নগাঁও: নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰ তথা বৰহমপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত কুৰুৱাবাহী গাঁৱত পোহনীয়া গাহৰিৰ দেহত আফ্ৰিকান ছোৱাইন ফ্লুৰ বীজাণু ধৰা পৰাৰ পৰিপ্ৰেক্ষিতত আজি জিলা আয়ুক্তই অঞ্চলটোত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। 


সেই অনুসৰি কুৰুৱাবাহী গাঁৱৰ পৰা ১০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত গাহৰি, তথা গাহৰিৰ মাংসৰ সৰবৰাহ আৰু বিক্ৰী নিষিদ্ধ ঘোষণা কৰা হৈছে। গাহৰিৰ মাংসৰ দ্বাৰা প্ৰস্তুত কৰা আন সামগ্ৰীৰ বিক্ৰীতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। 


পশুপালন তথা পশু চিকিৎসা সঞ্চালকৰ প্ৰতিবেদনৰ আধাৰত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আজি এই নিষেধাজ্ঞা আৰোপ কৰিছে। জনস্বাস্থ্যৰ সুৰক্ষাৰ স্বাৰ্থতে প্ৰশাসনে এনে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনাইছে। এই নিৰ্দেশ উলংঘা কৰিলে আইন অনুসৰি কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলিও নিৰ্দেশটোত স্পষ্ট কৰি দিয়া হৈছে।