Udmari Water Supply Scheme Fails Despite Spending Over Rs.10 Croreডবকাৰ উদমাৰী পানী যোগান আঁচনিত ১০ কোটিৰো অধিক ধন ব্যয়ৰ পিছতো নোলায় পানী

নগাঁওঃ ভাৰত চৰকাৰৰ অন্যতম ধ্বজাবাহী আঁচনি জলজীৱন আঁচনিৰ (Udmari Water Supply Scheme) নামত কোটি কোটি টকা চৰকাৰে ব্যয় কৰাৰ পিছতো গঞা ৰাইজে এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে৷ হোজাই জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত উদমাৰী পানী যোগান আঁচনিৰ নামত ২০০৯-১০ বিত্তীয় বৰ্ষত ৭ কোটি ৪৭ লাখ ১৫ হাজাৰ টকা মোকলাই দিছিল৷ একেটা আঁচনিৰ মেৰামতিৰ বাবদ একেটা বিত্তীয় বৰ্ষতে ৩ কোটি ৪৮ লাখ ৪০ হাজাৰ টকা মোকলাই দিয়া হৈছিল যদিও আঁচনিটো এতিয়া এক প্ৰকাৰ বগাহাতীত পৰিণত হৈছে৷

কলিতে মৰহি যোৱা উদমাৰী পানী যোগান আঁচনিটোক সক্ৰিয় কৰি তুলিবলৈ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী গাওঁসমূহত ঘৰে ঘৰে পানী যোগান ধৰিবলৈ পাইপ, টেপ আৰু আনুষংগিক ব্যয়ৰ নামত ২০২০-২১ বিত্তীয় বৰ্ষত বিভাগে জলজীৱন মিছনৰ অধীনত ১ কোটি ৬৮ লাখ ৬৭ হাজাৰ টকা ব্যয় কৰে৷ একেটা বিত্তীয় বৰ্ষতে পুনৰবাৰ মেৰামতিৰ নামত ১ কোটি ৫৫ লাখ ৫১ হাজাৰ টকা মোকলাই দিয়ে৷ সেই হিচাপে স্থানীয় উদমাৰী, মিকিৰপাৰা, যমুনাগাওঁ, ৰোৱাৰপাৰ আদি গাঁৱত পানী যোগান ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰে৷

এই আঁচনিৰ জৰিয়তে বিভাগীয় কাগজত কিমান ঘৰত পানী যোগান ধৰা দেখুওৱা হৈছে আৰু বাস্তৱত কিমান ঘৰে পানী লাভ কৰিছে, সেয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে৷ উদমাৰী পানী যোগান আঁচনিৰ অধীনত নমাটি গাঁও পঞ্চায়তৰ মিকিৰপাৰা গাঁৱৰ মুঠ জনসংখ্যা ১২৬৫ গৰাকী৷ ইয়াৰে নলযোগে পানী যোগান ব্যৱস্থাৰ অধীনত মুঠ ৩৪২ গৰাকী হিতাধিকাৰীক পানী যোগান ধৰা দেখুৱা হয়৷ অথচ বাস্তৱত গাওঁখন মাত্ৰ কেইঘৰত পাইপৰ সংযোগ দিয়া হৈছিল যদিও বৰ্তমান তাৰ কোনো চিন মোকাম পাবলৈ নাই৷

এনেকৈ হোজাই জিলাত চলিছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনি৷ চৰকাৰে জলজীৱনৰ নামত প্ৰতিটো বিত্তীয় বৰ্ষতে কেৱল হোজাই জিলাত কেইবা কোটি টকা ব্যয় কৰাৰ পিছতো বাস্তৱত এই আঁচনিবোৰ ভালুকৰ সাঙীত পৰিণত হৈছে৷ অৰ্ধ সম্পূৰ্ণ আঁচনিৰ নামত জলজীৱনৰ ঠিকাদাৰে ধন সৰকাই লৈ যোৱাৰ পিছতো এই আঁচনিবোৰৰ পৰ্যবেক্ষণ, নিৰীক্ষণতো যেন অৱহেলা হোজাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ৷ জিলাখনৰ ৰূপায়ন হোৱা প্ৰতিটো পানী যোগান আঁচনিৰ ওপৰত এক উপযুক্ত তদন্তৰ দাবী তুলিছে ৰাইজে৷

লগতে পঢ়কঃ জিলা আয়ুক্ত হিচাপে মাত্ৰ এটা বছৰতে কিদৰে নগাঁওবাসীৰ অন্তৰত স্থান লাভ কৰিলে দেৱাশীষ শৰ্মাই ?


Advertisement