গুৱাহাটী: অসম আৰক্ষীৰ বাবে এক গৌৰৱৰ খবৰ। ২০২৬ বৰ্ষৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ দক্ষতা পদক লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ ২১ গৰাকী আৰক্ষী বিষয়া আৰু জোৱানে। বিভিন্ন ক্ষেত্ৰত কৰ্মদক্ষতা, নিষ্ঠা আৰু বিশেষ পাৰদৰ্শিতাৰ স্বীকৃতিস্বৰূপে এই সন্মান আগবঢ়োৱা হৈছে।
পদক লাভ কৰা আৰক্ষী বিষয়াসকলৰ ভিতৰত আছে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত ড০ পাৰ্থ সাৰথি মহন্ত, আই পি এছ; জ্যেষ্ঠ আৰক্ষী অধীক্ষক প্ৰণৱ কুমাৰ পেগু; অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠক, বজি তালুকদাৰ আৰু অতিৰিক্ত উপ-আৰক্ষী আয়ুক্ত অনুৰাগ শৰ্মা।
ইয়াৰ উপৰি পৰিদৰ্শক পদমৰ্যাদাৰ কমলেশ সিং, ভাস্কৰ মল্ল পাটোৱাৰী, চন্দন জ্যোতি বৰা, ড০ শংকৰ জ্যোতি নাথ, বিক্ৰম বসুমতাৰী আৰু কপিল পাঠকেও এই সন্মান লাভ কৰিছে।
উপ-পৰিদৰ্শক পদমৰ্যাদাৰ ৰোহিত দাস, অংশুমণি কলিতা, ডেইজী নাথ, জিতুমণি বাতা আৰু প্ৰণৱ জ্যোতি ভট্টাচাৰ্যৰ লগতে সহকাৰী উপ-পৰিদৰ্শক আহমেদ আলীলৈও আগবঢ়োৱা হৈছে এই পদক।
আনহাতে, লেন্স নায়ক কমল বৰা আৰু কনিষ্টবল বকুল মেধিয়েও কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ দক্ষতা পদক লাভ কৰিছে।
উল্লেখযোগ্য যে, আৰক্ষী বাহিনীৰ কৰ্মদক্ষতা, পেছাদাৰিত্ব আৰু বিশেষ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ দক্ষতা পদক আগবঢ়োৱা হয়।