গুৱাহাটী: ৰাজ্যৰ সামগ্ৰিক বান পৰিস্থিতি ক্ৰমাৎ উন্নতিৰ দিশে আগবাঢ়িছে যদিও এতিয়াও অসমৰ ৭খন জিলাত বানৰ প্ৰভাৱ অব্যাহত আছে। বহু ঠাইত নদ-নদীৰ পানী কমিবলৈ আৰম্ভ কৰিলেও বিস্তীৰ্ণ অঞ্চলত বানৰ ফলত জনজীৱন ব্যাহত হৈ আছে। শেহতীয়া তথ্য অনুসৰি, বৰ্তমান ৰাজ্যখনৰ ৩ লাখ ৩১ জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্য অনুসৰি, শিৱসাগৰ, চৰাইদেউ, গোলাঘাট, যোৰহাট, নগাঁও, বিশ্বনাথ আৰু কামৰূপ মহানগৰ—এই ৭খন জিলা এতিয়াও বানৰ প্ৰভাৱত আছে। এই জিলাসমূহৰ মুঠ ২১টা ৰাজহ চক্ৰ আৰু ৫৫১খন গাঁও বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।

বানৰ ফলত কৃষি খণ্ডতো ব্যাপক ক্ষতি হৈছে। ৰাজ্যজুৰি প্ৰায় ২১,৫২৩.০৮ হেক্টৰ কৃষিভূমি পানীৰ তলত পৰি ক্ষতিগ্ৰস্ত হৈছে। বানপানীয়ে বহু কৃষকৰ খেতিপথাৰ নষ্ট কৰাৰ লগতে কৃষিভিত্তিক জীৱিকাৰ ওপৰতো প্ৰভাৱ পেলাইছে।

ইফালে, শেহতীয়া সময়ছোৱাত বানজনিত দুৰ্ঘটনাত আৰু ৩ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ ভিতৰত শিৱসাগৰ জিলাত ২ জন আৰু গোলাঘাট জিলাত ১ জন লোকৰ মৃত্যু হৈছে। চলিত বছৰৰ বানত এতিয়ালৈকে ৰাজ্যত মৃত্যুৰ মুঠ সংখ্যা ৭৮ জনলৈ বৃদ্ধি পাইছে।

আনহাতে, কামৰূপ মহানগৰ জিলাত নগৰীয়া বান পৰিস্থিতি অব্যাহত আছে। জিলাখনৰ ৩টা ৰাজহ চক্ৰৰ ১০টা এলেকা বা ৱাৰ্ড নগৰীয়া বানৰ প্ৰভাৱত আছে। পদুমবাৰী, বৰাগাঁও, এক্সেলকেয়াৰ হাস্পতাল এলেকা, লাচিত নগৰ, জু’ ৰোড, ৰুক্মিণীগাঁও, অনিল নগৰ, নবীন নগৰ, সাতগাঁও, বেহাৰবাৰী, হাতীগাঁও, ৱায়াৰলেছ, জোৰাবাট আৰু কামাৰকুছি-জুবিন ক্ষেত্ৰৰ সমীপৱৰ্তী অঞ্চলত পানী জমা হোৱাৰ ফলত স্থানীয় লোকসকল সমস্যাৰ সন্মুখীন হৈছে।

অৱশ্যে, শেহতীয়া তথ্য অনুসৰি কামৰূপ মহানগৰৰ নগৰীয়া বানত কোনো লোক ক্ষতিগ্ৰস্ত হোৱা বুলি চৰকাৰীভাৱে উল্লেখ কৰা হোৱা নাই।

বান পৰিস্থিতি উন্নতিৰ দিশে আগবাঢ়িলেও বহু অঞ্চলত এতিয়াও পানী সম্পূৰ্ণৰূপে নামি যোৱা নাই। বানপীড়িত অঞ্চলসমূহত প্ৰশাসনৰ তৰফৰ পৰা পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নজৰ ৰখাৰ লগতে প্ৰয়োজন অনুসৰি সাহায্য আৰু উদ্ধাৰ ব্যৱস্থা অব্যাহত ৰখা হৈছে। পানী কমাৰ পাছত বহু অঞ্চলত ক্ষয়-ক্ষতিৰ প্ৰকৃত পৰিমাণ স্পষ্ট হোৱাৰ সম্ভাৱনা আছে।