Morigaon DC Anamika Tewari Completes One Remarkable Year of Transformative Governanceমৰিগাঁও জিলাৰ আয়ুক্ত হিচাপে মাত্ৰ এটা বছৰত ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিছে অনামিকা তেৱাৰী

ছাইফুল ইছলাম, মৰিগাঁওঃ মৰিগাঁও জিলাৰ আয়ুক্ত অনামিকা তেৱাৰীয়ে (Morigaon DC Anamika Tewari) জিলাখনত কাৰ্যনিৰ্বাহ কৰি সম্পূৰ্ণ কৰিলে এটা বছৰ। ২০২৫ চনৰ ২০ জুন তাৰিখে তেওঁ মৰিগাঁও জিলাৰ আয়ুক্ত হিচাপে যোগদান কৰিছিল দক্ষ মহিলা প্ৰশাসনিক বিষয়া অনামিকা তেৱাৰীয়ে।

কৃষি বিভাগৰ বিশেষ কৰ্মশালাত জিলা আয়ুক্ত অনামিকা তেৱাৰী

বিগত এটা বছৰত মহিলা বিষয়াগৰাকীয়ে দক্ষ নেতৃত্ব, দূৰদৰ্শী পৰিকল্পনা, জনকল্যাণৰ বাবে অংগীকাৰবদ্ধতা আৰু উদ্ভাৱনী চিন্তাধাৰাৰে মৰিগাঁও জিলাৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা পালন কৰিবলৈ সক্ষম হৈছে। আয়ুক্ত হিচাপে যোগদান কৰাৰ পিছৰে পৰা অনামিকা তেৱাৰীয়ে কেৱল প্ৰশাসনিক দায়িত্ব পালনতেই সীমাবদ্ধ নাথাকি ৰাইজৰ সমস্যা ওচৰৰ পৰা উপলব্ধি কৰি তাৰ সমাধানৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে।

জন কল্যাণ শিবিৰত জিলা আয়ুক্ত অনামিকা তেৱাৰী

মহিলা জিলা আয়ুক্তগৰাকীৰ নেতৃত্বত বহুদিন ধৰি অচল হৈ থকা মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ আই চি ইউ পুনৰ কাৰ্যক্ষম কৰা হয়। ফলত জটিল ৰোগত আক্ৰান্ত ৰোগীসকলে জিলাৰ ভিতৰতে উন্নত চিকিৎসা লাভ কৰাৰ সুযোগ লাভ কৰি আহিছে। লগতে বাহিৰলৈ ৰেফাৰ কৰাৰ প্ৰয়োজনীয়তা যথেষ্ট হ্ৰাস পাইছে।

শৈক্ষিক সজাগতা অনুষ্ঠানত জিলা আয়ুক্ত অনামিকা তেৱাৰী

স্বাস্থ্যখণ্ডৰ উন্নয়নৰ সমান্তৰালভাৱে তেওঁ মাতৃ আৰু শিশু স্বাস্থ্য, টিকাকৰণ অভিযান, পুষ্টি আৰু জনস্বাস্থ্য সজাগতা কাৰ্যসূচীসমূহৰ সফল ৰূপায়ণত বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে মৰিগাঁও জিলাখনৰ বাবে। ফলত স্বাস্থ্যসেৱাৰ মানদণ্ড অধিক শক্তিশালী হোৱাৰ লগতে সাধাৰণ ৰাইজৰ মাজত স্বাস্থ্য সচেতনতা বৃদ্ধি পাইছে।

এজাক শিশুৰ সৈতে জিলা আয়ুক্ত অনামিকা তেৱাৰী

পৰিবেশ সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ ক্ষেত্ৰতো আয়ুক্তগৰাকীৰ বিশেষ আগ্ৰহ পৰিলক্ষিত হৈছে।

মৰিগাঁৱৰ ঐতিহ্যমণ্ডিত চাৰণ বিলৰ পাৰত প্ৰায় ৫০০ নাহৰ গছৰ পুলি ৰোপণ কৰি অঞ্চলটোৰ পৰিবেশৰ ভাৰসাম্য ৰক্ষাৰ লগতে বিলখনৰ প্ৰাকৃতিক সৌন্দৰ্য বৃদ্ধিৰ এক সুদূৰপ্ৰসাৰী পদক্ষেপ গ্ৰহণ কৰা হয়। এই কাৰ্যসূচীয়ে ভৱিষ্যৎ প্ৰজন্মৰ বাবে এক সেউজীয়া আৰু সুস্থ পৰিবেশ গঢ়ি তোলাৰ দিশত নতুন আশা সঞ্চাৰ কৰিছে।

জাগীৰোড ছেমি কণ্ডাক্টৰ পৰিদৰ্শন জিলা আয়ুক্ত অনামিকা তেৱাৰীৰ

বান আৰু গৰাখহনীয়াৰ সমস্যাই জৰ্জৰিত মৰিগাঁও জিলাৰ বাবে জিঅ’ বেগ আঁচনিৰ সফল ৰূপায়ণ এক গুৰুত্বপূৰ্ণ বিষয়। বিশেষকৈ লাহৰীঘাট অঞ্চলকে ধৰি বিভিন্ন স্পৰ্শকাতৰ এলেকাত এই আঁচনিৰ কামত যাতে কোনো ধৰণৰ অনিয়ম বা গাফিলতি সংঘটিত নহয় তাৰ বাবে আয়ুক্তগৰাকীয়ে কঠোৰ নিৰীক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰে।
দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰতো তেওঁৰ ভূমিকা বিশেষভাৱে প্ৰশংসনীয়।

মৰিগাঁৱৰ সাধাৰণ ৰাইজৰ সৈতে জিলা আয়ুক্ত অনামিকা তেৱাৰী

তেওঁৰ কাৰ্যকালৰ আন এক উল্লেখযোগ্য সফলতা হৈছে মৰিগাঁও জিলা দিৱসৰ সাফল্যমণ্ডিত উদযাপন। জিলা দিৱস উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থৰ মূল বিষয়বস্তু আছিল নাৰী সবলীকৰণ। সমাজৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি, শিক্ষাবিদ, সাহিত্যিক আৰু সচেতন নাগৰিকসকলে নাৰীৰ অধিকাৰ, মৰ্যাদা আৰু ক্ষমতাৰ ওপৰত মূল্যৱান লেখা আগবঢ়াইছিল। এই পদক্ষেপে সমাজত নাৰী শক্তিকৰণৰ এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছিল।

সামাজিক অধিকাৰ শিবিৰত জিলা আয়ুক্ত অনামিকা তেৱাৰী

মহিলা সবলীকৰণৰ ক্ষেত্ৰত আয়ুক্তগৰাকীৰ নেতৃত্বত নিযুত মইনা আঁচনিৰ সফল ৰূপায়ণ বিশেষভাৱে উল্লেখযোগ্য। এই আঁচনিৰ জৰিয়তে বহু ছাত্ৰী আৰু মহিলা উপকৃত হৈছে। মহিলাসকলৰ আৰ্থ-সামাজিক উন্নয়ন আৰু আত্মনিৰ্ভৰশীলতা বৃদ্ধিৰ ক্ষেত্ৰত এই কাৰ্যসূচীসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। মহিলাৰ আত্মসহায়ক গোট আৰু অৰুনোদই আঁচনিখনৰো সফল ৰূপ পায়।

মৰিগাঁৱৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগৰ সৈতে পৰ্যালোচনা বৈঠকত জিলা আয়ুক্ত অনামিকা তেৱাৰী

পৰ্যটন সম্ভাৱনাৰ বিকাশৰ ক্ষেত্ৰতো অনামিকা তেৱাৰীৰ ভূমিকা প্ৰশংসনীয়। লাহৰীঘাটৰ কাঠনি চৰ অঞ্চলত নতুন পিকনিক স্থলী চিনাক্ত আৰু বিকাশৰ পদক্ষেপে স্থানীয় পৰ্যটনৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। ইয়াৰ ফলত স্থানীয় যুৱক-যুৱতীৰ বাবে আয় সৃষ্টিৰ সুযোগ বৃদ্ধি পাব বুলি আশা কৰা হৈছে।

শিক্ষাৰ ক্ষেত্ৰত তেওঁৰ এক ব্যতিক্ৰমী আৰু উদ্ভাৱনী পদক্ষেপ আছিল সমগ্ৰ মৰিগাঁও জিলাত শৈক্ষিক গাঁও সভা অনুষ্ঠিত কৰা। অসমৰ ভিতৰত একমাত্ৰ মৰিগাঁও জিলাত এই অভিনৱ কাৰ্যসূচী ৰূপায়িত হৈছে। গাঁও পৰ্যায়তত শিক্ষা সম্পৰ্কীয় সমস্যা, বিদ্যালয় ত্যাগ কৰা ছাত্ৰ-ছাত্ৰী, শিক্ষাৰ মান উন্নয়ন আৰু অভিভাৱকৰ ভূমিকা আদি বিষয়ত আলোচনা অনুষ্ঠিত কৰি শিক্ষাৰ ক্ষেত্ৰত এক গণ আন্দোলনৰ সূচনা কৰা হৈছে।

মৰিগাঁৱৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগক সম্বৰ্ধনা জিলা আয়ুক্ত অনামিকা তেৱাৰীৰ

চাহ জনগোষ্ঠীৰ কল্যাণৰ ক্ষেত্ৰতো তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰিছে। গোপাল কৃষ্ণ চাহ বাগিচাৰ শিশু আৰু মহিলাসকলৰ স্বাস্থ্য, শিক্ষা আৰু সামাজিক উন্নয়নৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে।

শিল্প আৰু বিনিয়োগৰ ক্ষেত্ৰতো আয়ুক্তগৰাকীয়ে সফল নেতৃত্ব প্ৰদান কৰিছে। জাগীৰোডত স্থাপন হ’বলগীয়া ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ সৈতে জড়িত দেশী-বিদেশী উদ্যোগপতি আৰু প্ৰতিনিধি দলসমূহৰ সৈতে সমন্বয় সাধন, পৰিদৰ্শন আৰু প্ৰশাসনিক ব্যৱস্থাপনাৰ ক্ষেত্ৰত তেওঁ দক্ষতা প্ৰদৰ্শন কৰিছে। এই বৃহৎ উদ্যোগে ভৱিষ্যতে মৰিগাঁও জিলাক অসমৰ অন্যতম ঔদ্যোগিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাত সহায় কৰিব।

আয়ুক্তগৰাকীৰ কাৰ্যকালত মৰিগাঁও জিলালৈ কেইবাবাৰো অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আগমন ঘটিছে। এই ভ্ৰমণসমূহৰ সময়ত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ অগ্ৰগতি পৰ্যালোচনা আৰু নতুন আঁচনিৰ ঘোষণা মৰিগাঁও জিলাৰ উন্নয়ন যাত্ৰাক অধিক গতিশীল কৰি তুলিছে।
জনসাধাৰণৰ সৈতে নিয়মীয়া যোগাযোগ, অভিযোগৰ দ্ৰুত নিষ্পত্তি, ডিজিটেল সেৱাৰ প্ৰসাৰ, স্বচ্ছ প্ৰশাসন আৰু চৰকাৰী বিষয়া-কৰ্মচাৰীসকলৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক স্থাপনৰ জৰিয়তে অনামিকা তেৱাৰীয়ে এক ইতিবাচক কৰ্মসংস্কৃতি গঢ়ি তুলিবলৈ সক্ষম হৈছে।

তেওঁৰ নেতৃত্বত জিলা প্ৰশাসনে দলীয় মনোভাৱেৰে কাম কৰি বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰিছে। বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ কল্যাণ, দৰিদ্ৰ আৰু পিছপৰা পৰিয়ালৰ সন্তানসকলৰ শিক্ষাৰ প্ৰতি আগ্ৰহ বৃদ্ধি, খাদ্য আৰু অসামৰিক যোগান ব্যৱস্থাৰ উন্নয়ন, যাতায়ত আৰু মৌলিক আন্তঃগাঁথনিৰ ক্ষেত্ৰত সবল পদক্ষেপ গ্ৰহণ কৰিছে জিলা আয়ুক্ত অনামিকা তেৱাৰীয়ে।

উল্লেখ্য যে এই বছৰটোত আয়ুক্ত অনামিকা তেৱাৰীৰ কৰ্ম দক্ষতাই মৰিগাঁও জিলা বাসীক গৌৰৱান্বিত কৰি তুলিছিল ফেম ইণ্ডিয়াৰ আলোচনীৰ সমীক্ষাই। দেশৰ প্ৰায় ৮০০ খন জিলাক সামৰি ভাৰতৰ অতি জনপ্ৰিয় ফেম ইণ্ডিয়া আলোচনী খনে চলোৱা এক সমীক্ষাত ভাৰতৰ ১০০ জন দণ্ডাধীশৰ তালিকাত অসমৰ মৰিগাঁও জিলাৰ আয়ুক্ত অনামিকা তেৱাৰীৰ নাম অন্তৰ্ভুক্ত হৈছিল।

মুঠৰ ওপৰত, আয়ুক্ত অনামিকা তেৱাৰীৰ মৰিগাঁও জিলাত কাৰ্যকালৰ এই এটা বছৰ উন্নয়ন, উদ্ভাৱন, স্বচ্ছতা, জনকল্যাণ আৰু সু-শাসনৰ এক উজ্জ্বল অধ্যায় হিচাপে স্মৰণীয় হৈ থাকিব।

লগতে পঢ়কঃ জিলা আয়ুক্ত হিচাপে মাত্ৰ এটা বছৰতে কিদৰে নগাঁওবাসীৰ অন্তৰত স্থান লাভ কৰিলে দেৱাশীষ শৰ্মাই ?


Advertisement