Nagaon Corruption Case: Senior Doctor Manoj Kumar Sinha Arrested for Alleged Briberyমৰণোত্তৰ পৰিক্ষাৰ নামত ভেটি লৈ গ্ৰেপ্তাৰ নগাঁও চিকিৎসক মনোজ কুমাৰ সিনহা

নগাঁওঃ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত দ্বিতীয় কাৰ্যকালৰ বাবে চৰকাৰ গঠন কৰিয়েই দুৰ্নীতিৰ বিৰুদ্ধে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ। এজনৰ পাছত আনজন দুৰ্নীতিগ্ৰস্ত বিষয়া দুৰ্নীতি নিৰবাক শাখাৰ জালত পৰাৰ সময়ত নগাৱঁতো জিলা আয়ুক্ত দেৱাশীষ শৰ্মা আৰু জ্যেষ্ছ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰকীম দাস আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) ৰজি তালুকদাৰৰ তৎপৰতাত জালত পৰিছে এগৰাকী দুৰ্নীতিগ্ৰস্ত জেষ্ঠ চিকিৎসক (Nagaon Corruption Case)।

মৰণোত্তৰ পৰীক্ষাৰ নামত মৃত পৰিয়ালৰ পৰা উৎকোচ লোৱা এগৰাকী জেষ্ঠ চিকিৎসকক জালত পেলাবলৈ সক্ষম হৈছে নগাঁও আৰক্ষী। নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক তথা জেষ্ঠ চিকিৎসক মনোজ কুমাৰ সিনহাৰ বিৰুদ্ধে মৰণোত্তৰ পৰীক্ষাৰ নামত উৎকোচ লোৱাৰ ভিডিঅ ফুটেজসহ অভিযোগ লাভ কৰাৰ পাছত কঠোৰ হৈ পৰে নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা।

জ্যেষ্ঠ চিকিৎসক জনৰ বিৰুদ্ধে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সালসলনি কৰাৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে। জানিব পৰা মতে, এই দুৰ্নীতিৰ সম্পৰ্কত আৰক্ষীয়ে শীঘ্ৰেই চিকিৎসা মহাবিদ্যালয়ৰ আৰু কেইবাগৰাকীও উচ্চপদস্থ বিষয়াক জেৰা কৰাৰ সম্ভাৱনা আছে।

এজন ভুক্তভোগীয়ে নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাক দিয়া অভিযোগৰ ভিত্তিতে তদন্তকৰাৰ পিছত বিষয়টো পোহৰলৈ অহাত আৰক্ষীয়ে জ্যেষ্ঠ চিকিৎসক জনক গ্ৰেপ্তাৰ কৰে। দূৰ্ঘটনাত একমাত্ৰ পুত্ৰক হেৰুওৱা পিতৃ-মাতৃৰ পৰা ধন দাবী কৰাৰ অভিযোগ উঠিছে। ভেটি দিয়াৰ ভিডিঅ’ জিলা প্ৰশাসনে কৌশলৰে গোপন কেমেৰাত আৱদ্ধ কৰিছিল।

জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এই সম্পৰ্কত কয়, ” মই অতি দুখৰে কও যে আমাৰ এজন জ্যেষ্ঠ চিকিৎসক মনোজ কুমাৰ সিনহাক আমি গ্ৰেপ্তাৰ কৰিবলগীয়া হৈছে। জ্যেষ্ঠ চিকিৎসকজনৰ বিৰুদ্ধে বিগত তিনিমাহ ধৰি বিভিন্ন অভিযোগ আহি আছিল। দুৰ্ঘটনাত পতিত হোৱা সন্তানৰ মৃতদেহলৈ পিতৃ-মাতৃয়ে কান্দি আছে। সেই সময়ত এজন চিকিৎসকে মৰণোত্তৰ প্ৰতিবেদনৰ নামত ধন বিচাৰে। তেওঁ কেনে অমানুহ হব। ভুক্তভোগী লোকে ধন দিলে তেওঁ বীমাৰ ধন লাভ কৰিব পৰা ধৰণৰ প্ৰতিবেদন দিয়ে। নহলে নিদিয়ে।” জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই জনোৱা মতে নগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত কমলজিৎ শৰ্মাৰ দ্বাৰা অভিযুক্ত চিকিৎসক জনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰোৱা হৈছে। চিকিৎসালয়খনত থকা দালাল চক্ৰৰ বিৰুদ্ধেও বিহিত ব্যৱস্থা গ্ৰহণ কৰা হব বুলি জিলা আয়ুক্তজনে কয়।

লগতে পঢ়কঃ নগাঁৱৰ বৰকন্দলি মিকিৰপাৰাত আৰক্ষীৰ গুলীত ডকাইত নিহত ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা জিলা আয়ুক্তৰ


Advertisement