নগাঁও : “যোগাভ্যাসে মানুহৰ মন আৰু প্ৰকৃতিৰ মাজত, আত্মা আৰু পৰামাত্মাৰ মাজত সংযোগ স্থাপন কৰে। সেয়ে যোগাভ্যাসক জীৱন ধাৰণৰ অংশ কৰি ল’ব লাগে।” আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ সহযোগত নগাঁও চহৰৰ আৰক্ষী ছাউনীৰ মুকলি প্ৰেক্ষাগৃহত আয়োজিত জিলাৰ কেন্দ্ৰীয় যোগ দিৱসৰ অনুষ্ঠানত (International Yoga Day Nagaon 2026) মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা তথা বিজ্ঞান প্ৰযুক্তি আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই এইদৰে কয়।

তেওঁ কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচেষ্টাত প্ৰাচীন ভাৰতীয় সভ্যতাৰ এই অনুপম অৱদানক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিবলৈ সক্ষম হোৱাটো আমাৰ বাবে গৌৰৱৰ বিষয়। তেওঁ সকলোকে যোগ সাধনা অব্যাহত ৰাখিবলৈ আহ্বান জনায়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি নগাঁও -বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই চমু ভাষণত কয়, “অতি আনন্দৰ কথা যে আজি আমাৰ ৰাজ্যৰ প্ৰতিখন জিলা, সম-জিলা, উন্নয়ন খণ্ডৰ উপৰি গাওঁ পঞ্চায়তো যোগাসনৰ অনুষ্ঠান অনুষ্ঠিত হৈছে।”

এতিয়া যোগ ব্যায়ামৰ প্ৰতি ৰাইজ যথেষ্ট সজাগ আৰু আগ্ৰহী হৈ পৰিছে বুলি তেওঁ উল্লেখ কৰে। কৃষ্ণ কিঙ্কৰ খাটনিয়াৰে আঁতধৰা উদ্ধোধনী অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত দেৱযানী চৌধুৰী, অতিৰিক্ত আয়ুক্ত কমলজিৎ শৰ্মা, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ পঞ্চম কুমাৰ বৰা, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, উপপৌৰপতি সীমান্ত বৰা, আয়ুসৰ জিলা নোডেল বিষয়া ডাঃ ৰীমা ভট্টাচাৰ্য আদিও উপস্থিত থাকে।

উদ্ধোধনী অনুষ্ঠানৰ পিছতে কলকাতাত আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেন্দ্ৰীয় অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয়। তাৰ পিছতে আৰম্ভ হোৱা যোগাসনৰ অনুশীলন পৰিচালনা কৰে ৰাষ্ট্ৰীয় যোগ ৰেফাৰী ৰূপজ্যোতি বৰাই। এই যোগাসনৰ অনুশীলনত তিনি শতাধিক লোকে অংশগ্ৰহণ কৰে। তাৰপিছতে যোৱা ১৬ জুনত অনুষ্ঠিত হোৱা জিলা ভিত্তিক যোগাসন প্ৰতিযোগিতাৰ বিজয়ী সকলৰ মাজত উপস্থিত মন্ত্ৰী আৰু বিধায়কে বঁটা বিতৰণ কৰে।

তদুপৰি শেহতীয়া ৰাষ্ট্ৰীয় যোগ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অসমৰ হৈ পদক লাভ কৰা যোগ-খেলুৱৈ সকলকো সম্বৰ্ধনা জনোৱা হয়।
লগতে পঢ়কঃ বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতি নগাঁও জিলা প্ৰশাসনৰ শ্ৰদ্ধাঞ্জলি

