নগাঁও: বিপদে নেৰা হৈছে বঢ়মপুৰ সমষ্টিৰ কঠীয়াতলীৰ এটা বৃহৎ অঞ্চলৰ কৃষকৰ। জেঠ -আষাৰত তীব্ৰ খৰাংত জুৰুলা হৈছিল কৃষক। যাৰ কাৰনে কৃষকে কঠীয়াকে পাৰিব নোৱাৰিলে। শাওনত পৰিল বৰষুন । দুদিন ধাৰাষাৰ বৰষুন দিয়াৰ পিছত যোৱা ২০ জুলাইৰ পৰা হ'ল বান। এই বানত কৃষকে যি দুই এবিঘা মাটি ৰোপন কৰিছিল অথবা বাওঁ পেলাইছিল ;কঠীয়া সিঁচিছিল সেয়া সম্পূৰ্ণ ভাৱে নষ্ট হৈ যায়। কিন্তু প্ৰথমবাৰৰ পানী শুকাই নাযাওঁতেই পুনৰ নিশাৰী বাঢ়নী পানী ওপচি পৰিল নগাঁও আৰু হোজাই জিলাৰ কামপুৰ ;ডৱকা ৰাজহচক্ৰৰ বৃহৎ কৃষি ভূমি।
পথাৰৰ বাওঁধান ;ৰোৱা ;কঠীয়া নষ্ট হোৱাত মুৰে কঁপালে হাত দিছে কৃষকে।শাওঁন মাহ যাওঁ যাওঁ অৱস্থাত কামপুৰ ৰাজহচক্ৰৰ -কঠীয়াতলী মৌজাৰ কৃষক সকলে আগন্তক সময়বোৰত নিজৰ পেটৰ ভাত মুঠি যোগাৰ কৰাৰ বাবে চিন্তুিত হৈ পৰিছে।সেয়ে কৃষক সকলে চৰকাৰক তৎকালে ইয়াৰ এক ব্যৱস্থা ল'বৰ বাবে দাবী জনাইছে। এই সম্পৰ্কত কৃষক দুলাল বৰাই এনেদৰে মন্তব্য কৰে ;"বাওঁধান গ'ল।;পয়া গ'ল ;কঠীয়া পেলালো কঠীয়া গ'ল ;জীৱ -জন্তৰ অসুবিধা হৈছে মানুহৰ অসুবিধা ।এতিয়া শাওঁন মাহ গ'ল ভাদ মাহ পাব হি হ'ল;কঠীয়াৰ অভাৱ ।পানী আহে যায় আহে যায় ।"এতিয়া গৰু -গাই কেনেদৰে আছে বুলি সোধাত তেখেতে এনেদৰে মন্তব্য কৰে ;"গৰু -গাইক খেৰ কেইডালমান দিও সেয়াও ঢুকাব হ'ল।উপাই নাই পানীতে গছপাত কাটি খুৱাই আছো।চৰকাৰে কি দিব এবাৰ দানা কেইটামান দিলে শেষেই হ'ল। মই অকলে খেতি কৰিছিলো ১৬ বিঘা আৰু দুজনে মিলি ১০ বিঘা মাটিত খেতি কৰিছিলো। "বঢ়মপুৰ সমষ্টিৰে ভেলেউগুৰী পঞ্চায়তৰ পৰা আহি পটিয়াপাম গাঁৱৰ এঘৰ লোকৰ মাটি আধি লৈ খেতি কৰা কৃষক তলা গোৱালাই এনেদৰে মন্তব্য কৰে ;পানীটো বাঢ়ি গ'ল ;ইফালেও নহ'ল ;সিফালেও নহ'ল এতিয়া কি যে হ'ব;পানী আহি আছে ;গৈ আছে ;সোমাই আছে।
কঠীয়া কেইডালত পানী সোমাই গ'ল গেলি গ'ল।বাওঁ পেলাইছিলো ;বাওঁ ওখ হৈছিলে বাও গুছি গ'ল।পানী বাঢ়ি আছে ;সোমাই আছে । এইবাৰ খেতি কি হয় ঠিক নাই। ভাদ মাহ সোমালেই কি কৰিম।ৰুম বুলি ভাৱিছিলোহে, কঠীয়াকেইডাল অলপ ওলাইছিল হে , পানী আকৌ পালেহি।সৰু সৰু ল'ৰা ছোৱালী আছে খেতি নকৰিলে আমি চলিব নোৱাৰো।খেতিৰ ভৰষাত আমি চলি থাকো।পানী সোমাই গ'ল ।চাউলৰ যি দাম ।কিনি খাবই নোৱাৰি।চাউলৰ দাম চল্লিছ -পঞ্চাছ টকা ;চবজীৰ দাম ৫০/৬০ টকা ।" বস্তুৰ মূল্য বৃদ্ধিৰ ফলত আমাৰ নিচিনা কৃষকৰ হাহাঁকাৰ অৱস্হা। কি হব এতিয়া।