নগাঁওঃ অসম আন্দোলনৰ নেত্ৰী, অসম ৰাজ্যিক বিজেপিৰ প্ৰাক্তন উপ সভানেত্ৰী, বিশিষ্ট সাহিত্যিক ৰেখা শৰ্মাৰ আজি পুৱা ৭-২০ বজাত নগাঁও চহৰৰ আমোলাপট্টিৰ নিজ বাসগৃহত বাৰ্ধক্যজনিত ৰোগত পৰলোকপ্ৰাপ্তি ঘটে (Rekha Sharma Death)। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ। ৰেখা শৰ্মাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে নগাঁও চহৰত শোকৰ ছাঁ পৰে।অসম আন্দোলনৰ সময়ত আছু ‘মহিলা সমন্বয় পৰিষদ’ৰ সাধাৰণ সম্পাদিকা হিচাপে নেতৃত্ব প্ৰদান কৰা ৰেখা শৰ্মা ১৯৯২ চনত ৰাজনীতিত সক্রিয়ভাবে জড়িত হৈ পৰে।
তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ উপ-সভানেত্রীৰ দায়িত্ব গ্ৰহণ কৰি দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত মনোনিবেশ কৰিছিল। ১৯৯৬ চনত বিজেপি দলৰ উত্তৰ-পূবৰ প্রথমগৰাকী মহিলা প্ৰাৰ্থী হিচাপে ৰেখা শৰ্মাই নগাঁও লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। ৰাজনীতিত জড়িত থকাৰ সমান্তৰালকৈ তেওঁ সাহিত্য ৰচনাতো মনোনিবেশ কৰে। ২০১৬ চনত অসম চৰকাৰে ‘সাহিত্যিক পেঞ্চন’ প্রদানেৰে সন্মানিত কৰা ৰেখা শৰ্মাৰ বহু তত্ত্বগধুৰ প্ৰৱন্ধ ইতিমধ্যে বিভিন্ন বাতৰি কাকত, আলোচনীত প্রকাশ পায়। ৰেখা শৰ্মাই ৰচনা কৰা গ্ৰন্থ সমূহ হৈছে- ‘সত্যমেব জয়তে’, ‘একালৰ বৃন্দাবন একালত পৰে ছন’, ‘মোৰ ডাক টোপোলাৰ মাজেৰে অতীত আৰু বৰ্তমান’, ‘অসম ইতিহাসৰ এক দস্তাবেজ’ আৰু ‘কত কথা, কত কাহিনী’ উল্লেখনীয়।
অসম আন্দোলনৰ অগ্ৰণী নেত্ৰী তথা বিজেপিৰ জ্যেষ্ঠা নেত্ৰী গৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে নগাঁও চহৰত শোকৰ ছাঁ পৰে । আজি দুপৰীয়া বিজেপিৰ বৰ্ষীয়ান নেত্ৰী গৰাকীৰ নশ্বৰ দেহ বিজেপিৰ নগাঁও জিলা কাৰ্যালয়লৈ অনা হয় । বিজেপিৰ জিলা কাৰ্যালয়ত অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বৰ্ষীয়ান নেত্ৰী গৰাকীৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা নিবেদন কৰি কয় যে ৰেখা শৰ্মা বিজেপি দলৰ এগৰাকী অত্যন্ত সমৰ্পিত নেত্ৰী আছিল।অসমত বিজেপি দলক চালুকীয়া অৱস্থাৰ পৰা নিজ হাতেৰে তুলিতালি ডাঙৰ দীঘল কৰা সকলৰ ভিতৰত ৰেখা শৰ্মাও এগৰাকী। তেওঁৰ অৱৰ্তমান মাথো বিজেপি দলৰ বাবেই নহয় নগাঁৱৰ সামাজিক, সাংস্কৃতিক, সাহিত্য, শৈক্ষিক,বৌদ্ধিক আদি সকলো দিশৰ বাবে অপূৰণীয় ক্ষতি ।
বিজেপিৰ জিলা কাৰ্যালয়ত নগাঁও জিলা বিজেপিৰ ভাৰপ্ৰাপ্ত সভাপতি সুবৰ্ণ সিং, বিধায়ক শশীকান্ত দাস, ৰাজ্যিক সম্পাদক অভিজিত নাথ, নগাঁও পৌৰসভাৰ উপ পৌৰপতি সীমান্ত বৰাৰ লগতে দলীয় কৰ্মকৰ্তা সকলে বৰ্ষীয়ান নেত্ৰী গৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে । নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই বিজেপি দলৰ জ্যেষ্ঠ নেত্ৰী ৰেখা শৰ্মাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয় যে স্পষ্টবাদী সাহসী আৰু বিদূষী মহিলা ৰেখা শৰ্মাই মোক ৰাজনৈতিক জীৱনত বিভিন্ন সময়ত দিহা,পৰামৰ্শ আগবঢ়াই এগৰাকী অভিভাৱকাৰ ভূমিকা পালন কৰি আহিছিল।
এইগৰাকী বিদূষী মহিলা সু-বক্তা হিচাপে জনমানসত সমাদৃত আছিল। স্বামী বিবেকানন্দৰ আৰ্দশৰে দীক্ষিত মানবীয় প্ৰমূল্যবোধৰে সমৃদ্ধ ৰেখা শৰ্মাৰ পৰলোক গমন আমাৰ সমাজখনৰ বাবে এক অপূৰণীয় ক্ষতি। ৰেখা শৰ্মাৰ মৃত্যুত প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই শোক ব্যক্ত কৰি কয় যে অসম আন্দোলনত সক্ৰিয়ভাৱে জড়িত হৈ ৰেখা শৰ্মাই মহিলাৰ মাজত সাংগঠনিক ভেটি সুদৃঢ় কৰি তুলিছিল । তেওঁৰ মৃত্যু আমাৰ সমাজৰ বাবে অপূৰণীয় ক্ষতি ।
নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড০ শৰৎ বৰকটকী আৰু সম্পাদক ৰাজীৱ কুমাৰ হাজৰিকাই ৰেখা শৰ্মাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি কয় যে বৰ্ষীয়ান বিদুষী মহিলা ৰেখা শৰ্মাৰ জীৱন জ্ঞান, সংস্কৃতি আৰু মানৱীয় মূল্যবোধেৰে সমৃদ্ধ আছিল । ৰেখা শৰ্মা সমাজৰ বাবে এক অনুপ্ৰেৰণা আছিল। তেওঁৰ সৰলতা, প্ৰজ্ঞা আৰু অৱদান সদায় স্মৰণীয় হৈ থাকিব বুলি জিলা সাহিত্য সভাৰ সভাপতি আৰু সম্পাদকে মত প্ৰকাশ কৰে । সংগ্ৰামী সতীৰ্থ অসম আন্দোলন, নগাঁৱৰ আহ্বায়ক সুৰজিৎ গোস্বামীয়ে অসম আন্দোলনৰ নেত্ৰী ৰেখা শৰ্মাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয় যে অসম আন্দোলনত ৰেখা শৰ্মাই নগঞা ৰাইজক সন্মুখৰ পৰা নেতৃত্ব দিছিল।
সমাজৰ বাবে এক অনুপ্ৰেৰণা স্বৰূপ ৰেখা শৰ্মাৰ সৰলতা, প্ৰজ্ঞা আৰু অৱদান সদায় স্মৰণীয় হৈ থাকিব বুলি সংগ্ৰামী সতীৰ্থ অসম আন্দোলনে মত প্ৰকাশ কৰে। ৰেখা শৰ্মাৰ মৃত্যুত নগাঁও জিলা বিজেপি , কল্লোল সাংস্কৃতিক গোষ্ঠী, বিবেকানন্দ কেন্দ্ৰ (নগাঁও), নগাঁও প্ৰেছ ক্লাব, নগাঁও নাট্য সমিতিকে ধৰি ভালেসংখ্যক অনুষ্ঠানে শোক প্ৰকাশ কৰে । মৃত্যুৰ সময়ত তেওঁ চাৰি পুত্ৰ,বোৱাৰী ,নাতি-নাতিনী সহ ভালেসংখ্যক আত্মীয়ক ইহসংসাৰত এৰি থৈ যায়। আজি বিয়লি ভালেসংখ্যক লোকৰ উপস্থিতিত নগাঁও আমোলাপট্টি শ্মশানত ৰেখা শৰ্মাৰ নশ্বৰ দেহৰ শেষকৃত্য সম্পন্ন হয়।

