalyan Camp in Nagaonদ্বিতীয় দিনা নগাঁও চহৰত জনকল্যান শিবিৰত ব্যাপক জনসমাগম

নগাঁও : নগাঁও জিলাৰ ১৩ টা উন্নয়ন খণ্ডৰ লগতে সদৰৰ আৰক্ষী ছাউনীত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা জনকল্যান শিবিৰত (Jan Kalyan Camp Nagaon) ব্যাপক জনসমাগমৰ সৃষ্টি হৈছে। নগাঁও জিলা প্ৰশাসন আৰু নগাঁও পৌৰসভাৰ যুটীয়া উদ্যোগত আয়োজন এই শিবিৰত আজি অনুষ্ঠিত হোৱা এখন জনসভাত নগাঁও -বটদ্ৰৱাৰ বিধায়ক ৰূপক শৰ্মাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশৰ আটাইতকৈ দীঘলীয়া কালৰ প্ৰধানমন্ত্ৰী হিচাপে যি অভিলেখ সৃষ্টি কৰিছে, তাৰে উপলক্ষত তিনিদিনীয়া কাৰ্যসূচীৰে এই জনকল্যান শিবিৰৰ আয়োজন কৰা হৈছে। ইয়াৰ দ্বাৰা পূৰ্বে বিভিন্ন চৰকাৰী আচঁনিৰ সুবিধাৰ পৰা যোগ্যতা থকা সত্ত্বেও বাদ পৰি যোৱা লোকসকলক ইয়াৰ সুবিধা লোৱাৰ বাবে বিশেষ সুযোগ প্ৰদান কৰা হৈছে। এই বিশেষ সুযোগ গ্ৰহণ কৰি সকলো যোগ্য ব্যক্তিক হিতাধিকাৰী আচঁনিসমূহৰ সুবিধা গ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনায়।

অনুষ্ঠানত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, অতিৰিক্ত আয়ুক্ত মৃদুল বড়ো, নগাঁও পৌৰসভাৰ সভানেত্ৰী অম্বিকা মজুমদাৰ, উপ-সভাপতি সীমান্ত বৰা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। উল্লেখযোগ্য যে, নগাঁও আৰক্ষী ছাউনীৰ সমুহীয়া ভৱনত আয়োজিত এই অনুষ্ঠানত জিলাখনৰ স্বাস্থ্য, কৃষি, পশুপালন, মীন, খাদ্য আৰু অসামৰিক যোগান, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী, পৌৰসভা আদি বিভিন্ন বিভাগৰ বিপনী স্থাপন কৰি ৰাইজক বিভাগীয় জনকল্যানকামী আঁচনিসমূহৰ বিষয়ে বিতংকৈ অবগত কৰাৰ লগতে এই আচঁনিৰ হিতাধিকাৰী হ’ব বিচৰা লোকসকলৰ পৰা আবেদন পত্ৰ গ্ৰহণ কৰিছে।

দ্বিতীয় দিনাৰ শিবিৰত ব্যাপক জনসমাগম পৰিলক্ষিত হয়। তেওঁলোকে বিভিন্ন বিভাগীয় বিপনীত ভিৰ কৰা দেখা যায়। এই শিবিৰটো কাইলৈকো অনুষ্ঠিত হ’ব বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনাইছে।

লগতে পঢ়কঃ জিলা আয়ুক্ত হিচাপে মাত্ৰ এটা বছৰতে কিদৰে নগাঁওবাসীৰ অন্তৰত স্থান লাভ কৰিলে দেৱাশীষ শৰ্মাই ?


Advertisement