গুৱাহাটী, ২৮ জুলাই: অসমৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে বানত ক্ষতিগ্ৰস্ত লোকসকলৰ স্বাৰ্থত একাধিক গুৰুত্বপূৰ্ণ সাহায্য আৰু পুনৰসংস্থাপনৰ ব্যৱস্থা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে জনোৱা অনুসৰি, , বানত প্ৰাণ হেৰুওৱা, নিখোজ হোৱা ব্যক্তি, ক্ষতিগ্ৰস্ত পৰিয়াল, শিক্ষাৰ্থী, কৃষক তথা জীৱিকা হেৰুৱা লোকসকলক সহায় কৰিবলৈ এই বিশেষ সিদ্ধান্তসমূহ গ্ৰহণ কৰা হৈছে।

চৰকাৰী ঘোষণা অনুসৰি, বানত মৃত্যু হোৱা ব্যক্তিৰ পৰিয়ালক ৪ লাখ টকাকৈ অনুকম্পামূলক সাহায্য প্ৰদান কৰা হ'ব। এই সাহায্য লাভৰ ক্ষেত্ৰত মৰণোত্তৰ পৰীক্ষা (Post Mortem) বাধ্যতামূলক নহ'ব বুলি স্পষ্ট কৰা হৈছে, যাৰ ফলত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে সহজে সাহায্য লাভ কৰিব পাৰিব।

ইয়াৰ উপৰিও, বান পৰিস্থিতিৰ ফলত ৩০ দিনতকৈ অধিক সময় ধৰি নিখোজ হৈ থকা ব্যক্তিৰ পৰিয়ালেও প্ৰচলিত নিয়ম অনুসৰি ৪ লাখ টকাৰ অনুকম্পামূলক সাহায্য লাভ কৰিব।

চৰকাৰে লগতে ঘোষণা কৰিছে যে, মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা বানত মৃত্যু হোৱা অথবা নিখোজ হোৱা লোকৰ পৰিয়ালক অতিৰিক্ত ৫ লাখ টকাৰ অনুকম্পামূলক সাহায্যও শীঘ্ৰেই প্ৰদান কৰা হ'ব।

বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ তাৎক্ষণিক প্ৰয়োজনীয়তাৰ কথা বিবেচনা কৰি প্ৰতিটো বানপীড়িত পৰিয়ালক ১৫ হাজাৰ টকাকৈ নগদ সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

অন্যহাতে, আগষ্ট মাহৰ পৰা অৰুণোদয় আঁচনিৰ অন্তৰ্গত উপভোক্তাসকলক নিয়মীয়া সাহায্যৰ উপৰিও অতিৰিক্ত ২,৫০০ টকা প্ৰদান কৰা হ'ব। বিশেষকৈ চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ হিতাধিকাৰীসকলে এই অতিৰিক্ত সাহায্য লাভ কৰিব।

শিক্ষাৰ্থীৰ বাবেও বিশেষ পেকেজ

বানত শিক্ষাজীৱন ব্যাহত হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ৰাজ্য চৰকাৰে এক বিশেষ সাহায্য পেকেজ ঘোষণা কৰিছে। ১ আগষ্টৰ পৰা বানপীড়িত জিলাসমূহৰ শিক্ষাৰ্থীসকলক তলত দিয়া ধৰণে সহায় আগবঢ়োৱা হ'ব—

  • উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীক ১,০০০ টকাকৈ পাঠ্যপুথি অনুদান।

  • স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীক ৩,০০০ টকাকৈ অনুদান।

  • সকলো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি প্ৰদান।

  • সকলো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া ইউনিফৰ্ম প্ৰদান।

ইয়াৰ লগতে, বানত হেৰুওৱা বা নষ্ট হোৱা বিদ্যালয়তনিক নথি-পত্ৰৰ প্ৰতিলিপি (Duplicate Copy) সংগ্ৰহৰ ক্ষেত্ৰত সকলো মাচুল সম্পূৰ্ণৰূপে ৰেহাই দিয়া হ'ব।

কৃষক আৰু পশুপালকৰ ক্ষতিৰ মূল্যায়ন

চৰকাৰে ঘোষণা কৰা অনুসৰি, ৩ আগষ্টৰ পৰা কৃষকৰ শস্য, পশুধন, মীন পালন আদি ক্ষেত্ৰত হোৱা ক্ষতিৰ বিস্তৃত মূল্যায়ন আৰম্ভ হ'ব। এই মূল্যায়নৰ ভিত্তিত ক্ষতিগ্ৰস্ত কৃষক আৰু পৰিয়ালসমূহক পৰৱৰ্তী সময়ত উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰা হ'ব।

ৰাজ্য চৰকাৰৰ এই ঘোষণাসমূহৰ জৰিয়তে বানত ক্ষতিগ্ৰস্ত লাখ লাখ লোকক তাৎক্ষণিক সকাহ দিয়াৰ লগতে শিক্ষা, জীৱিকা আৰু পুনৰসংস্থাপনৰ ক্ষেত্ৰতো ব্যাপক সহায় আগবঢ়োৱাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে। চৰকাৰে সকলো জিলা প্ৰশাসনক এই সিদ্ধান্তসমূহ সময়মতে ৰূপায়ণ কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে মুখ্যন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।