নগাঁওঃ মৰিগাঁও জিলাৰ জাগীৰোডৰ তিৱা জনগোষ্ঠীয় ৰাইজৰ সংগ্ৰামলৈ সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই (Tiwa Students Association Land Rights Protest)। সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি শুভ্রজ্যোতি বর্দ্ধন আৰু সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই এক প্ৰেছ বিবৃতিৰ জড়িয়তে এই কথা উল্লেখ কৰে। সংগঠনটোৰ নেতাদ্বয়ে উল্লেখ কৰে যে মৰিগাঁও জিলাৰ সিন্ধিশৰ, নলধৰা, বিহিতা, পলাশবাৰী আৰু ৰৌমাৰী গাঁৱত যুগ যুগ ধৰি বসবাস কৰি অহা তিৱা, কার্বি, বড়ো জনজাতি তথা আন আন ৰাইজক উচ্ছেদ কৰি উপগ্ৰহীয় চহৰ নিৰ্মাণৰ বাবে অসমৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছিল ইয়াৰ বিৰুদ্ধে প্রমোদ ছাগ্রাৰ নেতৃত্বাধীন সদৌ তিৱা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে যি ভূমি অধিকাৰৰ সংগ্ৰাম পৰিচালনা কৰি আহিছে ইয়াৰ প্রতি সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই পূৰ্ণ সংহতি প্ৰকাশ কৰিছে ।
বিবৃতিত আম্বানী-আদানীৰ দৰে ডাঙৰ বণিয়াৰ স্বাৰ্থত বলপূৰ্বকভাৱে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ভূমি অধিগ্রহণৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে গ্ৰামীণ শ্ৰমিক সন্থাই তাৰ সম্পূৰ্ণ বিৰোধিতা কৰাৰ লগতে উপৰি উক্ত পাঁচখন গাঁৱত উপগ্ৰহীয় চহৰ নিৰ্মাণৰ সিদ্ধান্ত কোনো কেৰোণ নথকাকৈ অতি শীঘ্ৰে কাৰ্যকৰীভাৱে বাতিলৰ দাবী জনায়।
বিবৃতিত আৰু উল্লেখ থাকে যে অসমৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে প্ৰথমতে বাংলাভাষী মুছলমান ৰাইজক বৰ্বৰোচিতভাৱে উচ্ছেদ কৰি “অসমীয়া – খিলঞ্জীয়া” ৰাইজৰ মুক্তিদাতা হিচাপে নিজকে দাঙি ধৰি সাম্প্ৰদায়িক মেৰু বিভাজন আৰু ঘৃণাৰ বিষবাষ্প বিয়পাই দুখীয়া ভূমিহীন কৃষক আৰু কৃষি শ্ৰমিক ৰাইজৰ মাজত ধৰ্ম, ভাষা, গোষ্ঠী আদিৰ নামত ভাগ ভাগ কৰে। এতিয়া যি সকলক অসমৰ ভূমিপুত্ৰ বুলি কোৱা হয় সেই বড়ো-ৰাভা-কাৰ্বি-তিৱা আদি জনজাতিয় ৰাইজৰ ভূমি কাঢ়ি লৈ আম্বানী-আদানীৰ দৰে বৃহৎ বণিয়াক গতাই দিয়াৰ যি আগ্ৰাসী অভিযান চলাইছে তাৰ বিৰুদ্ধে জাতি-ধৰ্ম-ভাষা-সম্প্ৰদায়ৰ সীমাৰেখা নেওচি সকলো ক্ষতিগ্ৰস্ত ৰাইজক ঐক্যবদ্ধ কৰি বিজেপি চৰকাৰৰ কর্প’ৰেট তথা বৃহৎ পুঁজিপতিক অসমৰ ভূমি প্ৰদানৰ বাবে চলোৱা দমন -বিভাজনৰ সামগ্ৰিক এজেণ্ডাক পৰাভূত কৰাটো সময়ৰ দাবী।
নেতৃত্বদ্বয়ে উল্লেখ কৰে যে ভাগে ভাগে কৰা আন্দোলন আৰু প্ৰতিবাদে আম্বানী-আদানীৰ দৰে বৃহৎ বণিয়াৰ স্বাৰ্থত বিজেপি চৰকাৰৰ আগ্ৰাসী ভূমি লুণ্ঠনৰ অভিযানক নিৰ্ণায়ক ৰূপত পৰাস্ত কৰিব পৰা নাযায়। ষষ্ঠ অনুসূচীৰ এলেকা,জনজাতীয় ভূমি বেষ্টনী, বনাধিকাৰ আইনৰ অধীনত জনজাতি তথা পৰম্পৰাগত ভাৱে বসবাস কৰা ভূমিক ৰাজহ ভূমিলৈ ৰূপান্তৰ কৰাৰ আইনী অধিকাৰক ভূলুণ্ঠিত কৰি বিজেপি চৰকাৰে জনজাতি ৰাইজ তথা আন সম্প্ৰদায়ৰ দৰিদ্ৰ ৰাইজৰ ভূমি কাঢ়ি লৈ তেওঁলোকৰ ভৱিষ্যত আৰু জীৱন-জীৱিকাক ধ্বংস কৰি বাটৰ ভিক্ষাৰী লৈ পৰিণত কৰিব খুজিছে তাৰ বিৰুদ্ধে এক ঐক্যবদ্ধ সৰৱ প্ৰতিবাদ আৰু প্ৰতিৰোধে ভূমি ৰক্ষাৰ দাবীত আন্দোলিত ৰাইজৰ অধিকাৰ সুনিশ্চিত কৰিব পাৰিব ।
এই আবেদনৰে আজি ১নং পূৱ সিন্ধিশৰ গাঁৱত প্ৰমোদ চাগ্রা ,সঞ্জীৱ খৰাই লগতে সদৌ তিৱা ছাত্ৰ সন্থাৰ স্থানীয় নেতৃবৃন্দৰ উপস্থিতিত গ্ৰামীণ শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় নেতৃত্ব , গণতন্ত্ৰ সুৰক্ষা মঞ্চ অসম আৰু সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ নগাঁও জিলা সমিতিৰ এটা দহ জনীয়া সঁজাতি দলে আলোচনাত মিলিত হয় আৰু লগতে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ পৰা এটি সংহতি বার্তা প্রদান কৰে ।
সঁজাতি দলটিক ছাত্ৰ সন্থাৰ নেতৃবৃন্দই অতি আক্ষেপেৰে কয় যে ১৮৯০ চনৰ পৰা এই অঞ্চলত লোক সকলে কৃষি কর্ম কৰিবলৈ আৰম্ভ কৰে। ২০১০ চনত বনাধিকাৰ আইন ২০০৬ ৰ অধীনত উক্ত অঞ্চলবাসীক ভূমিৰ অধিকাৰ প্ৰদান কৰে। এই লোক সকল জাগীৰোড কাগজ কল স্থাপনৰ সময়ত আৰু গুৱাহাটীৰ বৃহত্তৰ নুনমাটি অঞ্চলৰ পৰা উচ্ছেদিত পৰিয়াল আছিল। আলোচনা কালত সংগঠন কেইটাৰ নেতৃবৃন্দয় উক্ত অঞ্চলত স্থানীয় বিধায়ক তথা অসম বিধান সভাৰ কেবিনেট মন্ত্ৰী পীযূষ হাজৰিকাই সামাজিক মাধ্যমত সিন্ধিশৰ , নলধৰা, বিহিতা, পলাশবাৰী আৰু ৰৌমাৰী গাঁৱত চেটেলাইট টাউনশ্বিপ নিৰ্মাণ নহয় বুলি উল্লেখ কৰা কাৰ্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উল্লেখ কৰে যে- মৌখিক বা লিখিত প্ৰতিশ্ৰুতি নহয় অসম মন্ত্ৰী সভাৰ কেবিনেটে বৈঠকত চেটেলাইট টাউনশ্বিপ নিৰ্মানৰ সিদ্ধান্ত বাতিল কৰি গে’জেট ন’টিফিকেচন যোগে প্রকাশ কৰিব লাগিব ।
উক্ত সাক্ষাৎ কালত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি শুভ্রজ্যোতি বর্দ্ধন, সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্ত, গণতন্ত্ৰ সুৰক্ষা মঞ্চ অসমৰ আহ্বায়ক ক্রমে মৃদু পৱন বৰা, ফজলুল হক মৰল, আব্দুছ শোভান জহিৰুল ইছলাম আৰু সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ নগাঁও জিলা সমিতিৰ সভানেত্ৰী অধিবক্তা পৰী কুমাৰী বৰুৱা, সম্পাদিকা আয়েফা বেগম আৰু সহঃ সম্পাদিকা চম্পা ডেউৰীয়ে অংশগ্ৰহণ কৰে বুলি বিবৃতিত উল্লেখ থাকে।
লগতে পঢ়কঃ জৰাজীৰ্ণ জুপুৰিত জীৱন সংগ্ৰাম দুটা দৰিদ্ৰ পৰিয়ালৰ

