নগাঁওঃ জীৱনৰ প্ৰায় শেষ সময়লৈকে সাংবাদিকতাৰ লগত জড়িত হৈ থকা বৰ্ষীয়ান সাংবাদিক তথা নগাঁও প্ৰেছ ক্লাবৰ প্ৰাক্তন উপদেষ্টা, বিশিষ্ট ক্ৰীড়াবিদ ৰাজেন বৰকাকতী আৰু নাই। আজি পুৱা নগাঁও চহৰৰ নিউ আমোলাপট্টিস্থিত নিজা বাসভৱনত বাৰ্ধক্যজনিত কাৰণত হৃদৰোগত আক্ৰান্তহৈ তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে (Rajen Borkakati Passes Away)। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৪ বছৰ। বিশিষ্ট ক্ৰীড়া সংগঠক তথা জ্যেষ্ঠ সাংবাদিক বৰকাকতীৰ ১৯৩২ চনৰ ২১ ফেব্ৰুৱাৰীত জন্ম হৈছিল। ১৯৩৯ চনত তেখেতৰ পৰিয়াল নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী শেনচোৱাৰ পৰা চহৰৰ মাজমজিয়া নিউ আমোলাপট্টিলৈ স্থানান্তৰিত হয়। সৰুকালৰে পৰা বিভিন্ন খেলাধূলাৰ লগত জড়িত বৰকাকতী জিমখানা ক্লাব, টাউন ক্লাব, ফ্ৰেণ্ডছ ক্লাব আদিৰ দগত জড়িত আছিল।
পৰৱৰ্তী সময়ত জন্মলগ্নৰে পৰা তেওঁ নগাঁও ক্ৰীড়া সংস্থাৰ লগতো জড়িত হৈ পৰে। নগাঁৱৰ বিশিষ্ট ক্ৰীড়া সংগঠক নুৰুল আমিন ( যাৰ নামৰে নুৰুল আমিন ষ্টেডিয়াম নামাকৰণ কৰা হৈছে) ৰ নেতৃত্বত বৰকাকতী দুটা কাৰ্যকালৰ বাবে নগাঁও ক্ৰীড়া সংস্থাৰ যুটীয়া সম্পাদকৰ দায়িত্বত আছিল। তদুপৰি তেওঁ বাস্কেট বল শাখাৰো সম্পাদক আছিল। ১৯৬৭ চনত বৰকাকতীৰ তৎপৰতাতে সৰ্বপ্ৰথম অসম বাস্বকেটবল খেল নগাঁৱত অনুষ্ঠিত হৈছিল। ১৯৭১ চনৰ পৰা ১৯৮৭ চনলৈকে তেওঁ অসম বাস্কেটবল সন্থাৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। স্বৰূপাৰ্থত ক’বলৈ গ’লে বৰকাকতীৰ নেতৃত্বতে অসমত বাস্কেটবল খেলে এক গতি লাভ কৰিছিল আৰু আজিৰ পৰ্যায়ত উপনীত হ’বলৈ সক্ষম হৈছিল। তেওঁ ১৯৭২ চনৰ পৰা সুদীৰ্ঘ ১২ বছৰ ধৰি ভাৰতীয় বাস্কেটবল ফেডাৰেচনৰ সদস্য থকাৰ লগতে টেকনিকেল সমিতিৰো সদস্য আছিল। ১৯৮২ চনত দিল্লীত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰা বাস্কেটবল দলটোৰ একেধাৰে বাছনি আৰু টেকনিকেল সমিতিৰ সদস্য থকাৰ লগতে টেবুল অফিচিয়েলো আছিল।
বৰকাকতীৰ তৎপৰতাতে ১৯৮৪ চনত নগাঁৱত জুনিয়ৰ নেচনেল বাস্কেটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। বৰকাকতীয়ে পিতৃ অমৰ বৰকাকতীৰ নামত প্ৰদান কৰা এটা কাপৰেই অসমত আন্তঃজিলা বাস্কেটবল প্ৰতিযোগিতা অনুষ্ঠিত হয় । বৰকাকতীৰ নেতৃত্বতে ১৯৮৯ চনত নগাঁৱত অসম মল্ল যুঁজ সংস্থা স্থাপন হৈছিল। ১৯৮৯ চনৰ পৰা ২০১১ চনলৈকে তেওঁ সংস্থাৰ সভাপতিৰ দায়িত্ব থকাৰ লগতে মৃত্যু পৰ্যন্ত মুখ্য উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বৰকাকতীয়ে আসাম আৰ্চাৰী এচচিয়েচন, আচাম অলিম্পিক এচচিয়েচনৰ উপ-সভাপতি, নগাঁও ৰেছলিং এচচিয়েচনৰ সভাপতি, নগাঁও জিলা ক্ৰীড়া পেঞ্চনাৰ সন্থাৰ সম্পাদক আদি পদতো কাৰ্যনিৰ্বাহ কৰিছিল।
তদুপৰি তেওঁ শ্ৰীমন্ত শংকৰ মিছন, শ্ৰীমন্ত শংকৰদেৱ মন্দিৰ আদিৰ লগতো জড়িত আছিল। তেওঁ নগাঁও উপভোক্তা সুৰক্ষা সমিতিৰো সভাপতি আছিল। বৰকাকতী শেনচোৱাস্থিত অমৰ বৰকাকতীৰ বিদ্যালয়ৰ দাতা পৰিয়ালৰ এজন সদস্যৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰো সদস্য আছিল। তেওঁ শংকৰী কৃষ্টি বিকাশ সমাজৰো প্ৰতিষ্ঠাপক সম্পাদক আছিল।
১৯৫১ চনত বৰকাকতীয়ে মহাদেৱ শৰ্মাৰ দ্বাৰা সম্পাদিত আৰু তেজপুৰৰ পৰা প্ৰকাশিত ‘অৰুণ’ নামৰ মাহেকীয়া কাকতখনৰ জৰিয়তে সাংবাদিকতা আৰম্ভ কৰিছিল। ১৯৬৪ চনত তেওঁ প্ৰয়াত হৰেন্দ্ৰ নাথ বৰুৱাৰ দ্বাৰা সম্পাদিত গুৱাহাটীৰ পৰা প্ৰকাশিত ‘নতুন অসমীয়া’ কাকতৰ নগাঁৱৰ সংবাদদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তদুপৰি ১৯৫১ চনতে শ্বিলঙৰ পৰা প্ৰকাশিত ‘ফ্ৰন্টিয়াৰ টাইমচ’ নামৰ কাকতখনৰ সংবাদদাতা হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। একেদৰে নগাঁৱৰ পৰা প্ৰকাশিত শুকদেৱ গোস্বামী সম্পাদিত ‘অধুনালুপ্ত’ ‘গঠন’, পূৰ্ণচন্দ্ৰ শৰ্মা সম্পাদিত ‘গণতন্ত্ৰ’, গুৱাহাটীৰ পৰা প্ৰকাশিত ‘নৰ্থ ইষ্ট অৱজাৰভাৰ’ ‘নিউজ ফ্ৰন্ট’, ‘ নিউজ ইষ্ট টাইমচ’, বাংলা কাকত দৈনিক ‘যুগশঙ্খ’ আদিত সাংবাদিক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৬৭ চনৰ পৰা দীৰ্ঘদিন ধৰি তেওঁ ‘ দৈনিক অসম’ৰ আৰু ১৯৬৮ চনৰ পৰা ‘ সাপ্তাহিক জনমভূমি’ৰ নগাঁৱৰ সাংবাদিক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰায় ৯০ বছৰ বয়সলৈকে সক্ৰিয় সাংবাদিকতাত জড়িত ৰাজেন বৰকাকতীয়ে শেষৰপিনে ‘দ্যা চেন্টিনেল’ আৰু ‘দ্যা আচাম পোষ্ট’ নামৰ ইংৰাজী কাকত দুখনৰ নগাঁৱৰ সংবাদদাতা হিচাপে বাতৰি পৰিবেশন কৰিছিল।
এগৰাকী লেখক হিচাপেও পৰিচিত জ্যেষ্ঠ সাংবাদিক বৰকাকতীৰ গ্ৰন্থ সমূহ হৈছে – ‘ ই কি আৰু কিয় (১৯৫৪ চন), ‘ভুল কাৰ’ (১৯৫৫ চন), ‘পৰিবৰ্তন’ (১৯৫৬ চন), ‘জীৱনৰ গতিপথ’ (১৯৫৮ চন), আৰু ‘আমিও অসমীয়া’ (১৯৬১ চন)। তেওঁ ১৯৬০ চনতে নগাঁৱত প্ৰয়াত মহেশচন্দ্ৰ দেৱগোস্বামীক সভাপতি, প্ৰয়াত জগত চন্দ্ৰ শৰ্মাকলৈ গঠন কৰা নগাঁৱৰ প্ৰথম সাংবাদিক সন্থা ‘ নগাঁও জিলা সাংবাদিক সন্থা’ৰ যুটীয়া সম্পাদক আছিল। তেওঁ সন্থাৰ তৰফৰ পৰা প্ৰকাশ কৰা ‘সংবাদ’ নামৰ সাপ্তাহিক কাকত খনৰো সম্পাদনা সমিতিৰ সদস্য আছিল। বৰকাকতী সাংবাদিক সুৰক্ষা পৰিষদৰো সভাপতিৰ দায়িত্বত আছিল। উল্লেখযোগ্য যে, ১৯৮৩ চনৰ ৬ বছৰীয়া অসম আন্দোলনৰ সময়ত ‘দৈনিক অসম’ৰ সংবাদদাতা হিচাপে আন্দোলনৰ বাতৰি সমূহ পৰিবেশন কৰাৰ বাবে চৰকাৰৰ আক্ৰোশত পৰাত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত ১০-৩-৮৩ তাৰিখৰ পৰা ১৮-৩-৮৩ তাৰিখলৈকে তেওঁ নগাঁৱৰ বিশেষ কাৰাগাৰত কাৰাবন্দীহৈ থাকিবলগীয়া হৈছিল।
বৰকাকতীয়ে মৃত্যুৰ সময়ত এজন পুত্ৰ আৰু দুগৰাকী কন্যাক, নাতি-নাতিনীকে ধৰি আত্মীয় তথা গুণমুগ্ধক এৰিথৈ গৈছে। বৰকাকতীৰ মৃত্যুত নগাঁও প্ৰেছ ক্লাব, নগাঁও জিলা প্ৰিন্ট মিডিয়া এচচিয়েচন, নগাঁও জিলা সাংবাদিক সন্থা (আজু), বাৰ্তাজীৱি সংঘৰ নগাঁও জিলা সমিতি, আপকুৰ নগাঁও জিলা সমিতি, নগাঁও ক্ৰীড়া সন্থা, সামাজিক সংগঠন ‘শিপা দ্যা ৰুট’ আদিয়ে শোক প্ৰকাশ কৰিছে। তদুপৰি নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, বিধায়ক ৰূপক শৰ্মা, বিশিষ্ট সমাজকৰ্মী ব্ৰজেন কাকতি আদিয়ে শোক প্ৰকাশ কৰিছে।
লগতে পঢ়কঃ বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সাহিত্যিক তৰেণ বড়োৰ দেহৱসান

