নিউজ ডেস্ক: মুম্বাইৰ এসময়ৰ প্ৰতিষ্ঠিত বস্ত্ৰ ব্যৱসায়ী শিৱচৰণ ৰামৰতন গুপ্তাৰ জীৱনৰ শেষ অধ্যায়টোৱে সম্প্ৰতি সমগ্ৰ দেশজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । বিপুল সম্পত্তিৰ অধিকাৰী হৈয়ো শেষ বয়সত সামান্য পৰিচৰ্যাৰ আশাত বৃদ্ধাশ্ৰমৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিবলগীয়া হোৱা এজন পিতৃৰ কাহিনীয়ে সমাজক আৰু এবাৰ ভাবিবলৈ বাধ্য কৰাইছে—পৰিয়াল মানে কি? সন্তানৰ দায়িত্ব কিমান?
শিৱচৰণ ৰামৰতন গুপ্তাই মুম্বাইত বস্ত্ৰৰ এক বৃহৎ ব্যৱসায় গঢ়ি তুলিছিল। স্ত্ৰী মীনা গুপ্তা আৰু তিনিগৰাকী কন্যাৰ সৈতে তেওঁৰ সংসাৰ আছিল সুখী আৰু সম্পূৰ্ণ। ব্যৱসায়ৰ লগতে তিনিওগৰাকী জীয়ৰীৰ শিক্ষা-দীক্ষাৰ প্ৰতিও তেওঁ অশেষ গুৰুত্ব দিছিল। পিতৃ-মাতৃৰ চেষ্টা আৰু ত্যাগত এদিন তিনিওগৰাকী কন্যাই নিজৰ ভৰিত থিয় দিব পৰা হৈছিল। বিয়াৰ পাছত তেওঁলোক নিজ নিজ ঘৰত ব্যস্ত হৈ পৰিল। পিতৃ-মাতৃৰ বাবে সময় উলিয়াব নোৱাৰা হ’ল।
লাহে লাহে ব্যৱসায়ৰ প্ৰতিও গুপ্তাৰ মন-কাণ কমি আহিছিল। ঘৰখনৰ পৰা কন্যাসকলৰ দূৰত্ব বাঢ়ি যোৱা দেখি দুয়ো স্বামী-স্ত্ৰীয়ে সিদ্ধান্ত ল’লে—এতিয়া আৰু এই ব্যস্ত চহৰত থাকিব নালাগে। দুবছৰ পূৰ্বে মুম্বাইৰ প্ৰতিষ্ঠিত ব্যৱসায় এৰি তেওঁলোকে হাৰিয়ানাৰ সোনীপটৰ এখন বৃদ্ধাশ্ৰমত আশ্ৰয় ল’লে। বিপুল সম্পত্তিৰ গৰাকী হোৱাৰ পাছতো শেষ বয়সত সামান্য যত্ন আৰু সহানুভূতিৰ আশাত তেওঁলোকে বৃদ্ধাশ্ৰমৰ ঠিকনা বাছি লৈছিল।
বিয়াৰ পাছত তিনিগৰাকী কন্যাই মুম্বাইৰ ঘৰখনৰ প্ৰতি মন কাণ নিদিয়া হৈছিল। মাজে-সময়ে এটা ফোন কৰি খবৰ লোৱাৰো সময় পোৱা নাছিল পিতৃ-মাতৃৰ। সেইবাবেই চিৰদিনৰ বাবে ব্যৱসায় ত্যাগ কৰি দুয়ো বৃদ্ধাশ্ৰমলৈ গুচি গৈছিল।
শেহতীয়াকৈ শিৱচৰণ গুপ্তাৰ স্বাস্থ্যৰ অৱনতি ঘটিল। বৃদ্ধাশ্ৰমৰ কৰ্মীসকলে কন্যাসকলক খবৰ দিলে। কিন্তু শেষ মুহূৰ্ততো তেওঁলোকে পিতৃৰ কাষত উপস্থিত হ’ব নোৱাৰিলে। ভিডিঅ’ কলৰ জৰিয়তেই তিনিগৰাকী কন্যাই পিতৃক শেষ বিদায় জনালে। সেই মুহূৰ্তৰ ফটো আৰু খবৰ বিয়পি পৰাৰ পাছতেই দেশজুৰি আৰম্ভ হৈছে চর্চা।
এই ঘটনাই পুনৰ এবাৰ প্ৰশ্ন তুলিছে—সন্তানক ডাঙৰ-দীঘল কৰা, শিক্ষিত কৰা, বিয়া দিয়াৰ পাছত পিতৃ-মাতৃৰ দায়িত্ব শেষ নেকি? সম্পত্তি আৰু সাফল্যই যদি শেষ বয়সত এজন মানুহক একাষৰীয়া কৰি থৈ যায়, তেন্তে সেই সম্পত্তিৰ মূল্য কি?
শিৱচৰণ ৰামৰতন গুপ্তাৰ কাহিনী কেৱল এটা পৰিয়ালৰ নহয়। ই আমাৰ সমাজৰ বহু পৰিয়ালৰ নীৰৱ দুখৰ প্ৰতিচ্ছবি। বৃদ্ধাশ্ৰমত আশ্ৰয় লোৱা বহু পিতৃ-মাতৃৰ দৰে তেওঁলোকো শেষত কেৱল এটা ভিডিঅ’ কলৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছিল।
এই খবৰে দেশজুৰি চৰ্চাৰ সৃষ্টি কৰিছে। বহুতেই কৈছে—সময় থাকোঁতেই পিতৃ-মাতৃৰ লগত সময় কটাব লাগে। কাৰণ এদিন সময় নাথাকিব পাৰে, আৰু তেতিয়া কেৱল ভিডিঅ’ কলহে বাকী থাকিব।