গুৱাহাটী: ৰাজ্যৰ বানপীড়িত লোকসকলৰ সাহায্য, পুনৰ্বাসন আৰু পুনৰ্সংস্থাপন কাৰ্যত সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অনুদান আগবঢ়াইছে মন্ত্ৰী অশোক সিংহলে। বানৰ ভয়াৱহ পৰিস্থিতিত ক্ষতিগ্ৰস্ত লোকসকলৰ কাষত থিয় দি সামাজিক দায়বদ্ধতাৰ নিদৰ্শন দাঙি ধৰিছে মন্ত্ৰীগৰাকীয়ে।

ইয়াৰ উপৰি, ঢেকীয়াজুলি পৌৰসভাৰ ৪ নম্বৰ ৱাৰ্ডৰ বিবেকানন্দ ক্লাবেও মাননীয় মন্ত্ৰী অশোক সিংহলৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আৰ্থিক অনুদান আগবঢ়ায়। বানপীড়িত লোকসকলক সহায় কৰাৰ লক্ষ্যৰে ক্লাবটোৱে গ্ৰহণ কৰা এই পদক্ষেপক বিভিন্ন মহলে প্ৰশংসা কৰিছে।

এই মহানুভৱতাপূৰ্ণ সহযোগিতাৰ বাবে মুখ্যমন্ত্ৰীয়ে মন্ত্ৰী অশোক সিংহল আৰু ঢেকীয়াজুলিৰ বিবেকানন্দ ক্লাবৰ সদস্যসকলৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে, দুৰ্যোগৰ সময়ত সমাজৰ বিভিন্ন স্তৰৰ ব্যক্তি, অনুষ্ঠান আৰু সংগঠনে আগবঢ়োৱা এনে সহায় আৰু সহযোগিতাই দুৰ্যোগপীড়িত লোকসকলৰ জীৱন পুনৰ গঢ়ি তোলাৰ প্ৰচেষ্টাক অধিক শক্তিশালী কৰি তোলে।

তেওঁ লগতে কয় যে, বানপীড়িত পৰিয়ালসমূহৰ তাৎক্ষণিক সাহায্য, ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰসংস্থাপন আৰু স্বাভাৱিক জীৱনলৈ ঘূৰি অহাৰ বাবে চলি থকা পুনৰ্সংস্থাপনমূলক কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়োৱা অনুদানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

বানৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত চৰকাৰী প্ৰচেষ্টাৰ সমান্তৰালভাৱে সমাজৰ বিভিন্ন ব্যক্তি আৰু সংগঠনে আগবঢ়োৱা সহায়ে মানৱতা, সহমৰ্মিতা আৰু সামাজিক দায়বদ্ধতাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰে। মন্ত্ৰী অশোক সিংহল আৰু ঢেকীয়াজুলিৰ বিবেকানন্দ ক্লাবৰ এই অনুদানে বানপীড়িত লোকসকলৰ প্ৰতি সহায়ৰ হাত আগবঢ়োৱাৰ লগতে সমাজৰ আন ব্যক্তি আৰু অনুষ্ঠানসমূহকো দুৰ্যোগপীড়িতসকলৰ কাষত থিয় দিবলৈ উৎসাহিত কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।