মৰিগাঁও: সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছতেই চৰাঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে তৎপৰ হৈ পৰিছে দেৱাশীষ শৰ্মা। মঙলবাৰে মৰিগাঁও জিলাৰ লাহৰীঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত কেইবাটাও দুৰ্গম চৰাঞ্চলত উপস্থিত হৈ চৰবাসীৰ অভাৱ-অভিযোগৰ বুজ লয় সাংসদগৰাকীয়ে। যন্ত্ৰচালিত নাৱেৰে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি চৰাঞ্চলত উপস্থিত হোৱা সাংসদগৰাকীয়ে ৰাইজৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰি তেওঁলোকৰ দৈনন্দিন জীৱনৰ সমস্যা, শিক্ষা, স্বাস্থ্যসেৱা, যাতায়াত আৰু ভূমি সমস্যাৰ বুজ লয়।

লাহৰীঘাট সমষ্টিৰ গৰৈমাৰী, টেঙাগুৰি আৰু চিতলমাৰী চৰত উপস্থিত হৈ সাংসদ দেৱাশীষ শৰ্মাই চৰাঞ্চলৰ বাসিন্দাসকলৰ সৈতে আলোচনাত মিলিত হয়। দুৰ্গম চৰাঞ্চলৰ বাট-পথৰ পৰিস্থিতি অনুধাৱন কৰিবলৈ তেওঁ খোজকাঢ়ি বিভিন্ন স্থান পৰিদৰ্শন কৰাৰ লগতে নিজেই ট্ৰেক্টৰ চলাই চৰাঞ্চলৰ ভিতৰভাগলৈ আগবাঢ়ে। সাংসদগৰাকীৰ এই পৰিদৰ্শনৰ সময়ছোৱাত চৰবাসীয়ে তেওঁলোকৰ বিভিন্ন সমস্যা আৰু দীৰ্ঘদিনীয়া অভাৱ-অভিযোগৰ বিষয়ে অৱগত কৰে।

চৰাঞ্চলৰ শিশুক শিক্ষিত কৰিবলৈ অভিভাৱকক অনুৰোধ দেৱাশীষ শৰ্মাৰ: 

চৰাঞ্চলৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত শিক্ষাক বিশেষ গুৰুত্ব প্ৰদান কৰে সাংসদ দেৱাশীষ শৰ্মাই। চৰাঞ্চলৰ শিশুসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে তেওঁলোকৰ পঢ়া-শুনাৰ বুজ লয়। শিশুসকল যাতে শিক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া নহয়, তাৰ বাবে পিতৃ-মাতৃসকলক সন্তানৰ শিক্ষাৰ প্ৰতি অধিক মনোযোগ দিবলৈ আহ্বান জনায় সাংসদগৰাকীয়ে।


আনহাতে, চৰাঞ্চলৰ একাংশ বিদ্যালয়ত শিক্ষকৰ অনিয়মীয়া উপস্থিতি সম্পৰ্কে অভিযোগ লাভ কৰাৰ পাছতে বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰে তেওঁ। বিদ্যালয়ত শিক্ষকসকলৰ নিয়মীয়া উপস্থিতি নিশ্চিত কৰাৰ বাবে সংশ্লিষ্ট শিক্ষা বিষয়াক ফোনযোগে নিৰ্দেশ দিয়ে সাংসদ দেৱাশীষ শৰ্মাই। শিক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ অৱহেলা সহ্য কৰা নহ'ব বুলি স্পষ্ট কৰি দি চৰাঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে যাতে নিয়মীয়াকৈ পাঠদান লাভ কৰে, তাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে।


এমাহৰ ভিতৰতেই নৌকা এম্বুলেঞ্চ সেৱা প্ৰদানৰ আশ্বাস: 

চৰাঞ্চলৰ বাসিন্দাসকলৰ বাবে স্বাস্থ্যসেৱা লাভ কৰাটো আজিও এক ডাঙৰ প্ৰত্যাহ্বান। বিশেষকৈ গৰ্ভৱতী মহিলাসকলৰ প্ৰসৱকালীন চিকিৎসা আৰু জৰুৰী স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত যাতায়াতৰ সমস্যাই যথেষ্ট অসুবিধাৰ সৃষ্টি কৰি আহিছে চৰাঞ্চলত। দুৰ্গম চৰাঞ্চলৰ পৰা সময়মতে চিকিৎসালয়লৈ যাব নোৱাৰিলে ৰোগীয়ে ভুগিবলগীয়া হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি সাংসদগৰাকীয়ে এই ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণৰ আশ্বাস দিয়ে।

চৰাঞ্চলৰ গৰ্ভৱতী মহিলা আৰু জৰুৰী চিকিৎসাৰ প্ৰয়োজন হোৱা ৰোগীসকলক সময়মতে চিকিৎসালয়লৈ নিয়াৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে এমাহৰ ভিতৰত নৌকা এম্বুলেঞ্চৰ ব্যৱস্থা কৰা হ'ব বুলি আশ্বাস দিয়ে দেৱাশীষ শৰ্মাই। নৌকা এম্বুলেঞ্চৰ ব্যৱস্থা কাৰ্যকৰী হ'লে নদী আৰু যাতায়াতৰ সমস্যাৰ বাবে জৰুৰী চিকিৎসা লাভ কৰাত অসুবিধাৰ সন্মুখীন হোৱা চৰবাসীয়ে কিছু সকাহ লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে চৰাঞ্চলৰ ৰাইজে।


ভূমি সমস্যা সমধান আৰু মাতব্বৰীৰাজ বন্ধ কৰাৰ হুংকাৰ: 

চৰাঞ্চলৰ বাসিন্দাসকলে সন্মুখীন হৈ অহা ভূমি সমস্যাৰ বিষয়টোও সাংসদগৰাকীৰ পৰিদৰ্শনৰ সময়ত বিশেষভাৱে চৰ্চালৈ আহে। ভূমি সম্পৰ্কীয় সমস্যা, যাতায়াতৰ অসুবিধা, শিক্ষা আৰু স্বাস্থ্যসেৱাৰ অভাৱকে ধৰি চৰবাসীৰ বিভিন্ন সমস্যাৰ সমাধানৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ আশ্বাস দিয়ে সাংসদগৰাকীয়ে।

ইয়াৰ লগতে চৰাঞ্চলত চলি অহা বুলি অভিযোগ উত্থাপিত মাতব্বৰীৰাজৰ বিৰুদ্ধেও কঠোৰ স্থিতি গ্ৰহণ কৰে সাংসদ দেৱাশীষ শৰ্মাই। চৰাঞ্চলৰ সাধাৰণ ৰাইজে যাতে কোনো লোকৰ অন্যায় প্ৰভাৱ বা হেঁচাৰ সন্মুখীন হ'বলগীয়া নহয়, তাৰ বাবে এনে ব্যৱস্থা বন্ধ কৰাৰ হুংকাৰ দিয়ে তেওঁ। চৰবাসীয়ে যাতে নিজৰ অধিকাৰ সাব্যস্ত কৰি শান্তিপূৰ্ণভাৱে জীৱন নিৰ্বাহ কৰিব পাৰে, তাৰ বাবে সকলো সমস্যা সমাধানৰ চেষ্টা কৰা হ'ব বুলিও তেওঁ আশ্বাস দিয়ে চৰবাসীক।


শিশুৰ সৈতে শৈশৱ ৰোমন্থন, ৰাইজৰ সৈতে গালে মানুহে মানু্হৰ বাবে গীত: 

সাংসদ দেৱাশীষ শৰ্মাৰ চৰাঞ্চল ভ্ৰমণৰ আন এক উল্লেখযোগ্য দিশ আছিল শিশুসকলৰ সৈতে কটোৱা সময়। চৰাঞ্চলত উপস্থিত হৈ তেওঁ শিশুসকলৰ সৈতে শৈশৱৰ খেল-ধেমালিতো অংশগ্ৰহণ কৰে। জনপ্ৰতিনিধিগৰাকীক কাষত পাই শিশুসকলৰ মাজতো উৎসাহৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়।


কেৱল সমস্যাৰ বুজ লোৱাতে সীমাবদ্ধ নাথাকি চৰাঞ্চলৰ ৰাইজৰ সৈতে একাত্ম হৈ পৰে সাংসদগৰাকী। ৰাইজৰ সৈতে মিলি তেওঁ ‘মানুহে মানুহৰ বাবে’ গীতটোও পৰিৱেশন কৰে। এইদৰে চৰাঞ্চলৰ বাসিন্দাসকলৰ সৈতে পোনপটীয়া সম্পৰ্ক স্থাপন কৰি তেওঁলোকৰ অভাৱ-অভিযোগ শুনাৰ লগতে সমস্যাসমূহ সমাধানৰ আশ্বাস প্ৰদান কৰে দেৱাশীষ শৰ্মাই।


ইয়াৰোপৰি চৰাঞ্চলৰ ৰাইজৰ মাজত ভোটাৰ তালিকা সংশোধনৰ সজাগতা সৃষ্টিৰো প্ৰয়াস কৰে সাংসদ দেৱাশীষ শৰ্মাই। যাতে ভোটাৰ তালিকা সংশোধনৰ নামত কোনেও সহজ সৰল নাগৰিকসকলক বিভ্ৰান্ত কৰিব নোৱাৰে। 


সামগ্ৰিকভাৱে, লাহৰীঘাটৰ দুৰ্গম চৰাঞ্চলত সাংসদগৰাকীৰ এই ভ্ৰমণৰ সময়ত শিক্ষা, স্বাস্থ্যসেৱা, যাতায়াত, ভূমি সমস্যা আৰু সামাজিক ন্যায়ৰ বিষয়সমূহে বিশেষ গুৰুত্ব লাভ কৰে।