নগাঁও: নগাঁও জিলাত এগৰাকী ৰুগীয়া মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃতা মহিলাগৰাকী জ্যোৎস্না লস্কৰ বুলি জানিব পৰা গৈছে। তেওঁৰ মৃত্যুৰ পিছতে স্বামী তথা নগাঁও জিলা কৃষি বিভাগৰ কৰ্মচাৰী ৰজত বৰাৰ বিৰুদ্ধে শাৰীৰিক নিৰ্যাতন চলোৱাৰ লগতে হত্যাৰ অভিযোগ উত্থাপন কৰিছে মৃত মহিলাগৰাকীৰ পৰিয়ালে।

পৰিয়ালৰ অভিযোগ অনুসৰি, জ্যোৎস্না লস্কৰ দীৰ্ঘদিন ধৰি বৃক্কজনিত জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছিল। অসুস্থ হৈ থকাৰ সময়তো স্বামী ৰজত বৰাই নিয়মীয়াকৈ সুৰামত্ত অৱস্থাত আহি তেওঁক শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলাই আহিছিল বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ সদস্যসকলে।

পৰিয়ালৰ দাবী অনুসৰি, অসুস্থ অৱস্থাত থকা জ্যোৎস্নাৰ ওপৰত চলি থকা এই নিৰ্যাতনৰ ফলতেই তেওঁৰ স্বাস্থ্য অধিক অৱনতি ঘটে। বৃহস্পতিবাৰে তেওঁৰ মৃত্যু হোৱাৰ পিছতে ঘটনাটোক সহজভাৱে নলৈ স্বামী ৰজত বৰাৰ বিৰুদ্ধে হত্যাৰ অভিযোগ তুলি আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে পৰিয়ালে।

ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অভিযুক্ত ৰজত বৰা নগাঁও জিলা কৃষি বিভাগৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে।

ইফালে, আৰক্ষীয়ে পৰিয়ালৰ অভিযোগৰ ভিত্তিত ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। মৃত্যুৰ প্ৰকৃত কাৰণ জানিবলৈ আইনী প্ৰক্ৰিয়া অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰক্ষীৰ তদন্তৰ অন্ততহে ঘটনাটোৰ প্ৰকৃত তথ্য পোহৰলৈ আহিব।

মহিলাগৰাকীৰ পৰিয়ালক ধন দাৱী কৰিও নিৰ্যাতন চলাই অহা বুলিও অভিযোগ উত্থাপন কৰে মহিলাগৰাকীৰ ভাতৃয়ে। 

উল্লেখ্য যে, এই ঘটনাত উত্থাপিত অভিযোগসমূহ পৰিয়ালৰ দাবীৰ ভিত্তিত প্ৰকাশ কৰা হৈছে। আৰক্ষীৰ তদন্ত অব্যাহত আছে। এই পৰ্য্যন্ত অভিযুক্ত ৰজত বৰাই কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই।