নগাঁও: অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটৰ সৌজন্যত, কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত শণিবাৰে "বীজ আৰু ৰোপণ সামগ্ৰীৰ আনুষ্ঠানিক বিতৰণ"(ceremonial distribution of seeds and planting materials) শীৰ্ষক এটি অনুষ্ঠান অনুষ্ঠিত হয়। শিমলুগুৰি স্থিত কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱত অনুষ্ঠিত অনুষ্ঠানটিত অংশ গ্ৰহণ কৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগী কৃষি গৱেষণা সঞ্চালক ড০ মৃণাল কুমাৰ শইকীয়াই কয়, "ব্যবসায়ীক ভিত্তিত আমাৰ কৃষকে কৃষি কৰ্ম কৰা প্ৰয়োজন। কৃষকসকলক স্বাৱলম্বী হবলৈ ব্যবসায় ভিত্তিত কৃষিকাৰ্য্য কৰিব লাগিব।"
অনুষ্ঠানৰ আদৰনি ভাষন প্ৰদান কৰি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মূৰব্বী ড০ ভবেশ চন্দ্ৰ ডেকাই কয়, "মাহজাতীয় শস্যৰ চাহিদা আমাৰ দেশত বহুত বেছি। সেই অনুপাতে উৎপাদন হোৱা নাই। গতিকে কৃষকে উৎপাদন বৃদ্ধি কৰা প্ৰয়োজন, যাৰ ফলত মাহজাতীয় শস্যত স্বাৱলম্বী হব পৰা যায়।"
অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ কৃষি সঞ্চালকালয়ৰ ভাৰপ্ৰাপ্ত জেষ্ঠ বিজ্ঞানী ড০ ৰূপজ্যোতি বৰাই "কৃষকৰ মাজলৈ ভ্ৰাম্যমাণ বাহনৰ দ্বাৰা পোক পতংগ চিনাক্তকৰণ কৰি চিকিৎসাৰ ব্যৱস্থা কৰা বিষয়ে আলোচনা কৰি কৃষকৰ পৰা কৃষকলৈ সম্প্ৰসাৰণ হোৱাতো প্ৰয়োজন বুলি ভাষন প্ৰদান কৰে। অনুষ্ঠানটিত মাণ্ডলিক গৱেষণা কেন্দ্ৰ চিলঙনীৰ মুখ্য বিজ্ঞানী ড০ হিৰন্য কুমাৰ বৰাই এটিয়াও মাহজাতীয় শস্যত আমি স্বাৱলম্বী হব পৰা নাই বুলি মন্তব্য কৰে।
নগাঁও জিলা কৃষি বিষয়া নিখিল নাৰায়ণ বৰুৱাই ভাষন প্ৰদান কৰি সকলো কৃষকক শুভেচ্ছা জ্ঞাপন কৰি, কৃষি বিভাগৰ তৰফৰ পৰা সকলো ধৰণৰ সুবিধা প্ৰদান কৰা হব বুলি প্ৰকাশ কৰে। কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যান শস্য বিশেষজ্ঞা জুলি শৰ্মাই আঁত ধৰা অনুষ্ঠানটিত জিলা যুটীয়া কৃষি সঞ্চালক তপন ব্ৰক্ষ্ম, কৃষান সংঘৰ সাংগঠনিক সম্পাদক কৃষ্ণ কুমাৰ বৰাই ভাষন প্ৰদান কৰে।
নাবাৰ্ডৰ জিলা উন্নয়ন প্ৰৱন্ধক ৰাজেন্দ্ৰৰ ৰাজমাউলি পাৰনা(perna), কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ ভূমি বিজ্ঞান বিশেষজ্ঞ দিপেন চন্দ্ৰ নাথ, পথাৰ শষ্য বিশেষজ্ঞা ড০ বন্তি গগৈ, পশু বিজ্ঞান বিশেষজ্ঞ ড০ অনিমেশ ডেকা, পাম পৰিচালক শংকু মনি প্ৰকল্প সহযোগী ৰূপক কুমাৰ টায়ে, আঁচনি সহায়ক বিষ্ণু নাৰায়ণ ফুকন আৰু নগাঁও জিলাৰ বিভিন্ন ঠাইৰ শতাধিক প্ৰগতিশীল কৃষককৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটিত কৃষক সকলৰ মাজত নাৰিকল পুলি , তামোল পুলি, মাটিমাহ, মগুমাহ, নেমু পুলি, (Silage)ছাইলেজ প্ৰজাতিৰ ঘাঁহ, আদি বিভিন্ন বীজ বিতৰণ কৰা হয়।