ধিংঃ ধিং বিধানসভা সমষ্টিৰ মৈৰাবাৰী খণ্ডত মহাত্মা গান্ধীৰ পত্নীৰ নামত নিৰ্মিত ধিং কস্তুৰবা গান্ধী বালিকা বিদ্যালয়খন ২০১৭ চনৰ পৰা চলি আহিছে ভাড়াঘৰত। স্থায়ী বিদ্যালয় ভৱন, চৌহদ আৰু প্ৰয়োজনীয় আন্তঃগাঁথনিৰ অভাৱত শিক্ষয়িত্ৰীসকল আৰু ছাত্ৰীসকলে দীৰ্ঘদিন ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে (Kasturba Gandhi Balika Vidyalaya Dhing)। মাত্ৰ কিছুদিন পূৰ্বে ধিং সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক মেহবুব মুক্তাৰে বিদ্যালয়খন পৰিদৰ্শন কৰি শিক্ষানুষ্ঠানখনৰ শোচনীয় অৱস্থা প্ৰত্যক্ষ কৰি উদ্বিগ্ন হৈ পৰিছিল। বিদ্যালয়খনৰ সামগ্ৰিক পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ পাছত বিধায়কগৰাকীয়ে বিদ্যালয়খনৰ বাবে এটা স্থায়ী গৃহ আৰু উপযুক্ত চৌহদৰ ব্যৱস্থা কৰাৰ লক্ষ্যৰে পদক্ষেপ গ্ৰহণ কৰে।
এই উদ্দেশ্যে বিধায়কগৰাকীয়ে নগাঁও জিলা আয়ুক্তলৈ এক লিখিত প্ৰস্তাৱ প্ৰেৰণ কৰে। প্ৰস্তাৱখনত উল্লেখ কৰা হয় যে চৰকাৰৰ বিদ্যালয় একত্ৰীকৰণ নীতিৰ ফলত বহু বিদ্যালয়ৰ ভৱন আৰু ভূমি অব্যৱহৃত হৈ আছে। এনে এখন বিদ্যালয় হৈছে ধিং সমষ্টিৰ আঠগাঁও বালক প্ৰাথমিক বিদ্যালয়, যাৰ ভৱন আৰু বিস্তৃত ভূমি বৰ্তমান ব্যৱহাৰৰ বাহিৰত আছে। বিধায়কগৰাকীয়ে কস্তুৰবা গান্ধী বালিকা বিদ্যালয়খনক এই স্থানলৈ স্থায়ীভাৱে স্থানান্তৰ কৰাৰ প্ৰস্তাৱ আগবঢ়াই জিলা আয়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিছিল।
উক্ত প্ৰস্তাৱৰ ভিত্তিত মঙলবাৰে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ নিৰ্দেশত জিলাখনৰ অতিৰিক্ত আয়ুক্ত গোপাল শৰ্মাৰ উপস্থিত হয় ক্ষেত্ৰ পৰিদৰ্শনৰ বাবে। অতিৰিক্ত আয়ুক্তগৰাকীৰ লগত স্থানীয় বিধায়ক মেহবুব মুক্তাৰো উপস্থিত হৈ আঠগাঁও বালক প্ৰাথমিক বিদ্যালয়ৰ চৌহদত ক্ষেত্ৰ পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলো উপস্থিত থাকে।
পৰিদৰ্শনকালত অব্যৱহৃত বিদ্যালয়খনৰ ভৱন আৰু বিদ্যালয়ৰ নামত থকা প্ৰায় ৬ বিঘা ভূমি হাবি-জংঘলে আৱৰি থকা দৃশ্য দেখি উপস্থিত বিষয়াসকল আচৰিত হৈ পৰে। যদিও দীৰ্ঘদিন ধৰি উক্ত স্থান অব্যৱহৃত হৈ আছে, তথাপিও ইয়াৰ বিস্তৃত ভূমি আৰু উপলব্ধ আন্তঃগাঁথনি কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ বাবে এক উপযুক্ত স্থায়ী চৌহদ হিচাপে গঢ়ি তোলাৰ সম্ভাৱনা স্পষ্টভাৱে পৰিলক্ষিত হয়।
পাছত অতিৰিক্ত আয়ুক্ত গোপাল শৰ্মা আৰু বিধায়ক মেহবুব মুক্তাৰে সমগ্ৰ বিষয়টো বিশদভাৱে পৰ্যবেক্ষণ কৰি বিদ্যালয়খনক এই স্থানত স্থাপন কৰাৰ সম্ভাৱনাৰ পোষকতা কৰে। প্ৰয়োজনীয় চৰকাৰী প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত এই সিদ্ধান্ত বাস্তৱায়িত হ’লে দীৰ্ঘদিন ধৰি ভাড়াঘৰত চলি থকা ধিং কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ ছাত্ৰীসকলে এক উন্নত, নিৰাপদ আৰু সুসংগঠিত শিক্ষাৰ পৰিৱেশ লাভ কৰিব বুলি আশা কৰা হৈছে।
স্থানীয় ৰাইজেও এই পদক্ষেপক আদৰণি জনাইছে আৰু শীঘ্ৰে বিদ্যালয়খনৰ স্থায়ী গৃহ স্থাপনৰ দিশত চৰকাৰ আৰু প্ৰশাসনে ইতিবাচক ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে।
লগতে পঢ়কঃ মৰণোত্তৰ পৰিক্ষাৰ নামত ভেটি লৈ গ্ৰেপ্তাৰ নগাঁও চিকিৎসক মনোজ কুমাৰ সিনহা

