গুৱাহাটী: গুৱাহাটী মহানগৰীৰ বৰা চাৰ্ভিছৰ সমীপৰ হোটেল বিলাস ইন্নত সংঘটিত ভয়ংকৰ গুলীচালনাৰ ঘটনাই সমগ্ৰ ৰাজ্যতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। হোটেলখনৰ লীজ চুক্তিক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘাতৰ পৰিণতিতে সংঘটিত এই গুলীচালনাৰ ঘটনাত হোটেলখনৰ স্বত্বাধিকাৰী পৰিয়ালৰ সদস্যসহ পাঁচগৰাকী লোকৰ মৃত্যু হয়। ঘটনাটোত আন এজন লোক গুৰুতৰভাৱে আহত হয়। আহত লোকজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (GMCH) চিকিৎসা প্ৰদান কৰি থকা হৈছে।
ঘটনাৰ পিছতে মহানগৰ আৰক্ষীয়ে তৎপৰতা গ্ৰহণ কৰি গুলীচালনাৰ মূল অভিযুক্ত ঘনকান্ত গগৈক গ্ৰেপ্তাৰ কৰিবঁলৈ সক্ষম হৈছে। অভিযুক্তজনৰ পৰা এটা পইণ্ট .৩২ পিষ্টলো জব্দ কৰা হৈছে। অৱশ্যে, এই ভয়ংকৰ ঘটনাৰ আঁৰৰ সকলো দিশ পোহৰলৈ আনিবলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
হোটেল বিলাস ইনৰ লীজ চুক্তিক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিবাদৰ পৰিণতিতেই সমগ্ৰ গুলীচালনাৰ ঘটনা সংঘটিত হোৱা বুলি প্ৰাথমিক তদন্তত সন্দেহ প্ৰকাশ কৰিছে মহানগৰ আৰক্ষীয়ে। গুৱাহাটী মহানগৰীৰ বৰা চাৰ্ভিছৰ সমীপত অৱস্থিত হোটেলখনত সংঘটিত গুলীচালনাৰ ঘটনাত পাঁচগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আন এজন লোক আহত হয়। এই ঘটনাই মহানগৰীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
প্ৰাথমিকভাৱে লাভ কৰা তথ্য অনুসৰি, হোটেলখনৰ লীজ চুক্তিক লৈ সৃষ্টি হোৱা সংঘাতৰ মাজতে এই গুলীচালনাৰ ঘটনা সংঘটিত হয়। গুলীচালনাত হোটেলখনৰ স্বত্বাধিকাৰী হেলেনা ভৰালী, তেওঁৰ পুত্ৰ দেৱৰ্ষি কাশ্যপ, দেৱৰ্ষিৰ পত্নী ৰিণিকি ভৰালী আৰু হেলেনাৰ জ্যেষ্ঠ ভাতৃ ভূদেৱৰ মৃত্যু হয়। ইয়াৰ উপৰি গুলীচালনাৰ ঘটনাত ব্যৱসায়ী নাৰায়ণ দাসেও প্ৰাণ হেৰুৱায়।
ইফালে, এই ঘটনাত গুলীবিদ্ধ হৈ সত্যেন্দ্ৰ পাঠক নামৰ এজন লোক আহত হয়। তেওঁক ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (GMCH) ভৰ্তি কৰোৱা হয়। সম্প্ৰতি তেওঁ চিকিৎসাধীন হৈ আছে।
আৰক্ষীৰ জালত মূল অভিযুক্ত ঘনকান্ত গগৈ:
সোমবাৰে নিশা ৯ মান বজাত সংঘটিত গুলীচানাৰ ঘটনাৰ পিছতে মহানগৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি গুলীচালনাৰ মূল অভিযুক্ত ঘনকান্ত গগৈক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে অভিযুক্তজনৰ পৰা এটা পইণ্ট .৩২ পিষ্টল জব্দ কৰে। এই অস্ত্ৰটোৰ ব্যৱহাৰ আৰু গুলীচালনাৰ সৈতে জড়িত অন্যান্য তথ্যৰ বিষয়েও তদন্ত অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে।
অব্যাহত আৰক্ষীৰ তদন্ত:
হোটেল বিলাস ইনৰ লীজ চুক্তিক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিবাদে কেনেদৰে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিলে, সেই সন্দৰ্ভত আৰক্ষীয়ে বিভিন্ন দিশ অনুসন্ধান কৰি আছে। ঘটনাটোৰ আঁৰত থকা কাৰণ, গুলীচালনাৰ প্ৰকৃত পৰিস্থিতি আৰু ইয়াৰ সৈতে আন কোনো লোক জড়িত আছে নেকি, সেই সকলো দিশ তদন্ত কৰি আছে মহানগৰ আৰক্ষীয়ে।
এটা চুক্তিক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিবাদৰ পৰিণতিত একাধিক লোকৰ প্ৰাণহানিৰ এই ঘটনাই মহানগৰীত গভীৰ শোকৰ ছাঁ পেলাইছে। আৰক্ষীৰ তদন্ত আগবঢ়াৰ লগে লগে ঘটনাটোৰ সন্দৰ্ভত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।